নৌছাদ আখতাৰ/ গয়া (বিহাৰ)
ভাৰতৰ এখন সৰু গাঁৱৰ পৰা আহি ডুবাই আৰু শ্বাৰজাহৰ আটকধুনীয়া ষ্টেডিয়ামত দীঘল ছিক্সাৰ কোবোৱালৈকে, এয়া এক সপোন বাস্তৱায়িত হোৱাৰ কাহিনী। বিহাৰৰ গয়া জিলাৰ বাসিন্দা শ্বোৱেইব খানে এই সপোনক বাস্তৱত পৰিণত কৰিছে। আই পি এল ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছৰ সহযোগী দল ডুবাই কেপিটেলছৰ ডেভেলপমেণ্ট টিম (ILT20 Development Tournament 2025)লৈ নিৰ্বাচিত হৈ তেওঁ সমগ্ৰ বিহাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বৰ্তমান শ্বোৱেইবে তাত ডেভেলপমেণ্ট লীগত খেলি আছে, য’ত তেওঁৰ চমকপ্ৰদ প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিহাৰৰ নক্সাল প্ৰভাৱিত অঞ্চল ইমামগঞ্জৰ কোঠী গাঁৱৰ পৰা আহি ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত নাম উজলাই তোলাটোৱেই হৈছে শ্বোৱেইবৰ সাহস, নিষ্ঠা আৰু সংগ্ৰামৰ কাহিনী। শিক্ষা আৰু ক্ৰীড়াৰ মৌলিক সা-সুবিধা নথকা এখন ভিতৰুৱা দূৰ্গম গাঁৱৰ এজন যুৱকৰ এই সাফল্য অজস্ৰজনৰ বাবে প্ৰেৰণাৰ উত্স হৈ পৰে।
শ্বোৱেইবৰ পিতৃ আদীব খান ওৰফে জুগনু খান এজন কৃষক আৰু সমাজকৰ্মী। নক্সালবাদ প্ৰভাৱিত আৰু পিছপৰা অঞ্চলৰ হোৱাৰ পিছতো তেওঁ সদায় পৰিয়ালত শিক্ষাক অগ্ৰাধিকাৰ দিছিল। নিজে এল এল বি ডিগ্ৰীধাৰী হোৱাৰ বাবে তেওঁ নিজৰ সন্তানক ভাল শিক্ষা দিবলৈ কোনো ক্ৰুটি কৰা নাছিল। সেই সময়ত গাঁৱত ভাল স্কুল নথকাৰ বাবে গয়া চহৰৰ জ্ঞান ভাৰতী স্কুলত শ্বোৱেইবক নামভৰ্তি কৰাই দিছিল।
শ্বোৱেইব খান
ইয়াৰ পৰাই শ্বোৱেইবৰ ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ গভীৰ হৈ উঠিল। প্ৰথম অৱস্থাত পিতৃ-মাতৃয়ে তেওঁৰ ক্ৰীড়া কেৰিয়াৰক লৈ আশংকাত ভুগিছিল যদিও শ্বোৱেইবৰ জেদী আৰু আবেগৰ ওচৰত নতশিৰ হ’বলগীয়া হৈছিল। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত জিলা দুৰ্যোগ ব্যৱস্থাপনাত এইচ আৰ ভি চি এ হিচাপে কৰ্মৰত শ্বোৱেইবৰ জ্যেষ্ঠ ভাতৃ আলতামাছ খানে কয় যে বিদ্যালয় পৰ্যায়ত খেলাৰ পিছত শ্বোৱেইবে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল।
এই সময়ছোৱাত তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়লৈ নিৰ্বাচিত হয় আৰু তাতেই তেওঁ পঢ়া-শুনাৰ লগতে ক্ৰিকেট অব্যাহত ৰাখে। ইয়াত নিজৰ উন্নত প্ৰদৰ্শনেৰে তেওঁ বিশ্ববিদ্যালয়ৰ দলত স্থান দখল কৰাৰ লগতে দেশৰ বহু ডাঙৰ খেলুৱৈৰ সৈতে চেৰিটি মেচ আৰু বিশ্ববিদ্যালয় ডেভেলপমেণ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
