শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

Story by  atv | Posted by   Imtiaz Ahmed • 5 Months ago
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
ৰঙিয়া

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ৰঙিয়াৰ হাতীখোলা পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্রহণ কৰে।

মুকলি সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক আদৰ্শৰ ভিত্তিত প্রতিষ্ঠিত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ গণতান্ত্রিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ভকত-বৈষ্ণৱৰ উপস্থিতিয়ে হাতীখোলা পথাৰক বৈকুণ্ঠপুৰী সদৃশ কৰি তুলিছে বুলি মন্তব্য কৰে।

অসমীয়া জাতিৰ প্ৰাণপ্রতিষ্ঠাপক জগত বৰেণ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমাজ-সাহিত্য, কলা-ধৰ্ম-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধনৰ মহান উদ্দেশ্য আগত ৰাখি ১৯৩০ চনত নগাঁৱৰ পলাশনিত স্থাপিত শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজস্ব লক্ষ্য আৰু উদ্দেশ্যত একান্তভাবে ব্রতী হৈ আজি বটবৃক্ষত পৰিণত হৈছে বুলি মন্তব্য কৰে শৰ্মাই। তেওঁ লগতে কয় যে শ্রীমন্ত শংকৰদেৱ সংঘই আজি অসমীয়া জাতীয় জীৱনৰ এক অগ্রগণী মহাসংগঠন হিচাপে উদ্ভাসিত হোৱাই নহয়, গুৰুজনাৰ দৰ্শন, বাণী আৰু আদৰ্শৰাজিক প্ৰজন্মৰ পিছত প্রজন্মলৈ কঢ়িয়াই নিয়াৰ দিশত মহাবাহু সদৃশ এক চিৰপ্ৰৱাহমান সোঁতত পৰিণত হৈছে।

মুখ্যমন্ত্রীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্য-শুদ্ধ-সনাতন ধৰ্মৰ তত্বাদৰ্শ আৰু গুৰুজনাৰ আধ্যাত্মিক, নৈতিক, সামাজিক, সাংস্কৃতিক আৰু মহান মানৱতাবাদী আদৰ্শৰাজি জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ সাধনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে সংঘৰ তৃণমূল পৰ্যায়ত থকা সবল সাংগঠনিক ভেটি। সংঘৰ মহান আদৰ্শৰাজিৰ প্ৰতি আকৃষ্ট হৈ আজি বিভিন্ন জনগোষ্ঠীৰ লগতে উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ অন্য প্রান্ততো ইয়াৰ পৰিধি ব্যাপ্ত হৈ পৰিছে।

শৰ্মাই মন্তব্য কৰে যে যিকোনো এটা সংস্থা বা সংগঠনৰ মহত্ব কৰ্মৰাজিৰে প্ৰতিফলিত হয়। প্রতিষ্ঠা কালৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰাজ্যখনৰ জাতীয় জীৱনলৈ যি অৰিহণা আগবঢ়াইছে সেয়া স্বৰূপাৰ্থতে অসামান্য। গুৰুজনাৰ আদৰ্শ আৰু কৰ্মৰাজি বৌদ্ধিক চিন্তা-চৰ্চাৰ জৰিয়তে প্ৰসাৰ আৰু প্ৰচাৰ যাতে হয় সেই উদ্দেশ্যে সংঘই বর্তমানলৈকে গবেষণামূলক গ্রন্থকে ধৰি হিন্দী, ইংৰাজী, বাংলা আদি বিভিন্ন ভাষাত এশ খনতকৈও অধিক গ্রন্থ প্রকাশ কৰি উলিওৱা কাৰ্যৰ তেওঁ শলাগ লয়। তেওঁ কয় যে ডিমাচা, কার্বি, নেপালী, মিচিং, তিৱা, বড়ো ভাষাত কীর্তনঘোষা, নামঘোষাকে ধৰি বিভিন্ন বিষয়ক গ্রন্থও সংঘই প্ৰকাশ কৰিছে। তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় নামেৰে বিভিন্ন স্থানত শিক্ষানুষ্ঠান স্থাপনেৰে সংঘই শৈক্ষিক তথা বিদ্যায়তনিক দিশতো অৰিহণা আগবঢ়াই আহিছে বুলিও তেওঁ কয়। 

আনহাতে, উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে সংঘই প্রতিষ্ঠা কৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে সম্প্ৰতি ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত এক মর্যাদাপূর্ণ শিক্ষানুষ্ঠান হিচাপে উদ্ভাসিত হৈ উঠিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্রী হিচাপে তেওঁ কার্যনির্বাহ কৰি থকা সময়ছোৱাত এই বিশ্ববিদ্যালয়খনৰ বিধেয়কখন অসম বিধান সভাত গৃহীত হৈছিল বুলি উল্লেখ কৰে। 

আনহাতে নতুন প্রজন্মক স্বাৱলম্বী তথা আত্মনিৰ্ভৰশীল ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই 'থ্রীফ্ট এণ্ড ক্রেডিট কো-অপাৰেটিভ ছ'চাইটি' গঢ়ি তোলা কাৰ্যৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে এই ছ'চাইটিলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মূলধনী পুঁজি হিচাপে ৩ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইধৰণৰ বিশাল আৰু বহুমুখী কৰ্মৰাজিয়ে আজি এই সংগঠনটোক এক সুকীয়া মাত্রা প্রদান কৰিছে বুলিও তেওঁ কয়।

