আজি শিল্পী দিৱস

Story by  atv | Posted by  Munni Begum • 3 Years ago
ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
গুৱাহাটী
 
আজি শিল্পী দিৱস। এই দিৱস উপলক্ষে সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতৰ মধুৰ মূর্ছনাৰে আজি মুখৰ হৈ পৰিব ৰাজ্যৰ বিভিন্ন প্রান্ত। 
শিল্পী দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি বিয়লি মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অসম চৰকাৰৰ শিল্পী দিৱসৰ কেন্দ্রীয় অনুষ্ঠান অনুষ্ঠিত হ'ব। আজিৰ এই অনুষ্ঠানত কেইবাগৰাকীও যশস্বী শিল্পী-সাহিত্যিকক অসম চৰকাৰৰ শিল্পী বঁটা, সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, নটসূর্য ফণী শৰ্মা বঁটা, বীৰ ৰাঘৱ মৰাণ বঁটা আৰু বিষ্ণু ৰাভা শিল্পী বঁটা প্ৰদান কৰা হ'ব।  
সুন্দৰৰ পূজাৰী, অসমৰ ভাষা-সংস্কৃতিৰ একান্ত সাধক জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া গীতৰ সুৰ পুনৰ সজাই তুলি নতুন ৰূপত প্ৰতিষ্ঠা কৰিছিল। প্রথম অসমীয়া কথাছবি 'জয়মতী'সহ দুখনকৈ কথাছবিৰ পৰিচালনা, নির্মাণ, আঠখনকৈ নাটক, আঠটা গল্প, এখন উপন্যাস, বহু কবিতা আৰু গানেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভৰাল চহকী কৰা জ্যোতিপ্ৰসাদ আগৰৱালাক কোনোকালে পাহৰিব নোৱাৰে অসমবাসীয়ে। 
মহানগৰীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত  'তোৰে মোৰে আলোকেৰে যাত্রা' শীর্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে ৰাজ্যৰ বিভিন্ন স্থানতো বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান আৰু দল-সংগঠনৰ উদ্যোগত শিল্পী দিৱসৰ আয়োজন কৰা হৈছে।
ক'ভিড প্ৰট'কলৰ মাজেৰে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডুমডুমাত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় শিল্পী দিৱসৰ অনুষ্ঠান। অৱশ্যে ৰাজ্যৰ সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ  পৰিপ্ৰেক্ষিতত শোভাযাত্রাকে যৰি ছাত্ৰ সন্থাৰ এই শিল্পী দিৱসৰ কিছু কাৰ্যসূচী বাতিল কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে।