বানু মুস্তাকৰ 'হাৰ্ট লেম্প' আৰু হান কাঙৰ 'দ্য ভেজেটেৰিয়ান': নাৰীৰ শৰীৰ এখন যুদ্ধক্ষেত্ৰ

Story by  atv | Posted by  [email protected] • 1 d ago
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰাৰ সময়ত ভাৰতীয় লেখিকা বানু মুস্তাক (বাঁওফালে)
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰাৰ সময়ত ভাৰতীয় লেখিকা বানু মুস্তাক (বাঁওফালে)
 
ড০ শৰৎ বৰকটকী 

২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা ভাৰতীয় লেখিকা বানু মুস্তাকৰ  চুটিগল্প সংকলন 'হাৰ্ট লেম্প' আৰু ২০২৪ চনৰ সাহিত্যত ন'বেল বঁটা লাভ কৰা দক্ষিন কোৰিয়াৰ লেখিকা হান কাঙৰ উপন্যাস 'দ্য ভেজেটেৰিয়ান'- এই দুয়োখনেই নাৰীৰ জীৱনক লৈ লিখা অনন্য গ্ৰন্থ।
 
কিতাপ দুখনৰ বিষয়ে আলোচনা কৰিলে দেখা যায় যে এছিয়া  মহাদেশৰ  দুটা প্ৰান্তৰ অধিবাসী হৈয়ো চাক্ষুস পৰিচয় অবিহনেও নাৰীৰ জীৱনত চলি থকা মানসিক নিৰ্যাতন, হৃদয় জোকাৰি যোৱা খং- ক্ষোভ, বিদ্ৰোহ, পুৰুষ কেন্দ্ৰিক সমাজৰ আধিপত্যৰ বিৰুদ্ধে অতিশয় বিচক্ষণতাৰে কেতিয়াবা কাব্যিক বৰ্ণনাৰে, কেতিয়াবা সাৱলীল গদ্যৰে প্ৰতিবাদ কৰিছে। দুয়োগৰাকী লেখিকাই নাৰীৰ অধিকাৰ বিচাৰি বিফল সন্মুখীন হোৱা যন্ত্ৰণা আৰু মনোবেদনা প্ৰকাশ কৰিছে।
 
'হাৰ্ট লেম্প' আৰু 'দ্য ভেজেটেৰিয়ান'ৰ কাহিনীৰ ৰূপ, শৈলী আৰু সাংস্কৃতিক পৰিৱেশৰ পাৰ্থক্য থাকিলেও দুয়োখন গ্ৰন্থত পিতৃতান্ত্রিক সমাজৰ আধিপত্যৰ বিৰুদ্ধে শক্তিশালী ভাষাত প্ৰকাশ কৰিছে। বানু মুস্তাকে বাস্তৱবাদ আৰু সক্ৰিয়তাৰ জৰিয়তে নিস্তব্ধসকলক কণ্ঠদান কৰাৰ  প্ৰয়াস কৰিছে। অন্যহাতে হান কাঙে অতিবাস্তৱবাদ আৰু মানসিক গভীৰতা, নাৰীৰ স্বকীয় পৰিচয়ৰ ভংগুৰতাক অন্বেষণ কৰিছে।  
 
বানু মুস্তাক আৰু তেওঁৰ অমৰ সৃষ্টি 'হাৰ্ট লেম্প'
 
