হিন্দু-মুছলমানৰ সমন্বয়ে অতিক্ৰম কৰিলে শ্যামা পূজাৰ ধৰ্মীয় পৰম্পৰা

Story by  Munni Begum | Posted by   Imtiaz Ahmed • 5 Months ago
ধাৰাপুৰ চাৰিআলি কালী মন্দিৰ; (সোঁফালে) মন্দিৰৰ ভিতৰত দেৱীৰ প্ৰতিমা
ধাৰাপুৰ চাৰিআলি কালী মন্দিৰ; (সোঁফালে) মন্দিৰৰ ভিতৰত দেৱীৰ প্ৰতিমা
মুন্নী বেগম / গুৱাহাটী
 
গুৱাহাটী মহাগৰীৰ ধাৰাপুৰ অঞ্চলত হিন্দু-মুছলমানৰ সমন্বয়ে অতিক্ৰম কৰিলে ধৰ্মীয় পৰম্পৰা। কিয়নো এই অঞ্চলত অনুষ্ঠিত শ্যামা পূজাত হিন্দু লোকৰ সমান্তৰালকৈ আগভাগ লৈ আহিছে মুছলমান সম্প্ৰদায়ৰ লোকে। পূজাৰ পেণ্ডেল সজা, মন্দিৰ চৌহদ পৰিস্কাৰ কৰাৰ লগতে প্ৰসাদ তথা পূজাৰ ভোগ আগবঢ়াই আহিছে ইছলাম ধৰ্মালম্বী লোকে। এই পুজাখন হৈছে মহানগৰীৰ ধাৰাপুৰ চাৰিআলিৰ শ্ৰী শ্ৰী কালী মন্দিৰত অনুষ্ঠিত শ্যামা পূজা।  
 
আৱাজ - দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ধাৰাপুৰ চাৰিআলিৰ শ্ৰীশ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ সাধাৰন সম্পাদক হিৰেন কলিতাই কয়, "দক্ষিণ কামৰূপৰ ধাৰাপুৰ অঞ্চলটো হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকেৰে পৰিবেষ্টিত। প্ৰায় ৮১ বছৰ পূৰ্বে হিন্দু তথা মুছলমান সম্প্ৰদায়ৰ লোকৰ যৌথ প্ৰচেষ্টাত অঞ্চলটোত মা কালী এটা মন্দিৰ স্থাপন কৰা হৈছিল। যিটো মন্দিৰে বৰ্তমান সম্প্ৰীতিৰ এক প্ৰতীক হৈ পৰিছে। কিয়নো প্ৰতিবছৰে এই মন্দিৰত অনুষ্ঠিত কালী পূজাৰ দিনটোত দক্ষিন কামৰূপৰ হিন্দু লোকসকলৰ সমান্তৰালকৈ মুছলমান লোকসকলেও পূজা আয়োজনত আগভাগ লৈ আহিছে। 
 
ধাৰাপুৰ চাৰিআলি কালী মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ
 
"কালী পূজাৰ উদযাপনৰ সময়ত মন্দিৰ পৰিস্কাৰ কৰা, পেণ্ডেল সজা, প্ৰসাদ ভোগ আদিৰ উপৰিও অঞ্চলটোৰ মুছলমান ধৰ্মালম্বীলোকে আৰ্থিক অনুদানো আগবঢ়াই আহিছে। তেওঁলোকে যিদৰে ঈদ উদযাপন কৰে, ঠিক একেদৰে দূৰ্গা পূজা, কালী পূজা তথা লক্ষ্মী পূজাও উৎসাহেৰে উদযাপন কৰি আহিছে। তেওঁলোকে পূজাৰ সময়ত পূৱাৰে পৰা নিশালৈ ৰং ধেমালী কৰি ফটকা ফুটাই পূজা উদযাপন কৰা দেখা যায়। এইবেলিও ইয়াৰ কোনো ব্যতিক্ৰম নহয়। কিয়নো এইবাৰো কালী পূজাত অঞ্চলটোৰ ৮০ শতাংশ মুছলমানলোকে সহায়-সহযোগিতা আগবঢ়াইছে।"   
 
দক্ষিণ কামৰূপৰ সৰ্ববৃহৎ কালী মন্দিৰ হিচাপে পৰিগণিত হোৱা ধাৰাপুৰৰ এই শ্ৰীশ্ৰী কালী মন্দিৰটোক লৈ জনবিশ্বাস আছে যে এই মন্দিৰত পুজা আগবঢ়ালে ভক্তৰ মনোবাঞ্চা পূৰণ হয়। সেয়েহে পূৰ্বৰে পৰা দুৰ-দুৰণিৰ বিভিন্ন স্থানৰ পৰা হিন্দু ধৰ্মালম্বীৰ লোকৰ লগতে মুছলমান তথা অন্য ধৰ্মালম্বীৰ লোকৰো যথেষ্ট সমাগম হোৱা দেখা যায়।
 