শ্বোৱেইবৰ সপোন আছিল ভাৰতৰ হৈ খেলা, কিন্তু বিহাৰ ৰঞ্জী দলত স্থান নোপোৱাৰ পিছত তেওঁ অতি হতাশ হৈছিল। এটা সময়ত তেওঁ ক্ৰিকেট এৰিবলৈ সিদ্ধান্ত লৈছিল। তাৰ পিছত ডুবাইত ক্ৰিকেট খেলিবলৈ এক সুযোগ পোৱাৰ লগে লগে শ্বোৱেইবে তালৈ যাবলৈ সাজু হ’ল। এই ক্ষেত্ৰত দেউতাকে তেওঁক সম্পূৰ্ণৰূপে সহায় কৰিছিল। পুত্ৰৰ বাবে তেওঁ মাহৰ পিছত মাহ ধৰি ঘৰৰ পৰা পইচা পঠিয়াই থাকিল। লাহে লাহে শ্বোৱেইবে ডুবাই আৰু শ্বাৰজাহৰ বহু ক্লাবত খেলিবলৈ আৰম্ভ কৰি পেছাদাৰী ক্ৰিকেটাৰ হিচাপে নিজৰ নাম উজলাইছিল।
ডুবাইত এক ক্ৰিকেট লীগত জয়ৰ পিছত সতীৰ্থৰ সৈতে শ্বোৱেইব খান
অৱশেষত শ্বোৱেইবে কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিলে আৰু এতিয়া তেওঁ ডুবাই আন্তঃৰাষ্ট্ৰীয় দলৰ সৈতে চুক্তিবদ্ধ হৈছে। ক্লাব ক্ৰিকেটত ধাৰাবাহিকভাৱে উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁ মেচ খেলাৰ বাবেও ধন লাভ কৰিবলৈ আৰম্ভ কৰিছে। ডুবাইৰ ক্ৰিকেট খেলপথাৰখনে শ্বোৱেইবৰ সপোনক নতুন উৰণ দিছে।
তেওঁৰ উৎকৃষ্ট ফিল্ডিঙৰ বাবে এমিৰেটছ ক্ৰিকেট ব’ৰ্ডেও তেওঁক সন্মান জনাইছে। যোৱা বছৰ তেওঁ প্লেয়াৰ অৱ দ্য মেচ আৰু বেষ্ট ফিল্ডাৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটাও লাভ কৰিছিল। আই এল টি ২০ ডেভেলপমেণ্ট লীগত ডুবাই কেপিটেলছৰ হৈ প্ৰথমখন মেচত শ্বোৱেইবে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰে। প্ৰথম ইনিংছত তেওঁ ৩৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। ৩টা ছয় আৰু ১ বাউণ্ডেৰীৰ সহায়ত তেওঁ এই ইনিংছটো সজায়।
শ্বোৱেইবৰ এই আক্ৰমণাত্মক ইনিংছৰ সহায়ত দলটোৱে ৫ ৰানত ৰোমাঞ্চকৰ জয় লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰদৰ্শনে দলটোক প্ৰথম জয় প্ৰদান কৰাই নহয়, শ্বোয়েইব নিজৰ দলৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপেও পৰিগণিত হয়। নক্সাল প্ৰভাৱিত কোঠী গাঁৱৰ এজন খেলুৱৈয়ে ডুবাইৰ জিলিকি থকা টি-২০ লীগত এনে প্ৰদৰ্শন কৰাটো সঁচাকৈয়ে বিশ্বাস কৰিব নোৱাৰা কথা। তেওঁৰ উন্নত প্ৰদৰ্শনৰ খবৰ যেতিয়া গাঁওৱাসীয়ে লাভ কৰিলে, তেতিয়া তাত উত্সৱমুখৰ পৰিৱেশ বিৰাজ কৰিলে।
শ্বোৱেইবৰ ভাতৃ আলতামাছ খানে কয় যে যদি শ্বোৱেইবে আই এল টি ২০ ডেভেলপমেণ্ট লীগত ভাল প্ৰদৰ্শন কৰে, তেন্তে এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় আই এল টি ২০ ২০২৬ ছিজনৰ নিলামত তেওঁৰ নাম অহাৰ সম্ভাৱনা আছে। তেওঁ আশা কৰে যে শ্বোৱেইবে কোনোবা এটা দলত নিশ্চিয় স্থান পাব আৰু হয়তো ডুবাই কেপিটেলছে তেওঁক চুক্তিবদ্ধ কৰিব।
