Fri May 02 2025 1:37:59 AM
  • Follow us on
  • Subcribe

বীৰ লাচিত বৰফুকন: বিশাল মোগল সাম্ৰাজ্যৰ পতনত অৰিহণা যোগোৱা উত্তৰ-পূবৰ প্ৰথমজন ৰাষ্ট্ৰীয় নায়ক

Story by  atv | Posted by  Munni Begum • 1 Years ago
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত লাচিত স্মাৰক
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত লাচিত স্মাৰক
 
  সুনীল পৱন বৰুৱা
 
মধ্যযুগীয় ভাৰতীয় ইতিহাসত কেইবাজনো উৎকৃষ্ট ব্যক্তিত্বৰ কথা উল্লেখ আছে। এই ব্যক্তিসকলে দেশৰ বিভিন্ন প্ৰান্তত আঞ্চলিক স্বায়ত্ত্ব শাসন আৰু সাংস্কৃতিক স্বাধীনতা সংৰক্ষণৰ বাবে দিল্লীত নতুনকৈ স্থাপিত মোগল শক্তিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল।
 
মহাৰাণা প্ৰতাপ, ছত্ৰপতি শিৱাজীৰ দৰে কেইগৰাকীমান ব্যক্তিত্বই ৰাষ্ট্ৰীয় নায়ক হিচাপে দেশবাসীৰ পৰা স্বীকৃতি লাভ কৰিছে। উত্তৰ-পূব ভাৰতৰ আহোম ৰাজ্যৰ সেনাপতি লাচিত বৰফুকনেও ৰাষ্ট্ৰীয় ইতিহাসত একে স্থান দখল কৰিছিল। লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বীৰত্বই আজিও ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণক তেওঁলোকৰ দেশৰ মান ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। 
 
প্ৰসিদ্ধ আহোম পৰিয়ালত জন্ম গ্ৰহণ কৰা লাচিত বৰফুকনে তেওঁৰ মাতৃভূমিৰ সংকটৰ সময়ত বীৰত্বপূৰ্ণ কাম সম্পাদন কৰিব বিচাৰিছিল। লাচিত বৰফুকন আহোম ন্যায়ালয়ৰ উচ্চ পৰ্যায়ৰ মন্ত্ৰী মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ আছিল। বৰবৰুৱা অসমৰ সেই সময়ছোৱাত এক নিখুঁত প্ৰশাসনিক ব্যৱস্থা আৰু সমাজ ব্যৱস্থা গঢ়ি তোলাৰ বাবে দায়বদ্ধ আছিল। স্বাভাৱিকতে ডেকা লাচিতে তেওঁৰ প্ৰসিদ্ধ পিতৃৰ জীৱনৰ পৰা যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিল আৰু তেওঁ পশ্চিমৰ পৰা অহা শক্তিশালী বিদেশীৰ আক্ৰমণৰ পৰা আহোম ৰাজ্যৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ ব্ৰতী হৈছিল। 
 
বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে যোৱা বৰ্ষত লাচিত বৰফুকনৰ প্ৰতিচ্ছবি মুকলি কৰিছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰাক্তন ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
 
১৩ শতিকাৰ প্ৰথমাৰ্ধত উজনি অসমত আহোম ৰাজ্য স্থাপন কৰা হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে ৰাজ্যখন সম্প্ৰসাৰিত হৈছিল। পশ্চিমৰ পৰা হোৱা মুছলমানৰ আক্ৰমণো একে সময়তে আৰম্ভ হৈছিল আৰু এই আক্ৰমণ সপ্তদশ শতিকাৰ শেষভাগলৈ প্ৰায় চাৰিশ বছৰ ধৰি অব্যাহত আছিল। অৱশ্যে, এই ৰাজ্যখনে স্থায়ী ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ ব্যৰ্থ হৈছিল, যদিও বিশ্বৰ সৈতে এক নতুন সামাজিক-সাংস্কৃতিক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল। 
 