বানু মুস্তাকৰ 'হাৰ্ট লেম্প' কেৱল এগৰাকী মহিলা বা গাঁৱৰ কাহিনী নহয়, বৰং ইয়াত প্ৰতিফলিত হৈছে শতিকাজুৰি চলি অহা পিতৃতান্ত্রিক অত্যাচাৰৰ বিৰুদ্ধে এক মানসিক বিদ্ৰোহ।  'হাৰ্ট লেম্প'ৰ গল্প সমূহে অগণন মহিলাৰ সামূহিক পৰিচয়ক প্ৰতিনিধিত্ব কৰে—মৰুভূমিৰ পৰা আৰম্ভ কৰি চহৰৰ ঘৰলৈকে—যাৰ কণ্ঠ পৰম্পৰা, লাজ আৰু বশৱৰ্তী হোৱাৰ ফলত স্তব্ধ হৈ পৰিছে। বানু মুস্তাক তৰোৱাল লোৱা  বিদ্ৰোহী নহয়, তেওঁ মৌনতা, সপোন, দুখ-কষ্ট কলমেৰে  প্ৰকাশ কৰা প্ৰজ্বলিত শিখা য'ত নাৰীৰ হৃদয়খনেই হৈছে পোহৰ ,আধিপত্য আৰু কৰ্তব্যৰে সৈতে পৃথিৱীখনত জীয়াই থকাৰ একমাত্ৰ উৎস।
 
'হাৰ্ট লেম্প' ৰ প্ৰথম গল্প “শয়স্ত মহলৰ বাবে শিল” (Stone slabs for Shaista Mahal)ত বানু মুস্তাকে পাহৰনিত হেৰাই যোৱা নাৰী, ধূসৰপ্ৰায় স্মৃতি আৰু ক্ষমতাৰ অদম্য স্থাপত্যৰ এক গীতিময় কাহিনী অনুৰণিত হৈছে। কাহিনীটো শয়স্ত মহলৰ আশে-পাশে ঘূৰি আছে, ই মাৰ্বল আৰু দাপোনৰ ৰাজপ্ৰসাদ নহয়, বৰং নাৰীৰ শোক, সহনশীলতা, মৌনতাৰে গঢ় লোৱা পৌৰাণিক স্মৃতিসৌধ।
 
এগৰাকী প্ৰিয় ৰাণীক অমৰ কৰি তোলাৰ বাবেই সৃষ্টি হৈছিল তাজমহল। কিন্তু ইয়াৰ বিপৰীতে শয়স্ত মহল প্ৰেমৰ বাবে নহয় — হেৰুৱাৰ বেদনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ৰূপক হিচাপে কাহিনীটোৱে কেৱল শিলৰ কথাই নহয় — নাৰীয়ে কি কঢ়িয়াই লৈ ফুৰে, মনৰ ভিতৰত সংগোপনে কি লুকুৱাই ৰাখে আৰু নীৰৱতাৰ ভাষাৰে তাক সুন্দৰ ভাৱে প্ৰতিফলন ঘটাইছে।
 
গল্পটোত নাৰীৰ সম্পৰ্কে কোৱা হৈছে "Suppose there comes a situation Where the husband's body is full of sores, with pus and blood oozing out from them,it is said even if the wife uses her tongue to lick these wounds clean,she will still not be able to completely repay the debt she owes him'. 
 

সাহিত্যত ন'বেল বঁটা লাভ কৰা দক্ষিন কোৰিয়াৰ লেখিকা হান কাঙৰ উপন্যাস 'দ্য ভেজেটেৰিয়ান'
 
"এনেকুৱা এটা পৰিস্থিতি আহিব যে স্বামীৰ শৰীৰত ঘাঁৰে ভৰি থাকে, তাৰ পৰা পূঁজ আৰু তেজ ওলাই থাকে, কোৱা হয় যে জিভাখন ব্যৱহাৰ কৰি এই ঘাঁবোৰ পৰিষ্কাৰকৈ চেলেকিলেও পত্নীয়ে স্বামীৰ ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰিব নোৱাৰে।"
 
অথচ পত্নীয়ে  জিভাখনেৰে স্বামীৰ ঘাঁবোৰ পৰিষ্কাৰকৈ চেলেকিব  নে নাই সেয়া তাইৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ পিছৰ শাৰীত আকৌ কোৱা হৈছে  পত্নী হৈছে স্বামীৰ বাধ্য দাস(Obedient servant), বন্ধকত থকা শ্ৰমিক।গল্পটোত এই  শাৰীবোৰৰ  মাজত নাৰীৰ মানসিক যন্ত্ৰণা এনে কাব্যিক সুৰত প্ৰকাশ কৰা হৈছে যে তাৰ কৰুণ সুৰ আৰু প্ৰতীকী সমৃদ্ধিয়ে পাঠকক আলোড়িত কৰে।
 
