ইমতিয়াজ আহমেদ / গুৱাহাটী
কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ বিখ্যাত প্ৰশিক্ষক প্ৰয়াত ৰমাকান্ত আচৰেকাৰে যিদৰে ক্ৰিকেট কিংবদন্তিৰ পুত্ৰ অৰ্জুনকো প্ৰশিক্ষণ দিয়াৰ সৌভাগ্য লাভ কৰিছিল, ঠিক তেনেকৈয়ে অসমৰ আচৰেকাৰখ্যাত নবাব আলীয়েও অসমৰ প্ৰাক্তন অধিনায়ক পৰাগ দাসৰ লগতে তেওঁৰ পুত্ৰ ৰিয়ান পৰাগকো গঢ় দিয়াৰ সৌভাগ্য অৰ্জন কৰিছিল। ৰিয়ান পৰাগ হৈছে অসমৰ পৰা টীম ইণ্ডিয়াত স্থান পোৱা প্ৰথমজন ক্ৰিকেটাৰ।
ক্ৰিকেট মহলত সকলোৱে মৰমেৰে নবাবদা বুলি মতা নবাব আলীয়ে হয়তো তেওঁৰ চমু ক্ৰিকেট কেৰিয়াৰত বেছি শতক অথবা অৰ্ধশতক অৰ্জন কৰিব পৰা নাছিল, কিন্তু অসমৰ লগতে দেশৰ ক্ৰিকেট ক্ষেত্ৰখনলৈ তেওঁ উপহাৰ দিয়া গুণগত ক্ৰিকেটাৰৰ সংখ্যাৰ ক্ষেত্ৰত তেওঁ নিশ্চিতভাৱে শতকতকৈ অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ক্ৰিকেট প্ৰশিক্ষণৰ বাবে জীৱন উচৰ্গা কৰা ‘ক্ৰিকেটৰ নৱাব’খ্যাত নবাব আলীয়ে ১৯৮৫ চনৰ পৰা অসমৰ হৈ খেলা প্ৰায়বোৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰৰ সৃষ্টি কৰিছে। ৫০ জনতকৈ অধিক প্ৰথম শ্ৰেণীৰ (ৰঞ্জী ট্ৰফী, দেওধৰ ট্ৰফী, দুলীপ ট্ৰফী আদি) খেলুৱৈ আৰু ১০০ জনৰো অধিক ৰাষ্ট্ৰীয় বয়স শাখাৰ বিভিন্ন প্ৰতিযোগিতাৰ খেলুৱৈ সৃষ্টি কৰি নবাব আলীয়ে অৱশেষত সেইদিনা প্ৰকৃত সফলতাৰ সোৱাদ লাভ কৰে, যেতিয়া ৰিয়ান পৰাগে টীম ইণ্ডিয়াৰ নীলা জাৰ্ছী পৰিধান কৰি খেলপথাৰত নামিছিল।
নবাব আলীয়ে কেৱল পৰাগ দাস আৰু ৰিয়ান পৰাগকে গঢ় দিয়া নহয়, তেওঁ অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ছৈয়দ জাকাৰিয়া জুফ্ৰি, নিশান্ত বৰদলৈ, বিশ্বজিৎ চৌধুৰী, গৌতম শৰ্মা, জাভেদ জামান আদিৰ দৰে ক্ৰিকেটাৰক প্ৰশিক্ষণ দিয়াৰ পিছত এতিয়া তেওঁলোকৰ দ্বিতীয় প্ৰজন্মৰ পুত্ৰকো লালন-পালন কৰি আহিছে।
এজন উদীয়মান খেলুৱৈক ক্ৰিকেটৰ আদিপাঠ শিকাইছে নবাব আলীয়ে
সদায় ফিট আৰু শান্ত স্বভাৱৰ ৬০ উৰ্ধৰ নবাবদা এনে এজন ব্যক্তি, যিয়ে অসমৰ পৰা জাতীয় দলত স্থান লাভ কৰা ক্ৰিকেটাৰ জন্ম দিয়াৰ অভিযানত নামি পৰাৰ পিছৰে পৰা কেতিয়াও কোনো ধৰণৰ বেমাৰৰ সন্মুখীন হোৱা নাই। ১৯৮৫ চনৰ পৰাই তেওঁ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ নামৰ এক প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছে আৰু কেতিয়াও এটা ছেছনো মিছ কৰা নাই।