আলতামাছে লগতে কয় যে শ্বোৱেইবৰ সপোন এদিন আই পি এলত খেলা আৰু যদি তেওঁ এমিৰেটছ দলত নিৰ্বাচিত হয় তেন্তে তেওঁ বিদেশী খেলুৱৈ হিচাপে আই পি এল খেলাৰ সুযোগ পাব পাৰে। শ্বোৱেইব খানৰ সফলতাৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে তেওঁৰ পিতৃ জুগুনু খানৰ ত্যাগ আৰু সমৰ্থন।
১৯৯০ চনৰ পৰা ২০১০ চনলৈ নক্সাল প্ৰভাৱিত আৰু পিছপৰা অঞ্চলত বাস কৰিও জুগুনু খানে নিজৰ সন্তানৰ শিক্ষা আৰু সপোনৰ লগত আপোচ কৰা নাছিল। তেওঁ কয় যে নক্সালবাদীৰ ভয়ৰ বাবে এটা সময়ত খেতি কৰাও কঠিন হৈ পৰিছিল। এই কঠিন পৰিস্থিতিৰ মাজতো তেওঁ নিজৰ সন্তানক গয়াজীৰ হোষ্টেলত ৰাখি উচ্চ শিক্ষা প্ৰদান কৰিছিল।
জুগুনু খানে কয় যে যেতিয়া শ্বোৱেইবে গয়াৰ এখন ব্যক্তিগত বিদ্যালয়ত পঢ়ি আছিল তেতিয়া ক্ৰিকেটৰ প্ৰতি তেওঁৰ আকৰ্ষণ বৃদ্ধি হৈছিল। স্কুল বন্ধৰ সময়ত জুগুনুৱে দৈনিক মটৰ চাইকেলেৰে ১০০ কিলোমিটাৰ দূৰৈৰ গয়াজীৰ গান্ধী ময়দানলৈ লৈ গৈছিল, আৰু তাত ক্ৰিকেটৰ অনুশীলন কৰিছিল।
মেট্ৰিকলৈকে পঢ়াৰ সময়তো শ্বোৱেইবৰ প্ৰেকটিছৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছিল। পিছত পৰিয়ালটোৱে গাঁৱৰ নিজৰ ফাৰ্মত এখন পিটচ প্ৰস্তুত কৰি ল’লে, য’ত শ্বোৱেইবে নিয়মিতভাৱে অনুশীলন কৰিছিল। ছোৱাইবে ৬ বছৰ বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। দেউতাকৰ মতে সৰুৰে পৰা এই আবেগ তেওঁৰ মাজত গভীৰ আছিল।
১২ বছৰ বয়সত শ্বোৱেইবে নিজৰ গাঁও কোঠীত ‘কোঠী ক্লাব’ স্থাপন কৰিছিল, যাতে গাঁৱৰ ল’ৰা-ছোৱালীয়েও ক্ৰিকেট উপভোগ কৰিব পাৰে। তেওঁ নিজেই এখন গ্ৰাউণ্ডো সাজু কৰি তুলিছিল। শ্বোৱেইবৰ পিতৃ জুগুনু খানে কয়, "ভাৰতত ক্ৰিকেটৰ প্ৰতি এক বেলেগ আকৰ্ষণ আছে, কিন্তু খেলুৱৈৰ ভিৰ ইমানেই যে পিছপৰা গাঁৱৰ পৰা জাতীয় দলত স্থান লাভ কৰাটো অতি কঠিন। বিহাৰ ৰঞ্জী দলৰ বহু শিবিৰত শ্বোৱেইব নিৰ্বাচিত হৈছিল, কিন্তু মূল দলত সুযোগ নাপালে। ডুবাইৰ পৰা পোৱা সুযোগটো শ্বোৱেইবৰ বাবে উপযুক্ত বুলি প্ৰমাণিত হ’ল।"
শ্বোৱেইব খানৰ এই কাহিনীটো কেৱল এজন খেলুৱৈৰ সফলতাৰ কাহিনী নহয়, এটা পৰিয়ালৰ সংগ্ৰাম, এজন পিতৃৰ ত্যাগ আৰু এখন সৰু গাঁৱৰ ডাঙৰ সপোনৰো কাহিনী। ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে যদি সাহস আৰু সপোন থাকে, তেন্তে কোনো বাধাই আপোনাক বাধা দিব নোৱাৰে। আজি শ্বোৱেইবে ডুবাইৰ ক্ৰিকেট খেলপথাৰত প্ৰতিটো ৰান, প্ৰতিটো ছিক্সাৰ, প্ৰতিটো বাউণ্ডেৰীৰে নিজৰ গাঁও আৰু বিহাৰক গৌৰৱান্বিত কৰি তুলিছে, আৰু তেওঁৰ এই যাত্ৰাই বহু যুৱকক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছে।