অসম আন্দোলনত আত্মবলিদান দিয়া অমৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্রীৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে
গুৱাহাটী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাইদেওবাৰে পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি অসম আন্দোলনত আত্মবলিদান দিয়া অমৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী শৰ্মাই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ শ্বহীদসকলৰ আদৰ্শ আগুৱাই লৈ যোৱাৰ বাবে আজিৰ এই দিনটোতে পুনৰ এবাৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ পুৱতি নিশা অসমৰ জনগণে অবৈধ বুলি ঘোষণা কৰা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল কৰাৰ বাবে ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখরুদ্দিন আলি আহমেদৰ পত্নী আবিদা আহমেদ বৰপেটালৈ ৰাওনা হোৱাত প্রতিবাদী সমদলত অংশ লৈ ভাৰতৰ সাৰ্বভৌমত্ব আৰু সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ উজান বৰবড়ি গাঁৱৰ ছাত্ৰ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ জীবন আহুতি দিছিল। তেওঁ কয় যে এই আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ ৮৬০ গৰাকী শ্বহীদে আত্মবলিদান দি জাতীয় আন্দোলনটোক অধিক শক্তিশালী ৰূপ দিয়াৰ উপৰি ৰাজ্যখনৰ লগতে দেশৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনক মহীয়ান কৰি তুলিছিল। 

বিদেশী বিতাড়নৰ লক্ষ্যৰে অসম আন্দোলন আৰম্ভ হ'লেও এই আন্দোলনৰ উদ্দেশ্য অধিক বিশাল আছিল বুলি তেওঁ কয়। অসম আন্দোলন অসমীয়াৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ উৎকৃষ্ট নিদর্শন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়াৰ অস্তিত্ব, স্বাভিমান, ভাষা-কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য এই সকলোবোৰকে অসম আন্দোলনে সামৰি লৈছিল। অসমবাসীৰ মাজত সাংস্কৃতিক আৰু সামাজিক চিন্তা-চেতনাক জাগ্রত কৰি এই আন্দোলনে আমাৰ জাতিটোক নতুন প্রাণ দিছিল বুলি তেওঁ কয়।

ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বিদেশী বিতাৰণ আৰু অস্তিত্ব বক্ষাৰ আন্দোলনত প্রাণ আহুতি দিয়া শ্বহীদসকলৰ অমৰ স্মৃতিত অসমৰ ৰাইজে প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। অসম আন্দোলনৰ পটভূমিৰ বিষয়ে বক্তব্য দাঙি ধৰি তেওঁ কয় যে ১৯৭৯ চনৰ মাৰ্চ মাহত সেই সময়ৰ মঙলদৈ সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ পৰলোকপ্ৰাপ্তি হয়। সেই আসনখন খালী হোৱাত নির্বাচনী আয়োগে মঙলদৈ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ১৯৭৯ চনৰ এপ্রিল মাহৰ ভোটৰ তালিকাৰ খচৰা প্ৰকাশ কৰি পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে। সেই প্রক্রিয়াত ন্যায়াধীকৰণসমূহে প্রায় ৪৭ হাজাৰ সন্দেহজনক নামৰ তালিকা এখন পর্যালোচনা কৰিছিল। যাৰ ভিতৰত ২৬ হাজাৰ অৰ্থাৎ ৭২ শতাংশ নাম সন্দেহজনক বুলি নিশ্চিত কৰিছিল। এই ঘটনাই ৰাজ্যত এক তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু অসমত এটা আন্দোলনৰ উকমুকনি সৃষ্টি হয়। 
 

মুখ্যমন্ত্রীয়ে শ্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে
 
 
তেওঁ কয় যে সদৌ অসম ছাত্র সন্থাই প্রতিবাদী কার্যসূচী আৰম্ভ কৰি ১৯৭৯ চনৰ জুন মাহত বিদেশী কৰায়ত্ব কৰা, ভোটাধিকাৰ কৰ্ত্তন কৰা আৰু বিদেশী বিতাড়নৰ দাবী তোলে। সেই সময়তে ১৯৭৯ চনৰ ২০ আগষ্টত কেন্দ্ৰত চৰন সিং চৰকাৰৰ পতন ঘটে আৰু সেই বছৰৰে ২২ আগষ্টত লোকসভা ভংগ কৰা হয়। দেশৰ নতুন সাধাৰণ নিৰ্বাচন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত মঙলদৈৰ উপ-নির্বাচন বাতিল হয়। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই ১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোটাৰ তালিকা পুনৰীক্ষণ নকৰাকৈ অসমত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধীতা কৰে। তেওঁ কয় যে ১৯৭৯ চনৰ ২৬ নৱেম্বৰত ১৭ জনীয়া ছাত্র নেতাৰ এটা প্রতিনিধি দলে অসমত নির্বাচন স্থগিত ৰাখিবলৈ ৰাষ্ট্রপতি নিলম সঞ্জীৱা ৰেঙীক স্মাৰকপত্র দাখিল কৰে আৰু তাৰ দুদিন পিছত বৈঠক অনুষ্ঠিত কৰিছিল যদিও এই বৈঠকত সমাধান সূত্র ওলোৱা নাছিল। 

