জামা মছজিদত পুৰুষ লগত নোহোৱাকৈ অহা মহিলাৰ প্ৰৱেশ নিষিদ্ধ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
দিল্লীৰ জামা মছজিদ
দিল্লীৰ জামা মছজিদ
নতুন দিল্লী
 
তালিবান দৰে এক নিৰ্দেশনাত জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমদ বুখাৰীয়ে নিৰ্দেশ দিছে যে দিল্লীৰ ঐতিহাসিক মোগল যুগৰ মছজিদটোৰ ভিতৰত মহিলাক অকলে বা গোটত অহাৰ অনুমতি দিয়া নহ’ব।
 
জামা মছজিদ পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰে এক নিৰ্দেশ জাৰি কৰি পুৰণি দিল্লীৰ ঐতিহাসিক স্থানটোলৈ মহিলাক অকলে বা দলবদ্ধভাৱে অহাত নিষেধাজ্ঞা আৰোপ কৰে। এই আদেশ মছজিদৰ প্ৰৱেশদ্বাৰত লগাই দিয়া হৈছে।
 
জামা মছজিদৰ প্ৰৱেশদ্বাৰত জাননীখন
 
জামা মছজিদৰ জনসংযোগ বিষয়া ছাবিউল্লাহ খানে দাবী কৰে যে “পৰিয়াল বা বিবাহিত দম্পতীৰ সৈতে মহিলা অহাত কোনো বাধা নাই।
 
"পৰিয়ালৰ সৈতে ছোৱালী/মহিলা অহাত কোনো বাধা নাই, বিবাহিত দম্পতীৰ ওপৰতো কোনো বাধা নাই। মহিলা যেতিয়া অকলে আহে তেতিয়া তেওঁলোকে অনুচিত কামত লিপ্ত হয় আৰু ভিডিঅ' শ্বুট কৰে। এই নিষেধাজ্ঞা হৈছে এইটো বন্ধ কৰা।"
এইটো মূলতঃ মহিলাৰ মৌলিক অধিকাৰ খৰ্ব কৰা আৰু এই সন্দৰ্ভত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে জামা মছজিদ কৰ্তৃপক্ষক জাননী জাৰি কৰিছে।
 
টুইটাৰত মালিৱালে কয়:
জামা মছজিদত মহিলাৰ প্ৰৱেশ বন্ধ কৰাৰ সিদ্ধান্ত একেবাৰে ভুল। পুৰুষৰ যিমানেই প্ৰাৰ্থনা কৰাৰ অধিকাৰ আছে, নাৰীৰো সমান অধিকাৰ আছে। জামা মছজিদৰ ইমামক জাননী জাৰি কৰিছো। এনেকৈ মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ অধিকাৰ কাৰো নাই।
 
স্বাতী মালিৱাল আৰু শ্বাহী ইমাম চৈয়দ আহমদ বুখাৰী
 
তেওঁৰ এই পোষ্টটোৱে টুইটাৰত বিতৰ্কৰ সূচনা কৰিছে আৰু বহুতে মালিৱালক ধৰ্মীয় বিষয়ত হস্তক্ষেপ নকৰিবলৈ কোৱাৰ বিপৰীতে কিছুমানে তেওঁৰ এই কাৰ্যক সমৰ্থন জনাইছে আৰু তেওঁ মহিলাৰ এটা গোটক নেতৃত্ব দি মছজিদত প্ৰৱেশ কৰিবলৈ পৰামৰ্শ দিছে।
 
শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে আৱাজ-দ্য ভইচক কয় যে পুৰুষ-মহিলাসকলে আনন্দৰ বাবে অহা আৰু মছজিদৰ চৌহদ আপত্তিজনক কাম-কাজৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু তেওঁ বুজাব পৰা নাছিল যে কিয় কেৱল মহিলাকহে নিষিদ্ধ কৰা হৈছিল আৰু পুৰুষক নহয় বা মছজিদ কৰ্তৃপক্ষই এই বিষয়ত মানুহক কিয় সকীয়াই নিদিলে আৰু তাৰ পৰিৱৰ্তে নাৰী বিৰোধী স্থিতি গ্ৰহণ কৰিলে।