১৯৭৮ চনত তেতিয়াৰ বিচিচিআই ইষ্ট জ’নৰ প্ৰশিক্ষক ইদুল বি আইবাৰা (Edul B Aibara)ৰ পৰা শিকি অহা কথাখিনিৰে ১৫ বছৰ বয়সতে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা আলীয়ে ১৯৮১-৮২ আৰু ১৯৮৩-৮৪ ছিজনত চি কে নাইডু ট্ৰফী স্কুল ক্ৰিকেট প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল। চমু ক্ৰিকেট কেৰিয়াৰত তেওঁ ১৯৮৪-ৰ পৰা ১৯৮৬ চনলৈ নুৰুদ্দিন ট্ৰফীৰ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত গুৱাহাটী জিলা দলক প্ৰতিনিধিত্ব কৰিছিল।
শৈশৱৰ পৰাই ক্ৰীড়া সংগঠন আৰু প্ৰশিক্ষণৰ প্ৰতি নবাবদাৰ বিশেষ আগ্ৰহ আছিল। সেয়ে তেওঁ ১৯৮৪ চনত অসমৰ ৰাজ্যিক ক্ৰীড়া পৰিষদে আয়োজন কৰা এক শিবিৰত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ অধীনত প্ৰশিক্ষণ লোৱাৰ পিছত প্ৰশিক্ষণৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে।
"শৰ্মা গুৱাহাটীৰ পৰা বদলি হোৱাৰ পিছত ১৯৮৫ চনৰ ভিতৰত নেহৰু ষ্টেডিয়ামৰ এটা চুকত এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ হৈছিল আৰু সেই প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ হোৱাৰ বাবেই মই কনিষ্ঠসকলক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিলোঁ।" - আৱাজ দ্য ভইচৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আলীয়ে কয়।
নবাব আলীৰ তত্ত্বাৱধানত নেহৰু ষ্টেডিয়ামত ক্ৰিকেটাৰ গঢ়াৰ কচৰত
১৯৯২ চনৰ পৰা ২০১৮ চনলৈকে দীৰ্ঘদিন ধৰি গুৱাহাটী ক্ৰীড়া সন্থাক সন্মুখৰ পৰা নেতৃত্ব দি তেওঁ এজন নিপুণ ক্ৰীড়া সংগঠক হিচাপেও পৰিচয় দিয়ে। তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰই পিছলৈ তেওঁৰ সমসাময়িক প্ৰয়াত আব্দুল ৰোব, ৰাতুল দাস, আশ্ৰাফুৰ ৰহিম (ৰাজু) আদিৰ সহায়ত পূৰ্ণাংগ প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপ লাভ কৰে আৰু ইয়াক গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ নামেৰে নামাকৰণ কৰা হয়।
বৰ্তমান ই বহু প্ৰতিভাৱান ক্ৰিকেটাৰৰ অন্যতম গ্ৰুমিং গ্ৰাউণ্ড। তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰৰ আৰম্ভণিৰ প্ৰায় ২৫-৩০ জন প্ৰশিক্ষাৰ্থীৰ ভিতৰত আছিল অসমৰ প্ৰাক্তন অধিনায়ক ৰাজিন্দৰ সিং, জাহিৰ আহমেদ আৰু বৰ্তমানৰ বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া আদি। আজি এই কেন্দ্ৰটোৱে ৩৫০ জনলৈকে প্ৰশিক্ষাৰ্থীক ক্ৰিকেটৰ প্ৰশিক্ষণ আগবঢ়াই আছে।
নবাবদাই গঢ় দিয়া কেইজনমান শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ ভিতৰত আছে ছৈয়দ জাকাৰিয়া জুফ্ৰি, আবু নাছিম আহমেদ, পৰাগ দাস, নিশান্ত বৰদলৈ, খনীন শইকীয়া, ৰিয়ান পৰাগ, মৃগেন তাকুকদাৰ, পলাশ জ্যোতি দাস, ছাদেক ইমৰান চৌধুৰী ইত্যাদি।