সেই বছৰৰে ২ ডিচেম্বৰত মুখ্য নির্বাচনী আয়ুক্তই ভোট গ্রহণ স্থগিত নকৰাৰ সিদ্ধান্ত লয় আৰু মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদে মনোনয়ন দাখিলৰ বিৰোধীতাৰে সকলো ভোটগ্রহণ কেন্দ্ৰৰ সন্মুখত ১৯৭৯ চনৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহত গণ পিকেটিং আৰম্ভ কৰে। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত মনোনয়ন পত্র দাখিলৰ অন্তিম দিনটোত ৰাজ্যজুৰি বন্ধ ঘোষণা কৰা হৈছিল। ৰাজ্যৰ প্ৰধান চহৰ গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত চৰকাৰে সান্ধ্য আইন ঘোষণা কৰে। গুৱাহাটীৰ লাখটকীয়াৰ পৰা বৰপেটাৰ নির্বাচনী প্রার্থী বেগম আবিদা আহমেদৰ মনোনয়ন দাখিলৰ পথত আৰক্ষী মহাপৰিদৰ্শক কেপিএছ গীলে এটা বাহিনীসহ প্রতিবাদীসকলক প্রতিহত কৰাৰ চেষ্টা কৰে। তেওঁলোকে প্রতিবাদকাৰীসকলক আক্রমণ কৰে। সেই ঘটনাতে ২২ বছৰীয়া খৰ্গেশ্বৰ তালুকদাৰক ভবানীপুৰত নিৰ্মমভাবে প্ৰহাৰ কৰি হত্যা কৰা হয়। অসমৰ ৰাইজে খৰ্গেশ্বৰ তালুকদাৰৰ সেই মৃত্যুৰ দিনটো বিদেশী বিতাড়ন আন্দোলনৰ পৱিত্ৰ শ্বহীদসকলৰ সোঁৱৰণত শ্বহীদ দিৱস হিচাপে ১৯৭৯ চনৰ পৰা আজিলৈকে পালন কৰি আহিছে। 

কৃতজ্ঞ অসমীয়া জাতিয়ে ৮৬০ গৰাকী শ্বহীদৰ অৱদানক কেতিয়াও পাহৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোক আমাৰ জাতিটোৰ বাবে ত্যাগ, সাহস, শৌর্য আৰু বীর্যৰ উৎকৃষ্ট নিদর্শন হৈ থাকিব। শ্বহীদ দিৱসৰ এই পৱিত্ৰ দিনটোত পংগু, নির্যাতিত হৈ জীৱনৰ সৰ্ব্বস্ব জাতিটোৰ বাবে আগবঢ়াই দিয়া অসম আন্দোলনৰ প্ৰতিগৰাকী আন্দোলনকাৰীক ভাষণত পুনৰ এবাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনায় মুখ্যমন্ত্রীয়ে।

শ্বহীদৰ ত্যাগক কোনো আর্থিক সাহায্যৰে তুলনা কৰিব নোৱাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে শ্বহীদসকলৰ পৰিয়ালক সংস্থাপন তথা তেওঁলোকৰ কাষত থিয় হ'বলৈ শ্বহীদ আৰু নির্যাতিত ন্যাস গঠনকে ধৰি বহু প্রচেষ্টা হাতত লৈছে। তেওঁ কয় যে অতি কম সময়ৰ ভিতৰতে এই শ্বহীদ স্মাৰক ক্ষেত্ৰত নিৰ্মাণ হৈ উঠিবলগীয়া শ্বহীদ স্তম্ভ আৰু শ্বহীদ উদ্যানখনেও জাতিটোক ভৱিষ্যতৰ যুঁজসমূহৰ বাবে সাহস আৰু প্ৰেৰণা যোগাই যাব। 