কাব্যিক চিত্ৰকল্পৰ জৰিয়তে বানু মুস্তাকে পুৰুষসুলভ উত্তৰাধিকাৰক সমালোচনা কৰিছে। শয়স্ত মহল হৈ পৰে এক নাৰীবাদী স্মৃতিসৌধ, অদৃশ্য কিন্তু আত্মাত চিৰন্তন। সেইসকল মহিলাৰ নাম কেতিয়াও পাঠ্যপুথিৰ কাহিনীত লিপিবদ্ধ নহয়। গল্পটোৰ নায়িকাগৰাকী ৰত্ন বা গ্ৰেনাইটৰ মাজত প্ৰতিপালিত হোৱা নাছিল। বৰং সাধাৰণ শিলগুটি, ভগ্ন আৰু খণ্ডিত ইটাবোৰে তেওঁৰ একালৰ ঘৰুৱা যন্ত্ৰণা, সন্তান জন্ম দিয়াৰ চিঞৰ, অথচ  ক্ষত বিক্ষত হৃদয়ৰ মৌন যন্ত্ৰণাৰ সাক্ষী হৈ আছিল।

গল্পটোত সংগ্ৰহ কৰা প্ৰতিটো শিলেই এটা ইতিহাস বহন কৰে: উলংঘিত আস্থা, মচি পেলোৱা কামনা যিয়ে কেতিয়াও গুৰুত্ব পোৱা নাই। হৃদয়ৰ এটা সিদ্ধান্ত(A dicision of the heart) গল্পত পৰম্পৰা আৰু আভ্যন্তৰীণ সত্যৰ মাজত  গল্পৰ নায়িকা এক নীৰৱ সংযোগস্থলত থিয় হৈ থাকে।  বছৰ, বছৰ ধৰি আকিলা গভীৰ পিতৃতান্ত্রিক পৃথিৱীৰ আশাৰ ভিতৰত বাস কৰি আহিছে — য’ত আজ্ঞাবহতাক প্ৰেম বুলি মোহৰ লগোৱা হয় আৰু মৌনতাক শান্তি বুলি ভুল কৰা হয়।

ক্ষমতা আৰু  আনৰ সম্পত্তি লাভ কৰি  শক্তিশালী হৈ পৰা  স্বামী এটা সময়ত অসুস্থ হৈ পৰে — তেওঁৰ শৰীৰটো আক্ষৰিক আৰু প্ৰতীকী দুয়োটা ঘাঁৰে আবৃত। পৰিয়াল আৰু গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘোষণা কৰে যে তেওঁৰ ক্ষয়ৰ মাজেৰেও তেওঁৰ সেৱা কৰাটোৱেই তাইৰ ভূমিকা আছে। "হৃদয়ৰ এটা সিদ্ধান্ত” গল্পটোত নাৰীৰ মৌনতাৰ  মাজেৰে এক প্ৰতিৰোধ শক্তি প্ৰকাশ  কৰিলেও গল্পকাৰ গৰাকীয়ে গল্পৰ  নায়িকাৰ জৰিয়তে ঘৃণা বাছি লোৱা নাই;  বৰং সত্যক বাছি লৈছে।
 
নিষ্ঠুৰতাৰ বাবে নহয়, নিজৰ প্ৰতি থকা গভীৰ, আৱশ্যকীয় প্ৰেমৰ বাবেই তাই  অসুস্থ স্বামীৰ বিচনাৰ ওচৰৰ পৰা আঁতৰি যায়। তাইৰ লেম্পটো নুমাই নাযায়—ই অধিক উজ্জ্বলভাৱে জ্বলি উঠে। কৰ্তব্যতকৈ মৰ্য্যদা আদৰিবলৈ সাহস কৰিলে আনৰ বাবেও বাট পোহৰাই তোলে। 
 