ভাষণ প্রসংগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ অসমভূমিৰ সামগ্রিক ইতিহাসৰ এক নির্ণায়ক ঘটনা আছিল বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষগৰাকীৰ মহাসাগৰ সদৃশ বিশাল কৰ্মৰাজিয়ে অসমীয়া জাতিক সঞ্জীবিত কৰি আমাৰ জনজীৱনত মানৱতা, নৈতিক প্রমূল্যবোধ আৰু আধ্যাত্মিক চিন্তনৰ সুঁতিক বোঁৱতী ৰূপ দি এটা সংস্কৃতিবান জাতি ৰূপে গঢ়ি তুলিলে। বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰে জাতীয় সত্বা নির্মাণত তেৰাই যি অৱদান আগবঢ়াই গ'ল সেয়া অকল জাতীয় সম্পদে নহয়, সাম্প্রতিক সময়ত ৰাষ্ট্ৰীয় সম্পদ ৰূপে পৰিগণিত হৈছে। মহান ভাৰতীয় গ্রন্থ বেদ, উপনিষদ, পুৰাণ, ভাগৱত আদি ধৰ্মগ্রন্থৰ আধাৰত মহাপুৰুষগৰাকীয়ে ভক্তিমার্গক নৱ চেতনাৰে বিকশাই তোলে। 

ভাষণ প্রসংগত বিগত ২২ জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰামমন্দিৰত শ্ৰীৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰামলালাৰ প্ৰাণ প্রতিষ্ঠা অনুষ্ঠানৰ সময়ছোৱাত এক পবিত্র আবেগে সমগ্ৰ ভাৰতবৰ্ষক স্পৰ্শ কৰিছিল। সেই একেই মহৎ আবেগেৰে ৰাজ্যৰ মহান বৈষ্ণৱ পণ্ডিতসকলে মধ্যযুগতে ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰতি অচলা ভক্তি আৰু শ্রদ্ধা প্রকট কৰিছিল। শৰ্মাই লগতে মন্তব্য কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিসত্বা গঢ় দিওঁতে ভাৰতীয় সনাতন সংস্কৃতিক আকোঁৱালি লৈছিল। গুৰুজনাই ভাৰতবোধক গৰিমামণ্ডিত কৰি অসমীয়া জাতিসত্বাৰ বিকাশ আৰু উত্তৰণৰ মাৰ্গদর্শন কৰি গৈছে। 

মুখ্যমন্ত্ৰীয়ে ভাষণত মহাপুৰুষগৰাকীক ৰাষ্ট্ৰৰ সন্মুখত উজ্বলাই তোলাৰ বাবে ৰাজ্য চৰকাৰে লোৱা প্ৰয়াসৰ অংশ হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠাৰ বাবে বিগত বৰ্ষত হোৱা বুজাবুজিৰ চুক্তি আৰু শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক বিশ্ব পর্যায়ত উজলাই তোলা তথা ধর্মীয় পর্যটনৰ অন্যতম কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে গ্রহণ কৰা পদক্ষেপৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমে একবিংশ শতিকাত যি আত্মবিশ্বাসেৰে সবল খোজ দিছে তাৰ আঁৰতে আছে গুৰুজনাৰ আশীর্বাদ আৰু অমূল্য অৱদানৰাজি। অসমীয়া জাতিয়ে আগন্তুক সময়ত যিমানেই উৎকর্ষতাৰ শিখৰলৈ নাযাওক কিয়, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদৰ্শ সদায়ে অসমবাসীৰ পথেয় হৈ থাকিব।

মুখ্যমন্ত্ৰীয়ে বিতৰ্কৰ উৰ্দ্ধত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘই ৯৩ সংখ্যক অধিৱেশন সফলতাৰে সামৰণি কৰাৰ বাবে উদ্যোক্তা তথা ভক্তপ্রাণ ৰাইজৰ শলাগ লয়। মুখ্যমন্ত্ৰীয়ে ভাষণত সংঘৰ এশ সংখ্যক অধিবেশনখন বিস্তৃত পৰিসৰত গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে বিবেচনা কৰিবলৈ সংঘৰ বিষয়ববীয়াসকলক আহ্বান জনায়। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা সৃষ্ট আদিকাণ্ড আৰু উত্তৰাকাণ্ড ৰামায়ণৰ সমীক্ষাত্মক অধ্যয়ন শীর্ষক গ্রন্থখনো উন্মোচন কৰে।

আজিৰ এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, স্থানীয় বিধায়ক তথা ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, বিধায়ক দিগন্ত কলিতা, শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, উপদেষ্টা কমলাকান্ত গগৈ, প্রধান সম্পাদক কুশল ঠাকুৰীয়া, উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱাল, প্রাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, প্রাক্তন প্রধান সম্পাদক বাবুল বৰা, হায়দৰাবাদৰ বিশিষ্ট শিক্ষাবিদ মাধবীলতা প্রমুখো গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।