অসম আন্দোলনত অংশগ্রহণ কৰি বহুতে ৰাজনৈতিক জীৱন আৰম্ভ কৰা বুলি সদৰি কৰি তেওঁ কয় যে, "১৯৭৯ চনৰ ৯ ডিচেম্বৰৰ দিনা পুৱতি নিশা লাখটকীয়াৰ পৰা বেগম আবিদা আহমেদৰ নিৰ্বাচনী প্রক্রিয়া যাত্ৰা আৰম্ভ কৰাৰ সময়ত তেওঁক বাধা দিবলৈ প্ৰচেষ্টা কৰা সকলৰ ভিতৰত আমি বহুজন আছিলো আৰু অসম আন্দোলনৰ বহু শ্বহীদৰ লগত আমি একেলগে কাম কৰাৰ সৌভাগ্য হৈছিল।" গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গুলীবিদ্ধ হৈ চিকিৎসাৰ বাবে অহা সেই সাহসী যুৱকসকলৰ স্মৃতিয়ে এতিয়াও আমাক প্ৰেৰণা দিয়ে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমক সকলো ফালৰ পৰা সুৰক্ষিত কৰাৰ বাবে সদায়ে দায়বদ্ধ আৰু প্রতিশ্রুতিবদ্ধ।

মুখ্যমন্ত্রীয়ে কয় যে অসম আন্দোলনৰ পৰৱৰ্তী পর্যায়ত আন্দোলনৰ প্রাপ্তি আৰু এই আন্দোলনৰ ফলত জাতিটো কিমান সুৰক্ষিত হ'ল তাৰ বিষয়ে কৰ'বাত নহয় কৰ'বাত আলোচনা, বিতৰ্কৰ অৱকাশ সদায় থাকি গৈছে। অসম চুক্তিখনে আমাৰ জাতিটোক কিমান সুৰক্ষিত কৰিলে তাৰ ওপৰতো প্রশ্নবোধক চিন থাকি গৈছে। তেওঁ কয় যে যদি প্রতিজন অসমীয়াই নিজৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে কাম কৰে, নিজক মনে-প্রাণে প্রস্তুত কৰি তোলে তেতিয়া এই শক্তিশালী জাতিটোক কোনেও দুৰ্বল কৰিব নোৱাৰিব। কিন্তু অসম আন্দোলনৰ পিছত আজি আমি নিজকে নিজে প্রশ্ন সোধাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰি নামনি আৰু মধ্য অসমত বহু অসমীয়া পৰিয়ালে আর্থিকভাবে মূল্যায়ন কৰি নিজৰ মাটি-বাৰী বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ হাতত বিক্ৰী কৰিছে। তেওঁ কয় যে স্বাধীনতা আছে বিক্ৰী কৰাৰ কিন্তু অসমীয়াই হেৰুৱা ভূমিৰ প্ৰতিটো কণাই আমাক প্রশ্ন সুধিব যে কেবল মাত্র কেইটা মান টকাৰ কাৰণে অসমৰ এই পবিত্র ভূমি তেওঁলোকৰ হাতত তুলি দিয়াৰ আমাৰ নৈতিক অধিকাৰ আছে নে! 
 
শ্বহীদ খগেশ্বৰ তালুকদাৰৰ অমৰ মৃত্যু আৰু বলিদানৰ এই পবিত্র মুহূর্তত নিজ ভূমি কেতিয়াও আমি সন্দেহযুক্ত বিদেশীক বিক্রী নকৰোঁ বুলি সংকল্পবদ্ধ হ'বৰ বাবে আহ্বান জনাই তেওঁ কয় যে অসম আন্দোলনে আমাৰ মাজত আবেগৰ এক প্রচণ্ড ঢৌ সৃষ্টি কৰিছিল, সমানেই এই আন্দোলন যুক্তিৰ ওপৰত প্রতিষ্ঠিত আছিল। সেই কাৰণে অসম আন্দোলনৰ সমান্তৰালভাবে এচাম অসমীয়াই অসমক স্বাৱলম্বী কৰাৰ সপোন দেখিছিল। 
 

মুখ্যমন্ত্রীয়ে নির্মীয়মান শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভৰ অগ্রগতিৰ বুজ লৈছে
 