দক্ষিন কোৰিয়াৰ লেখিকা হান কাং
 
"এবাৰ নাৰী হওক, অ' প্ৰভু"(Be a woman once,oh Lord!) গল্পটোত বানু মুস্তাকে কাহিনীৰ  মাজত আংশিকভাৱে প্ৰাৰ্থনা, আংশিক ভাবে নাৰীৰ বঞ্চিত জীৱনৰ চিত্ৰ তুলি ধৰিছে।"এবাৰ নাৰী হওক, অ' প্ৰভু"  গল্পটো হৈছে গদ্য আৰু পদ্য, মিথ আৰু স্মৃতিৰ মাজৰ ৰেখাডাল ম্লান কৰি তোলা এক গীতিময় একক কথন, কিয়নো এগৰাকী নাৰীয়ে  স্বৰ্গৰ পৰা নহয়, নাৰীত্বৰ দুৱাৰমুখৰ পৰাই জীৱন অনুভৱ কৰিবলৈ ঈশ্বৰক আহ্বান জনায়।
 
মূলতে, “এবাৰ নাৰী হওক, অ’ প্ৰভু” হৈছে এক নিষ্পাপ বিদ্ৰোহ — বিচাৰৰ  বাবে নহয়, কিন্তু মূৰ্ত সহানুভূতিৰে নাৰীৰ   হৃদয় খন বুজিবলৈ ঈশ্বৰৰ প্ৰতি ই এক আকুল আমন্ত্ৰণ।  এই  আহ্বান ঈশ্বৰক নিন্দা কৰাৰ নহয়, আকাংক্ষাৰ কাহিনী — এনে এখন পৃথিৱীৰ বাবে হাহাকাৰ কৰি  থকা নাৰীৰ পৰা য’ত ঈশ্বৰেও হয়তো শিকিব পাৰে, এবাৰৰ বাবে যেন ঈশ্বৰ নাৰী হয় আৰু অনুধাৱন কৰিব পাৰে নাৰীৰ জীৱনৰ জটিলতা। গল্পটোত নাম নথকা অথচ সাৰ্বজনীন কথকে তিক্ততাৰে নহয়, শতিকাজোৰা ত্যাগৰ পৰা ক্লান্ত হৃদয়েৰে কথা কয়। 
 
'হাৰ্ট লেম্প' ত গল্পকাৰ গৰাকীয়ে কেতিয়াবা কোৰানৰ পৰা, কেতিয়াবা ৰামায়ণ আৰু মহাভাৰতৰ পৰা উদাহৰণ লৈছে। বানু মুস্তাকে 'হাৰ্ট লেম্প 'ত বিশ্বাসক আঘাত কৰা নাই।  বিশ্বাসৰ অনুশীলনৰ ভিত্তিত নিহিত স্তৰ,বৃত্ত বোৰক প্ৰত্যাহ্বান জনাইছে, য’ত দীৰ্ঘদিন ধৰি ঐশ্বৰিক কণ্ঠ বুলি  পুৰুষৰ চকুৰ দ্বাৰা গঢ় দিয়া হৈছে আৰু পুৰুষৰ শক্তিক সমৰ্থন কৰা হৈছে।
 
গভীৰভাৱে ৰূপকৰ  জৰিয়তে কাহিনীবোৰ আধ্যাত্মিক আজ্ঞাকাৰীতাৰ লিংগভিত্তিক  আৰু নাৰীৰ  মৌনতাক পবিত্ৰ বুলি ভাবি থকা কথাবোৰ উন্মোচন কৰিছে। গল্পকাৰ মুস্তাকে দেখুৱাইছে যে এই মৌনতাৰ আঁৰত আছে অপৰিসীম মানসিক উত্তেজনা— বিশ্বাসঘাতকতা, লাজ, বিভ্ৰান্তি আৰু নীৰৱে জগাই  তোলা প্ৰতিৰোধৰ শিখা।  কাহিনীবোৰে প্ৰকাশ কৰিছে কেনেকৈ সহনশীলতা শক্তিৰ উৎসৰ লগতে  আভ্যন্তৰীণ দুখৰ কাৰণ  হ’ব পাৰে।
 
