দলৈ সমাজক কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব; উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

Story by  atv | Posted by  [email protected] • 11 Months ago
কামাখ্যা মন্দিৰ প্ৰাংগন
কামাখ্যা মন্দিৰ প্ৰাংগন
 
গুৱাহাটী

ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ ধৰ্মীয় কাম-কাজকে ধৰি সকলো কাম-কাজৰ পৰিচালনাৰ দায়িত্ব দলৈ সমাজক প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনা খাৰিজ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা মন্দিৰক লৈ এই গুৰুত্বপূৰ্ণ নির্দেশনা প্রদান কৰিছে। 
 
দলৈ সমাজে স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে মন্দিৰৰ কাম-কাজ সন্তোষজনকভাৱে আগবঢ়াই নিয়া বুলি অসম চৰকাৰে শপতনামা দাখিলৰ পিচতে উচ্চতম ন্যায়ালয়ে কামাখ্যা মন্দিৰত বৰ্তমান চলি থকা ব্যৱস্থাপনা অব্যাহত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে।
 
উল্লেখ্য যে, কামাখ্যা মন্দিৰৰ সামগ্রিক ব্যৱস্থাপনাক লৈ কেতবোৰ ওজৰ-আপত্তিৰে এজন লোকে ২০১৫ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পি আই এল ১০/২০১৫) দাখিল কৰিছিল। এই পি আই এলখনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ভক্ত আৰু ৰাইজে মন্দিৰলৈ আগবঢ়োৱা দান গ্ৰহণৰ কৰ্তৃত্ব জিলা উপায়ুক্ত প্ৰদান কৰি ইয়াৰ বাবে সুকীয়া একাউণ্টৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
 
লগতে একাউণ্টৰ ধনসমূহ কামাখ্যা মন্দিৰৰ উন্নয়নমূলক কাম-কাজত খৰচ কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হয়। কিন্তু উচ্চ ন্যায়ালয়ে দিয়া এনে নির্দেশনাৰ পুনৰীক্ষণ বিচাৰি দলৈ সমাজৰ হৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই উচ্চ ন্যায়ালয়ত এখন পুনৰীক্ষণ আবেদন (১৫/২০১৬) দাখিল কৰে। কিয়নো, পূৰ্বতে উচ্চতম ন্যায়ালয়েই স্বীকৃতি দিছিল যে কামাখ্যা মন্দিৰৰ সকলো ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ দিশসমূহৰ ব্যৱস্থাপনাৰ অধিকাৰ দলৈ সমাজৰ হাতত থাকিব।
 
সর্বোচ্চ ন্যায়ালয়ে দিয়া এনে পৰ্যবেক্ষণৰ বাবেই দলৈ সমাজৰ হৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পুনৰীক্ষণ বিচাৰে। কিন্তু পুনৰীক্ষণ আবেদনখনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে দলৈ সমাজক সকাহ নিদিলে। ফলত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই এইবাৰ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনৰ শুনানিকালতে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত দুখনকৈ শপতনামা দাখিল কৰে। 
 
মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত মা কামাখ্যা কৰিডৰ নিৰ্মাণকে ধৰি অন্যান্য দিশসমূহ আলোচনা কৰাৰ কথা উল্লেখ কৰি অসম চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে স্থানীয় প্ৰশাসনৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি দলৈ সমাজে মন্দিৰৰ প্ৰশাসন সন্তোষজনকভাৱে চলাই আছে।