জাকাৰিয়াই ২০০২ চনত চেলেঞ্জাৰ ট্ৰফীত ইণ্ডিয়া 'বি'ৰ হৈ খেলিছিল, আৰু ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ খেলুৱৈ আবুৱে টীম ইণ্ডিয়াৰ বাবে নিৰ্বাচিত হোৱাৰ প্ৰাকমুহূৰ্তত বিচিচিআইৰ দ্বাৰা নিলম্বনৰ সন্মুখীন হৈছিল (যিহেতু তেওঁ ‘বিদ্ৰোহী’ ইণ্ডিয়ান ক্ৰিকেট লীগত অংশ লৈছিল)। আবুৰ পৰিৱৰ্তে ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ তেওঁৰ সতীৰ্থ বেগী বলাৰ ঈশান্ত শৰ্মাক নিৰ্বাচক মণ্ডলীয়ে ভাৰতীয় ছিনিয়ৰ দললৈ বাছনি কৰে।
এজন তৰুণ ক্ৰিকেটাৰক বেটিঙৰ কৌশল শিকাইছে নবাব আলীয়ে
"টীম ইণ্ডিয়াৰ হৈ জাকাৰিয়া, গৌতম দত্ত আৰু হেমাংগা বৰুৱা অৱহেলিত হোৱাৰ সময়ত মই যথেষ্ট হতাশ হৈছিলো, আৰু আবু নেচিমে ভাৰতৰ হৈ খেলিবলৈ নোপোৱাটোও আমাৰ সকলোৰে বাবে এক অবিশ্বাস্য ঘটনা আছিল। সেই সময়ত তেওঁ যথেষ্ট দুৰ্ভাগ্যবান আছিল।" - নবাব আলীয়ে কয়।
অৱশ্যে নৱাব আলীয়ে আশা প্ৰকাশ কৰে যে তেওঁৰ এগৰাকী পুৰণি প্ৰশিক্ষাৰ্থী দেৱজিৎ শইকীয়াই বি চি চি আইৰ সচিবৰ পদ গ্ৰহণ কৰাৰ পিছত ভৱিষ্যতে অসমৰ কোনো প্ৰতিভাৱান খেলুৱৈয়ে ভাৰতীয় দলত বাছনি হোৱাৰ ক্ষেত্ৰত পূৰ্বৰ দৰে দুৰ্ভাগ্যৰ সন্মুখীন নহ’ব।
"আমাৰ বহু প্ৰতিভাক পূৰ্বতে উপেক্ষা কৰা হৈছিল কাৰণ আমাৰ ৰাজ্যৰ ক্ৰিকেট প্ৰশাসকে বি চি চি আই পৰ্যায়ত খেলুৱৈসকলক আগুৱাই দিব পৰা নাছিল। কিন্তু, আজি মই একেবাৰে নিশ্চিত যে অসমে ভৱিষ্যতে কেতিয়াও এনে উপেক্ষাৰ সন্মুখীন নহয়। দেৱজিৎ শইকীয়া এজন দক্ষ প্ৰশাসক যাৰ বিচিচিআই আৰু আইচিচিলৈ আৰোহণ অসমৰ ক্ৰিকেটৰ বাবে এক আশীৰ্বাদ। বি চি চি আইত তেওঁৰ উপস্থিতিয়ে অসমক বহুখিনি সহায় কৰিছে। অদূৰ ভৱিষ্যতে তেওঁ আই চি চিৰ মুৰব্বী হ’ব বুলি মই আশা কৰিছো।" - নবাবদাই কয়।
বছৰৰ পিছত বছৰ ধৰি এইদৰে ক্ৰিকেটাৰ গঢ়া অভিযান অব্যাহত ৰাখিছে নবাব আলীয়ে
আবু, মৃগেন, পলাশ আৰু খনীনে ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ জাৰ্ছী পৰিধান কৰাৰ বিপৰীতে ছাদেকে ২০০১ চনত ভাৰতৰ ১৭ বছৰ অনুৰ্ধ দলৰ হৈ খেলিছিল। নেহৰু ষ্টেডিয়ামত প্ৰশিক্ষণ কেন্দ্ৰ চলোৱা সন্দৰ্ভত আলীয়ে কয়, "যিহেতু নেহৰু ষ্টেডিয়ামত সদায় বিভিন্ন খেল চলি থাকে, আৰু ই এসময়ত চহৰখনৰ একমাত্ৰ উপলব্ধ ক্ৰীড়া আন্তঃগাঁথনি আছিল, গতিকে আমি বহু কথা ইফাল-সিফাল কৰি চলিবলগীয়া হৈছিল। অৱশ্যে আমি সদায় অসমৰ ক্ৰীড়া ব’ৰ্ড আৰু অসম ক্ৰিকেট সন্থাকে ধৰি সকলোৰে পৰা যথেষ্ট সহযোগিতা পাই আহিছো, আৰু আমিও বিচাৰো যে আন ক্ৰীড়াৰো উন্নতি হওক।”
উল্লেখ্য যে, নবাব আলীৰ অধীনত প্ৰশিক্ষণ ল'বলৈ কেৱল গুৱাহাটীৰ পৰাই নহয়, সুদূৰ শিৱসাগৰ, চৰাইদেউ, নাজিৰা, ডিব্ৰুগড়, শিলচৰ, ধুবুৰী আদিৰ পৰাও প্ৰশিক্ষাৰ্থী আহি তেওঁৰ অধীনত প্ৰশিক্ষণ ল’বলৈ ভিৰ কৰে।