অন্যহাতে হান কাঙৰ 'দ্য ভেজেটেৰিয়ান' হৈছে এগৰাকী নাৰীৰ মানসিক বিচ্ছিন্নতা আৰু অস্তিত্বৰ ৰূপান্তৰলৈ অৱতৰণৰ এক অন্বেষণ।  উপন্যাসখনৰ মূলতে আছে পিতৃতান্ত্রিক প্রত্যাশা, সমাজৰ নীতি-নিয়ম, আৱেগিক দমনৰ হেঁচাত থকা নাৰীৰ মনোজগতৰ বিশাল  আৰু গভীৰ পৃথিৱী এখন ৷
 
ইয়ং-হাইৰ চৰিত্ৰটোৰ জৰিয়তে হান কাঙে সকলো ধৰণৰ হিংসাক নাকচ কৰিবলৈ বাচি লোৱা এগৰাকী নাৰীৰ ভিতৰৰ জগতখন উন্মোচন কৰে। মাংস খাবলৈ অস্বীকাৰ কৰাৰ পৰাই আৰম্ভ হয় কাহিনী ।ইয়ং-হাইয়ে নিৰামিষভোজী হোৱাৰ প্ৰাৰম্ভিক সিদ্ধান্ত মতাদৰ্শ বা স্বাস্থ্যৰ দ্বাৰা পৰিচালিত নহয়, বৰঞ্চ পশু বধৰ সৈতে জড়িত এক বিৰক্তিকৰ সপোনৰ দ্বাৰাহে।  চৌপাশৰ লোকসকলৰ সৈতে মৌখিকভাৱে মুখামুখি হোৱাতকৈ তেওঁ নিজেই আঁতৰি যায়—পত্নী, কন্যা আৰু ভগ্নী হিচাপে। আত্মত্যাগৰ দাবী কৰা পৃথিৱীখনত ইয়ং-হাইৰ মৌনতাই তেওঁৰ আটাইতকৈ আমূল অস্ত্ৰ হৈ পৰে।
 
উপন্যাসখনৰ পৰা অনুমান কৰিব পাৰি যে ইয়ং-হেইয়ে নিজৰ ইচ্ছা, আৱেগ আৰু ব্যক্তিত্বক দমন কৰি জীৱনটো কটায়।  পিতৃতান্ত্রিক পৰিয়ালত ডাঙৰ-দীঘল হোৱা আৰু  উপযুক্ত বুলি ভবা পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ইয়ং-হায়েৰ পৰিচয় আনৰ দ্বাৰা গঢ় লৈ উঠিছে।
 
তেওঁ নিৰামিষভোজী হোৱাৰ সিদ্ধান্ত আৰু পিছলৈ  খোৱা সম্পূৰ্ণৰূপে এৰি দিয়া কাহিনীটোত  সমাজ খনে জাপি দিয়া পৰিচয়ৰ প্ৰতীকী প্ৰত্যাখ্যান।  উপন্যাসৰ নায়িকা ইয়ং-হাইৰ মানসিক যাত্ৰা তেওঁৰ শৰীৰৰ লগত ওতপ্ৰোতভাৱে জড়িত। খাদ্যাভ্যাস, ওজন কমি যোৱা আৰু শেষত তেওঁ উদ্ভিদলৈ ৰূপান্তৰিত হোৱা বুলি বিশ্বাস কৰাটোৱে মানৱ সমাজৰ পৰা গভীৰ বিচ্ছিন্নতা আৰু নিৰীহ, অহিংস অস্তিত্বলৈ ঘূৰি অহাৰ ইচ্ছাক প্ৰতিফলিত কৰে।
 