ষোল্লশ শতিকাৰ প্ৰথমাৰ্ধত বংগত ইছলামী শক্তিয়ে পুনৰ অহোম ৰাজ্যৰ সৈতে সামৰিক সংঘৰ্ষ আৰম্ভ কৰিছিল। কিন্তু আহোমসকলে তেওঁলোকক উত্তৰ বংগৰ কৰোটোৱা নদীলৈ খেদি পঠিয়াইছিল। পিছলৈ পশ্চিম অসমৰ কোঁচ ৰাজ্যৰ দুৰ্বলতাৰ সুযোগ লৈ মোগল সম্ৰাট জাহাংগীৰে (১৬০৫-১৬২৭) কোঁচ-হাজো বা কামৰূপ অঞ্চলক মোগল সাম্ৰাজ্যৰ সৈতে সংযুক্ত কৰিছিল। দৰাচলতে, মোগল সেনাই কোঁচ-হাজো বা কামৰূপ দখল কৰাৰ ফলত ভৱিষ্যতে অসমত আহোম-মোগল সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছিল। এই সংঘৰ্ষ ১৬১৬ চনত আৰম্ভ হৈছিল আৰু শৰাইঘাটৰ (১৬৭১) বিখ্যাত যুদ্ধপৰ্যন্ত প্ৰায় ৫০ বছৰ অব্যাহত আছিল। 
 
১৬৬২-৬৩ চনত শক্তিশালী মোগল সেনাপতি মিৰজুমলাৰ অধীনত বিদেশী আক্ৰমণে আহোম ৰাজ্যলৈ দুৰ্যোগ কঢ়িয়াই আনিছিল আৰু ৰাজধানী গড়গাওঁ আক্ৰমণকাৰী সৈন্যই দখল কৰিবলৈ সক্ষম হৈছিল। কিন্তু প্ৰাকৃতিক দুৰ্যোগ আৰু আহোম সেনাৰ বিক্ষিপ্ত আক্ৰমণৰ সন্মুখীন হ'বলৈ অক্ষম হোৱাৰ বাবেই মিৰজুমলাই শীঘ্ৰেই গড়গাওঁ এৰি দিবলৈ বাধ্য হৈছিল। ১৬৬৩ চনৰ জানুৱাৰী মাহত ঘিলাজাৰী চুক্তি স্বাক্ষৰ কৰি তেওঁ পুনৰ উভতি আহিছিল আৰু আহোমসকলক গুৱাহাটীকে ধৰি নামনি অসম ত্যাগ কৰিবলৈ বাধ্য কৰিছিল। 
 
শৰাইঘাটৰ যুদ্ধৰ এটা স্মাৰক
 
মোগল সাম্ৰাজ্যৰ অধীনত আহোমৰ ৰজাক কেৱল বশৱৰ্তী শাসক হিচাপে দ্বায়িত্ব দিয়া হৈছিল। পৰাজিত আহোম শাসক জয়ধ্বজ সিংহই (১৬৪৮-১৬৬৩) ৰাজধানীলৈ উভতি আহিছিল আৰু কিছুদিন পিছতে ভগ্ন হৃদয়েৰে মৃত্যুবৰণ কৰিছিল। তেওঁৰ সম্পৰ্কীয় ভাতৃ চক্ৰধ্বজ সিংহই (১৬৬৩-৬৯) সিংহাসনত অধিষ্ঠিত হোৱাৰ লগে লগে আহোম-মোগলৰ সম্পৰ্ক এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছিল। চক্ৰধ্বজ সিংহই মোগলৰ শাসন মানিবলৈ অস্বীকাৰ কৰিছিল আৰু মোগল সৈন্যক নামনি অসমৰ পৰা খেদি পঠিয়াবলৈ পুনৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছিল। অৱশ্যে, বুধিয়ক প্ৰধানমন্ত্ৰী অতন বুঢ়াগোহাইয়ে তেওঁক খৰখেদাকৈ পদক্ষেপ লোৱাৰ পৰা বাধা প্ৰদান কৰিছিল আৰু দীঘলীয়া যুঁজৰ বাবে নীৰৱে প্ৰস্তুত হ'বলৈ পৰামৰ্শ আগবঢ়াইছিল। 
 
