গুৱাহাটীত হজৰত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মানৰ দাবী অসমীয়া মুছলমানৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
হজৰত আজান পীৰৰ দৰগাহ
হজৰত আজান পীৰৰ দৰগাহ
 
গুৱাহাটী
 
হজৰত আজান পীৰ চাহেবৰ স্মৃতি সংৰক্ষণ সমিতি, অসমৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্রেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। 
 
সমিতিৰ সভাপতি চৈয়দ আব্দুৰ ৰচিদ আহমেদে সভাপতিত্ব কৰা এই অধিৱেশনত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে হাইদৰ হুছেইন আৰু লেখক ময়ূৰ বৰাই৷ দুয়োগৰাকী আমন্ত্রিত অতিথিয়ে সাম্প্রতিক সময়ত আজান পীৰ চাহাবে জিকিৰৰ মাজেৰে দিয়া সমন্বয়ৰ বাৰ্তাৰ প্রয়োজনীয়তাৰ বিষয়ে বক্তব্য আগবঢ়ায়। 
 
হজৰত আজান পীৰ চাহেবৰ স্মৃতি সংৰক্ষণ সমিতি, অসমৰ তৃতীয় বাৰ্ষিক অধিৱেশনখনত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত জিকিৰ পৰিবেশন কৰিছে জিকিৰ শিল্পী আজিমুদ্দিন আহমদ, ফাইজুৰ ৰহমান আৰু অন্যান্য শিল্পীৰ এটা দলে
 
সমিতিৰ সভাপতিয়ে জনোৱা অনুসৰি,  ইতিমধ্যে হজৰত আজান পীৰ চাহেবৰ সংৰক্ষণ সমিতিৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক হজৰত আজান পীৰ কলাক্ষেত্র' এখন নিৰ্মাণ কৰিবলৈ গুৱাহাটীৰ ভিতৰত অলপ মাটি দিবলৈ আবেদন জনাইছে। এইক্ষেত্ৰত চৰকাৰে  উচিত পদক্ষেপ গ্রহণ কৰিব বুলি তেওঁলোক আশাবাদী। 
 
অধিৱেশনত আদৰণী ভাষণ প্ৰদান কৰিছে চৈয়দ মীৰ মমতাজ হুছেছ্নে, উদ্দেশ্য ব্যাখ্যা আৰু বছৰেকীয়া প্ৰতিবেদন পাঠ কৰিছে সমিতিৰ সচিব প্রধান চৈয়দ মহম্মদ বাকিৰে। চৈয়দ হাছিনুৰ ৰহমান, ছৈয়দ হানাৰ ৰহমান, ৰিজাউল কেৰিম আদিয়ে অনুষ্ঠানত তেওঁলোকৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়। 
 
আজান পীৰ দৰগাহৰ ছবি
 
চৈয়দ আহচানোৰ ৰহমানে শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানত জিকিৰ পৰিবেশন কৰিছে জিকিৰ শিল্পী আজিমুদ্দিন আহমদ, ফাইজুৰ ৰহমান আৰু অন্যান্য শিল্পীৰ এটা দলে।
 
উল্লেখ্য যে, আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমান উভয়ে ধৰ্মালম্বী লোকসকলৰ চিৰযুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক দৰগাহ। এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৯-২০ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে।
 
উল্লেখ্য যে আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত এতিয়াও দেখিবলৈ পোৱা যায়। বাহিৰত এটা গড় আৰু গড়টোৰ ভিতৰত আৰু এটা সৰু গড় আছে। এই  গড়টোৰ সোঁমাজতে এটা মছজিদ আৰু ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে। মছজিদৰ পৰা অলপ আঁতৰত এটা ওখ আৰু আহল-বহল কবৰ আছে। এই কবৰটোকে আজান পীৰৰ কবৰ বুলি প্ৰবাদ আছে। পিছলৈ কবৰটো পুনৰ নিৰ্মাণ কৰা হৈছে। মঠটোৰ ভিতৰত এজোপা শৰা গছ আছে। জনবিশ্বাস আছে যে, এই গছজোপাৰ তলতে আজান পীৰ চাহাবে তেওঁৰ সঙ্গীসকলৰ সৈতে একেলগে জিকিৰ  পৰিবেশন কৰিছিল, জিকিৰ ৰচিছিল আৰু চৰ্চা কৰিছিল। পিছলৈ এইজোপা শৰা গছৰপৰাই এই ঠাইখনিৰ নাম হ’লগৈ শৰাগুৰি চাপৰি।
 
হজৰত আজান পীৰ চাহেবৰ স্মৃতি সংৰক্ষণ সমিতি, অসমৰ তৃতীয় বাৰ্ষিক অধিৱেশনখনত উপস্থিত ৰাইজ 
 
আজান পীৰ চূণপোৰাত থকা কালতে আহোম ৰজাই শৰাগছৰ এজোপাৰ ১০০ বিঘা ভূমি দান কৰি এটা গড় বন্ধাই দিছিল। ইয়াতে পীৰ চাহাবে আশ্ৰম পাতিছিল। হজৰত পীৰৰ মৃত্যু কেতিয়া হৈছিল সেই বিষয়ে নিশ্চিত তথ্য উপলব্ধ নাই। শৰাগুৰি চাপৰিৰ কাষত তেওঁৰ কবৰ আছে বুলি বিশ্বাস কৰি মুছলমান ধৰ্মীসকলে তেওঁক দৰ্শন কৰি আহিছে। তেওঁৰ সমাধিস্থলটো হিন্দু-মুছলমানৰ সকলো ধৰ্মৰ্লোকৰে মিলন ভূমি বুলি কোৱা হয়। গোটেই বছৰ দিখৌ মুখৰ ঘাটেদি তেওঁৰ দৰগাহলৈ অসংখ্য লোকৰ সমাগম ঘটে।