অসম আন্দোলনৰ সময়ছোৱাত বজাৰে-হাটে অসমীয়া ডেকা ল'ৰা সকলে দোকান-পোহাৰ স্থাপন কৰি স্বালম্বীতাৰ উৎকৃষ্টতম নিদর্শন দেখুৱাইছিল। কিন্তু বর্তমান এচাম অসমীয়াৰ কৰ্ম বিমুখীতাৰ সুযোগ লৈ অসমৰ নগৰ-চহৰৰ মুখ্যস্থানসমূহত সন্দেহযুক্ত বিদেশী লোকসকলে ব্যৱসায় কৰা আৰম্ভ কৰিছে। স্বাৱলম্বীতাৰ আদর্শ অসমৰ ৰাইজে, অসমৰ যুৱ শক্তিয়ে আকৌ এবাৰ নিজৰ জীৱনত সমাহিত কৰি আমাৰ জাতিটোক অর্থনৈতিক উন্নয়নৰ নতুন দিগন্তলৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰাৰ সময় সমাগত বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ জাতিটোক অর্থনৈতিকভাৱে নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ এখন প্রচণ্ড সংগ্রাম আমি আৰম্ভ কৰিব পাৰো তেতিয়াহে অসমত আমি সোনকালে অসম আন্দোলনৰ শ্বহীদসকলৰ সপোনবোৰ সাৰ্থক কৰিব পাৰিম।

যোৱা আঢ়ৈ বছৰত বিভিন্ন প্রচেষ্টা হাতত লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সময়ছোৱাত ৰাজ্য চৰকাৰে ৬৮ হাজাৰ বিঘা মাটি সন্দেহযুক্ত বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে। বৰ্তমান চৰকাৰে জাতিটোৰ সুৰক্ষাৰ বাহিৰে কোনো ব্যৱস্থাকে চূড়ান্ত বুলি নাভাবে বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ভুৱা তথ্য-পাতিৰে নাম অন্তর্ভুক্ত কৰা ব্যক্তিসকলক চিনাক্তকৰণৰ কৰাৰ বাবে পুনৰ এবাৰ সংঘবদ্ধ প্রচেষ্টা লোৱাৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

ভূমিৰ অধিকাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে মাজুলী, বৰপেটা, বটদ্ৰৱা অঞ্চলৰ ভূমি স্থানীয় লোকৰ বাহিৰে যাতে আনকোনেও ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে আইন প্রণয়নৰ বাবে চৰকাৰ ইতিমধ্যে কামত অগ্ৰসৰ হৈছে। বৰ্তমানৰ অসম চৰকাৰৰ বহু অসমীয়া বিষয়াই অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে কাম কৰা দেখা যায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজহ বিভাগত কাম কৰা বহু বিষয়াই জাতিটোক দুৰ্বল কৰাৰ প্রচেষ্টা যোৱা কিছুদিনত নিৰন্তৰভাবে দেখিবলৈ পোৱা গৈছে। জাতীয় চেতনাৰ অভাব থকা এচাম চৰকাৰী বিষয়াই জাতিটোক আটাইতকৈ দুর্বল কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে সেইসকল বিষয়াক সকীয়নী দিয়ে।

সামাজিক প্ৰতিৰোধৰ বিকল্প নাথাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমাজে যেতিয়া অর্থনীতি হাতত লয়, সমাজে যেতিয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত লয়, তেতিয়া জাতি শক্তিশালী হয়। সামাজিক প্ৰতিৰোধ আৰু সামাজিক বিকাশ এই দুয়োটা কামত চৰকাৰ আৰু জাতিয়ে হাতত হাত ধৰি আগবাঢ়িলে জাতিৰ প্ৰগতি আৰু বিকাশক কোনেও ৰুধিব নোৱাৰে বুলি তেওঁ কয়। শ্বহীদ দিবসৰ এই পবিত্ৰক্ষণত সমগ্র অসমীয়া জাতিক প্রতিটো কাম আৰু উদ্দেশ্য সাধন কৰিবলৈ যাওঁতে জাতিটোৰ ভৱিষ্যত যাতে প্রতিটো মুহূর্ততে মনত ৰাখে তাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে ঘাট-প্রতিঘাটৰ মাজতো অসম জীয়াই আছিল আৰু জীয়াই থাকিব।

মুখ্যমন্ত্রীয়ে দেওবাৰে নির্মীয়মান শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভৰ অগ্রগতিৰ বুজ লোৱাৰ লগতে অনুষ্ঠানত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে শ্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত কৃষি আদি বিভাগৰ মন্ত্রী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, গুবাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্য সভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কদ্বয় ৰমেন্দ্ৰ নাৰায়ন কলিতা, পৰমানন্দ ৰাজবংশী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, অসম চুক্তি ৰূপায়ণ বিভাগৰ বিশেষ সচিব অশোক বর্মন, অসম আন্দোলনৰ শ্বহীদ আৰু নির্যাতিতসকলৰ পৰিয়ালবৰ্গ প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।