ধাৰাপুৰ চাৰিআলি কালী মন্দিৰৰ কাষৰ বজাৰ
 
শ্ৰীশ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা উমেদ আলীয়ে কয়, "মই প্ৰতিবছৰে মন্দিৰ সকলো ধৰণৰ কামকাজৰ সৈতে জড়িত হৈ আহিছো। এইবেলিও পূজাৰ কামত যিমান সম্ভৱ সহায় আগবঢ়াই আহিছো। আমাৰ বাবে এই মন্দিৰটো কেৱল হিন্দু লোকৰ মন্দিৰ নহয়। ধাৰাপুৰ অঞ্চলৰ প্ৰতিগৰাকী মুছলমানলোকৰ বাবেও এই মন্দিৰৰ মাহাত্ম্য আছে। কিয়নো মন্দিৰৰ আৰম্ভণিৰ পৰায়ে হিন্দু ধৰ্মালম্বীৰ লোকৰ দৰে ধাৰাপুৰ অঞ্চলৰ মুছলমান লোকসকলেও মন্দিৰত পাৰ, ছাগলী আদি উৎসৰ্গা কৰি আহিছে। অঞ্চলটোৰ মুছলমান ধৰ্মালম্বী লোকসকলে বিশ্বাস কৰি আহিছে যে, মন্দিৰৰ চৌহদ থকা পুখুৰীৰ পানীৰে গা ধুৱালে বসন্ত ৰোগ নিৰাময় হয়। সেয়েহে কোনো লোক যদি বসন্ত ৰোগত আক্ৰান্ত হয়, তেন্তে মন্দিৰৰ পুখুৰীৰ পনীৰে গা ধুৱায় অহাৰ এক পৰম্পৰা চলি আহিছে।
 
আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ধাৰাপুৰ অঞ্চলটো প্ৰধানভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। পুৰাতন কালৰে পৰা ধাৰাপুৰৰ সমীপৰ চৰ নেহালী বালিচৰত উৎপন্ন হোৱা  সতেজ  শাক-পাচলি দৈনিক ধাৰাপুৰ চাৰিআলিৰ বজাৰত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে  বিক্ৰী কৰি জিৱীকা নিৰ্বাহ কৰি আহিছে। এই বজাৰখনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হৈ আহিছে। এই বজাৰখনক কেন্দ্ৰ কৰিয়ে ব্যৱসায়ীসকলে ধৰাপুৰ চাৰিআলিত কালি মন্দিৰৰ স্থাপন কৰিছিল।
 
দেৱালী উপলক্ষে ধাৰাপুৰ চাৰিআলিৰ এটা মুছলমান সম্প্ৰদায়ৰ লোকৰ ঘৰ আলোকিত কৰা হৈছে
 
শ্ৰীশ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদক ভৱেশ কলিতাই কয়, "ধাৰাপুৰত হিন্দু-মুছলমানৰ মাজত কোনো প্ৰভেদ নাই। আমাৰ ইয়াত মুঠ ২৪ খন পাৰা আছে। ইয়াৰে ভিতৰত মজিল পাৰাখন একমাত্ৰ মুছলমান পাৰা। যিখন পাৰাত প্ৰায় ১২০০ লোকে বসবাস কৰি আহিছে। এই পাৰাৰ প্ৰতিগৰাকী ব্যক্তিয়ে পুজ-পাৰ্বনত আমাক সহায়-সহযোগিতা আগবঢ়াই আহিছে। ইয়াৰোপৰি দেৱালীৰ সময়ত এইখন পাৰাত বসবাস কৰা প্ৰতিগৰাকী লোকে তেওঁলোকৰ ঘৰৰ চৌহদত কলপুলি পুতি চাকি বন্তি জ্বলাই দেৱালী উদযাপন কৰি আহিছে। ধাৰাপুৰ চাৰিআলিৰ শ্ৰীশ্ৰী কালী মন্দিৰটো নিৰ্মানৰ সময়ৰ পৰাই  অঞ্চলটোৰ হিন্দুলোক সকলৰ লগতে মহম্মদ বৰকত আলী, আলতাফ হুছেইন  বাখৰু আলী, প্ৰয়াত হাৰেজ আলী, অনোৱাৰ হুছেইনকে ধৰি ৮০ শতাংশ ইছলাম ধৰ্মালম্বী লোকে পূজা আয়োজনত আগভাগ লৈ আহিছে। তেওঁলোকে পূজাৰ দিনা ভক্তৰ বাবে খিচিৰি ভোগ,পায়স ভোগ  আদি আগবঢ়োৱাৰ লগতে দৈনিক পূজাত নবৈদ্য আগবঢ়াই আহিছে। তেওঁ লোকে  কেতিয়াও মন্দিৰটোক হিন্দু লোকৰ উপাসনাৰ স্থান হিচাপে গ্ৰহন কৰা নাই। তেওঁলোকে মুছলমান লোকৰো উপাসনাৰ স্থলী হিচাপে গ্ৰহন কৰিছে। যাৰ প্ৰমাণ পুজাৰ সময়ত স্পষ্টভাৱে দৃশ্যমান হয়।"
 
ধাৰাপুৰ চাৰিআলি শ্যামা পূজা সমিতিয়ে এই মন্দিৰত আজিৰে পৰা ১৪ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শ্যামা পূজাৰ আয়োজন কৰিছে বুলি সম্পাদক হীৰেন কলিতাই জনায়। তেওঁ কয় যে, আজি বৃক্ষ ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচীৰ লগতে ওজাপালিও পৰিবেশন কৰা হব। ১৩ নৱেম্বৰত নাম কীৰ্ত্তন, মহিলাৰ নাগাৰা নাম পৰিবেশনৰ লগতে দীপাম্বিতা পালন কৰা হব আৰু ১৪ নৱেম্বৰত নাম কীৰ্ত্তন আৰু নাগাৰা নাম পৰিবেশন কৰা হব।