সেই অনুসৰি প্ৰায় দুবছৰ ধৰি গুৱাহাটীৰ লগতে কামৰূপ অঞ্চল মোগলৰ আধীনৰ পৰা মুক্ত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল। ঘটনাক্ৰমে সেই সময়ছোৱাত মহান মাৰাঠা নায়ক শিৱাজীয়ে দক্ষিণ ভাৰতত মোগলৰ সেনাক পৰাজিত কৰিছিল আৰু এই ঘটনাই পূৱ-ভাৰতৰ আহোম সৈন্য বাহিনীক অনুপ্ৰাণিত কৰিছিল। 
 
ইফালে, সতৰ্কতাৰে অধ্যয়ন আৰু শৃংখলাবদ্ধভাৱে কেইবাটাও পৰীক্ষাৰ পিছত মোগলৰ বিৰুদ্ধে নতুনকৈ গঠিত আহোম সেনাক নেতৃত্ব দিবলৈ লাচিত বৰফুকনক নিৰ্বাচিত কৰা হৈছিল। প্ৰসিদ্ধ আহোম পৰিয়ালৰ সন্তানসকল আছিল আহোম ৰাজ্যৰ অসামৰিক আৰু সামৰিক প্ৰশাসনৰ মেৰুদণ্ড স্বৰূপ। লাচিত আহোমৰ লুখুৰা-খান গোত্ৰৰ আছিল আৰু এই গোত্ৰৰ সদস্যসকল উজনি বাৰ্মাৰ পৰা অসমলৈ অহা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ সৈতে আহিছিল। 
 
লাচিত মৈদামত থকা এটা বৰতোপ
 
সেইমতে লাচিত বৰফুকনে আহোমসকলৰ শাস্ত্ৰ, হিন্দু আইন ʼঅৰ্থশাস্ত্ৰʼ আৰু দেশৰ সমসাময়িক ইতিহাস আৰু প্ৰশাসনৰ আধাৰত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। তেওঁ সাম্প্ৰতিক ৰাজনৈতিক ঘটনাবোৰৰ বিষয়ে জ্ঞাত আছিল। কিয়নো তেওঁ ৰাজকীয় ন্যায়ালয়লৈ যোৱাৰ সুযোগ লাভ কৰিছিল। প্ৰথমতে তেওঁ প্ৰধানমন্ত্ৰীৰ ʼহাছাতি ধ'ৰা তামুলীʼ হিচাপে ৰাজনৈতিক জীৱনৰ আৰম্ভ কৰিছিল আৰু এই পদটো বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ পদবীৰ সমান আছিল। 
 
এই দায়িত্বৰ আধাৰত তেওঁ প্ৰায়ে মন্ত্ৰীসকলৰ উচ্চ পৰ্যায়ৰ বৈঠকত উপস্থিত আছিল আৰু এনেদৰে তেওঁৰ প্ৰথম কূটনৈতিক শিক্ষা লাভ কৰিছিল। পিছলৈ লাচিতে ঘোৰা বৰুৱা, দোলাকাষৰীয়া বৰুৱা আৰু শিমলুগুৰি ফুকনৰ দৰে ক্ৰমাগত পদত জড়িত হৈ সকলোবোৰ দায়িত্বসহকাৰে আৰু পৰম ভক্তিৰে পৰিচালনা কৰিছিল। দোলাকাষৰীয়া বৰুৱাই ৰজাৰ সৈতে তেওঁৰ সুৰক্ষা কৰ্মীৰ দ্বাৰা পৰিবেষ্টিত ৰাজকীয় দোলাত ৰাজহুৱা স্থানলৈ গৈছিল। দৰাচলতে, এই পদটো বৰ্তমানৰ আৰক্ষী প্ৰধানৰ সমান আছিল আৰু এই পদে ডেকা লাচিতৰ সন্মান বৃদ্ধি কৰিছিল। আনকি মিৰজুমলাৰ আক্ৰমণৰ সময়ত তেওঁ দিখৌমুখত যুদ্ধক্ষেত্ৰৰ অভিজ্ঞতা অৰ্জন কৰিছিল।
 
শৰাইঘাটৰ যুদ্ধৰ এটা স্মাৰক
 
১৬৬৭ চনৰ ২০ এপ্ৰিলত বৰফুকনে তেওঁৰ নতুন অভিযানৰ বাবে ৰাজধানী ত্যাগ কৰিছিল। দুমাহৰ ভিতৰতে অভিযানটো সম্পূৰ্ণ হৈছিল আৰু গুৱাহাটীৰ মোগল সেনা পৰাজিত হৈছিল। আহোম সেনাই মোগলসকলক আহোম ৰাজ্যৰ সীমা মানাহ নদীলৈ খেদি পঠিয়াইছিল। আহোমসকলে গুৱাহাটীৰ সন্মান ঘুৰাই অনাৰ পিছত সুৰক্ষাৰ বাবে নামনি অসমক এক সামৰিক শিবিৰ হিচাপে গঠন কৰিছিল। 
 
লাচিত বৰফুকনে আধুনিক গুৱাহাটী চহৰৰ কেন্দ্ৰস্থলত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ ইটাখুলিত তেওঁৰ সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয় স্থাপন কৰিছিল। এই সামৰিক বাহিনীয়ে যিকোনো সম্ভাৱ্য মোগল আক্ৰমণ প্ৰতিহত কৰিবলৈ সতৰ্ক হৈ আছিল।  
 
সম্ৰাট ঔৰংজেৱে (১৬৫৮-১৭০৭) মোগলৰ পৰাজয়ৰ খবৰটোত হতবাক হৈ পৰিছিল আৰু গুৱাহাটী পুনৰ দখল কৰিবলৈ নতুন সৈন্য প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। মোগল সাম্ৰাজ্যৰ শক্তিশালী হিন্দু সেনাপতি ৰজা ৰাম সিংহক সেনাৰ মুৰব্বী হিচাপে নিযুক্ত দিয়া হৈছিল আৰু তেওঁক কেইবাজনো মোগল সেনাপতিয়ে সহায় কৰিছিল। এয়া আছিল বৰতোপ, অশ্বৰোহী, আৰু ফিল্ড গানেৰে সজ্জিত এক বিশাল সৈন্য বাহিনীৰ দল। এই সৈন্য বাহিনীৰ দলটোক অধিক নিখুঁত কৰি তুলিবলৈ আৰু সেনাৰ অৱস্থান চিনাক্ত কৰিবলৈ দলটোত হাজাৰ হাজাৰ চিকাৰী কুকুৰকো যোগ দিয়া হৈছিল।
 
যোৰহাট জিলাৰ লাচিত মৈদাম
 
আনহাতে, অসমৰ স্থানীয় লোকসকলৰ যাদুকৰী শক্তিৰ বিষয়ে বহু প্ৰচাৰিত ভয়ৰ প্ৰতিৰোধ কৰিবলৈ কিছুমান ধৰ্মীয় গুৰু সেনাৰ সৈতে গৈছিল। শিখ গুৰু তেগ বাহাদুৰেও পাটনাৰ পৰা তেওঁলোকৰ লগত আহিছিল। মোগল সেনা ১৬৬৯ চনৰ আৰম্ভণিতে অসমত উপস্থিত হৈছিল আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা চূড়ান্ত যুদ্ধৰ প্ৰস্তুতি চলাইছিল। 
 
অৱশ্যে, ১৬৬৯ আৰু ১৬৭০ চনত একেলগে যুঁজ আৰু শান্তিৰ প্ৰস্তাৱ অব্যাহত আছিল। দৰাচলতে, এই সময়ছোৱাত ৰাম সিংহই অক্টোবৰৰ পৰা মাৰ্চলৈ সামৰিক অভিযান প্ৰায় বন্ধ কৰি দিছিল, যাতে আহোমসকলে আৰম্ভ কৰা গেৰিলা যুদ্ধ পৰিহাৰ কৰিব পৰা যায়। একে সময়তে আক্ৰমণকাৰী মোগল সেনাই লাচিত বৰফুকনৰ অখণ্ডতা আৰু নেতাসকলৰ বিষয়ে উৰাবাতৰি প্ৰচাৰ কৰি আহোম সকলৰ আত্মবিশ্বাস ক্ষতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু আহোম সেনাপতিৰ দূৰদৰ্শিতাৰ বাবে এই সকলোবোৰ ব্যৰ্থ হৈছিল। পৰম্পৰাগত বিশ্বাস থকা বাবে তেওঁ অন্ধবিশ্বাসৰদ্বাৰা পৰিচালিত হোৱা নাছিল আৰু তেওঁৰ আত্মবিশ্বাসে তেওঁক সদায় প্ৰয়োজনৰ সময়ত ব্যৱহাৰিক হ'বলৈ অনুপ্ৰাণিত কৰিছিল। 
 
যুদ্ধক্ষেত্ৰত কৰ্তব্যৰ অৱহেলাৰ বাবে মৃত্যুদণ্ড জাৰি কৰাৰ অপৰিসীম ক্ষমতাও তেওঁৰ হাতত আছিল। ইফালে এটা ঘটনাই সৈনিকসকলৰ মাজত বনৰীয়া জুইৰ দৰে বিয়পি পৰিছিল। কোৱা হৈছিল যে বৰফুকনে তেওঁৰ নিজৰ মোমায়েকক হত্যা কৰিছিল। ভাৰপ্ৰাপ্ত হিচাপে দ্বায়িত্বত থকা মোমায়েকে এটা নিশাৰ ভিতৰত সম্পূৰ্ণ কৰিব লগা এটা গড় নিৰ্মাণত অনীহা প্ৰদৰ্শন কৰিছিল। মোগলৰ অশ্বাৰোহী আক্ৰমণৰ সন্মুখীন হোৱাত আহোমসকলে যে তিষ্ঠি থাকিব নোৱাৰিব সেই সম্পৰ্কে লাচিতে ভালদৰে জানিছিল।
 
যোৰহাট জিলাত লাচিত বৰফুকনৰ মূৰ্তি
 
অৱশ্যে, এবাৰ তেওঁৰ ইচ্ছাৰ বিপৰীতে আহোম সৈন্যই মোগলৰ সৈতে আলাবৈ পৰ্বতৰ মুকলি যুদ্ধত অৱতীৰ্ণ হব লগা হৈছিল, যাৰ ফলস্বৰূপে এদিনতে দহ হাজাৰ আহোম সৈনিক মৃত্যুমুখত পৰিছিল। এই দুৰ্ঘটনা ভৱিষ্যতৰ যুদ্ধৰ বাবে এটা ভাল শিক্ষা হৈ পৰিছিল। ইফালে দুয়োটা দলে সাংকেতিক উপহাৰ প্ৰেৰণ কৰি শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছিল। অৱশেষত শান্তিৰ সম্ভাৱনাৰ বিফলতা অনুভৱ কৰি আৰু সম্ৰাট ৰাম সিংহৰ পৰা অনুমতি লাভ কৰি গুৱাহাটীত প্ৰৱেশ কৰাৰ বাবে পোনপটীয়া ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মোগলে। সম্ভৱতঃ লাচিত বৰফুকনৰ গুৰুতৰ ৰোগৰ খবৰে এনে কৰিবলৈ প্ৰেৰণা যোগাইছিল।
 
১৬৭১ চনৰ মাৰ্চ মাহত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ মোগলসকলে কাষৰ গড়ত কিছু বিসংগতি দেখা পায় ইটাখুলি (শুক্ৰেশ্বৰ) আৰু নীলাচল পৰ্বতৰ মাজেৰে গুৱাহাটীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। বিফল হৈ মোগল সেনাই উত্তৰ তীৰত আশ্বক্লান্তৰ দিশে দিশ সলনি কৰিছিল। ই আহোমসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল আৰু আসন্ন পৰাজয়ৰ আশংকা কৰি তেওঁলোকৰ বেছিভাগেই নাৱেৰে পূৱদিশে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিল।  
 
এই সংকটজনক মুহূৰ্তত ৰোগত আক্ৰান্ত লাচিত বৰফুকনে তেওঁৰ শিবিৰৰ পৰা যুদ্ধৰ পৰিস্থিতিৰ খবৰ লাভ কৰিছিল আৰু পৰাজয়ৰ সম্ভাৱনা সহ্য কৰিব নোৱাৰি নৰিয়াপাটি এৰি মোগলৰ স্থিতিৰ দিশত নাওলৈ যাবলৈ নিৰ্দেশ দিছিল। আহোম সৈন্যসকলে এই অবিশ্বাস্য দৃশ্য প্ৰত্যক্ষ কৰি অনুপ্ৰাণিত হৈ  দ্ৰুততাৰে মোগল সৈন্যৰ ওপৰত জপিয়াই পৰিছিল আৰু মোগলক ঘেৰি ধৰিছিল। 
 
শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৌ যুদ্ধৰ নেতৃত্ব দিয়া এখন চিত্ৰ
 
ইফালে, পৰ্বতত অৱস্থিত আহোমৰ ডাঙৰ বন্দুকবোৰেও মোগল সৈন্যক লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল। এক নিৰ্ণায়ক যুদ্ধৰ পিছত ৰজা ৰাম সিংহৰ অধীনৰ মোগল সৈন্য সম্পূৰ্ণৰূপে পৰাজিত হৈছিল আৰু মোগল সৈন্যই পশ্চিম দিশে পলাই যাবলৈ আৰম্ভ কৰিছিল। অৱশেষত ১৬৭১ চনৰ ৫ এপ্ৰিলত মোগলে অসম এৰি গৈছিল। এনেদৰে অসমত থকা আহোম ৰাজ্যৰ সাৰ্বভৌমত্ব পুনৰ উদ্ধাৰ কৰা হʼল। পূৱ ভাৰতত হোৱা আহোম-মোগলৰ মাজৰ সংঘাতক  শৰাইঘাটৰ ঐতিহাসিক যুদ্ধই সফল পৰিসমাপ্তি ঘটালে।  
 
প্ৰসিদ্ধ বুৰঞ্জীবিদ ড০ এছ কে ভূঞাই, শৰাইঘাটৰ যুদ্ধক ট্ৰাফালগাৰৰ (১৮০৪) যুদ্ধৰ সৈতে তুলনা কৰিছিল। এই যুদ্ধত লৰ্ড নেলছনে আক্ৰমণকাৰী ফৰাচী সেনা নেপোলিয়ন বোনাপাৰ্টক পৰাস্ত কৰি ইংলেণ্ডৰ গৌৰৱ ৰক্ষা কৰিছিল। অৱশ্যে লৰ্ড নেলছনৰ দৰে লাচিত বৰফুকনেও বিজয় উপভোগ কৰিবলৈ জীয়াই নাছিল। কিয়নো যুদ্ধৰ পিছতে তেওঁৰ মৃত্যু হৈছিল। ৰজা ৰাম সিংহই তেওঁৰ উভতনি যাত্ৰাত অসমীয়া সৈনিক, লাচিত বৰফুকনৰ নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী অতন বুৰাগোহাঁইৰ নৈতিকতাৰ যথেষ্ট প্ৰশংসা কৰিছিল। 
 
বিশেষকৈ যুদ্ধক্ষেত্ৰত অসমীয়া সৈন্যৰ বহুমুখী গুণাগুণত তেওঁ যথেষ্ট প্ৰভাৱিত হৈছিল। শৰাইঘাটৰ যুদ্ধৰ সময়ৰ পৰাই মোগল সৈন্যৰ সৈতে যোৱা গুৰু তেগ বাহাদুৰৰ দৰে বিশিষ্ট ব্যক্তিৰ জৰিয়তে অসমবাসীৰ দেশপ্ৰেম আৰু সাহসৰ কাহিনী দেশৰ বাকী অংশলৈ বিয়পি পৰিছিল। ই পৰোক্ষভাৱে মোগল সাম্ৰাজ্যৰ পতনত অৰিহণা যোগাইছিল। কিয়নো অন্যান্য আঞ্চলিক শক্তিয়েও শৰাইঘাটৰ ৰণৰ পিছত মোগলৰ বিৰুদ্ধে থিয় হ'বলৈ অনুপ্ৰেৰণা পাইছিল।
 
(লেখক বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপক। আজি লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে পুনৰবাৰ এই লেখাটি প্ৰকাশ কৰা হৈছে)