কাহিনীৰ  নায়িকাৰ ৰূপান্তৰ কেৱল শাৰীৰিক নহয়, আধ্যাত্মিক;মানৱ নিষ্ঠুৰতাৰ পৰা আঁতৰি উদ্ভিদগত অৱস্থাৰ দিশে গতি কৰে ।  মানসিকভাৱে ই আঘাতৰ প্ৰতিক্ৰিয়া প্ৰতিফলিত কৰে, য’ত শৰীৰটো নিয়োজিত হোৱাতকৈ পলায়নৰ স্থান হৈ পৰে। ইয়ং-হাইৰ অন্তৰ্জগতখন বেছিভাগেই আনৰ চকুৰে প্ৰকাশ পায়— তেওঁৰ স্বামী, ভায়েক আৰু ভনীয়েক। স্বামীয়ে তেওঁক  এগৰাকী বিকল পত্নী হিচাপে লয়। কেৱল ভনীয়েক ইন-হাইয়েই ইয়ং-হাইৰ যন্ত্ৰণা বুজি পাবলৈ আৰম্ভ কৰে আৰু উপলব্ধি কৰে যে তেওঁৰ বিদ্ৰোহ আৱেগিক নিৰ্যাতন আৰু অৱহেলাৰ দীৰ্ঘ ইতিহাসৰ পৰাই উদ্ভৱ হৈছে।
 
বানু মুস্তাকৰ হাৰ্ট লেম্প গ্ৰন্থৰ বেটুঁপাত 
 
ইয়ং-হাইৰ মানসিক অৱনতিৰ ফলত এটা মূল প্ৰশ্ন উত্থাপন হৈছে, সেইয়া  হৈছে তেওঁ মানসিকভাৱে অসুস্থ নেকি, নে উন্মাদ পৃথিৱীত তেওঁৱেই একমাত্ৰ সচেতন ব্যক্তি ? গতানুগতিক মানদণ্ডত তেওঁৰ সিদ্ধান্তবোৰ অযুক্তিকৰ। তথাপিও ইয়াত গভীৰ নৈতিক আৰু আৱেগিক স্পষ্টতা প্ৰতিফলিত হয়। হিংসা অবিহনে তেওঁ জীয়াই থাকিব বিচাৰে, মানুহৰ অস্তিত্বৰ নিষ্ঠুৰতাৰ পৰা সাৰি যাব বিচাৰে।
 
হান কাঙে কেতবোৰ অস্পষ্টতাক অমীমাংসিত কৰি ৰাখিছে। বানু মুস্তাকৰ হাৰ্ট লেম্প হৈছে সমসাময়িক ভাৰতীয় সমাজৰ প্ৰান্তীয় মহিলাসকলৰ—বিশেষকৈ মুছলমান আৰু দলিত মহিলাসকলৰ—মানসিক জীৱনক আলোকিত কৰা এক চুটিগল্প সংকলন।  এগৰাকী উকীল আৰু কৰ্মী হিচাপে অভিজ্ঞতাৰ পৰা আঁত ধৰি মুস্তাকে কেৱল মহিলাসকলে সন্মুখীন হোৱা বাহ্যিক অত্যাচাৰেই নহয় বৰং তেওঁলোকে বাস কৰা জটিল আভ্যন্তৰীণ জগতখনকো চিত্ৰিত কৰিছে।  
 
হান কাঙে লিংগ হিংসা আৰু সমাজৰ অনুকূলতাৰ আৱেগিক আৰু মানসিক ক্ষতিৰ  বশৱৰ্তী হোৱাৰ পৰা নীৰৱ বিদ্ৰোহলৈ, আধিপত্য আৰু দমনৰ  যাত্ৰাটোক ইয়ং-হাইৰ জৰিয়তে এক ৰূপক হিচাপে ডাঙি ধৰিছে। ইয়ং-হাইৰ মৌনতাই এনে এখন পৃথিৱী উন্মোচন কৰে য’ত নাৰীৰ মনক তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰৰ শক্তিৰ দ্বাৰা গঢ় দিয়া হয়। ইয়ং-হাইৰ জৰিয়তে হান কাঙে নাৰীৰ মানসিক স্বাধীনতাৰ সংগ্ৰামৰ ওপৰত এক বলিষ্ঠ  কাহিনী উপস্থাপন কৰিছে। সেই কাৰণেই এয়া অনন্য আৰু অতুল্য হৈ উঠিছে।

(লেখক নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ)