নলবাৰী জিলাৰ তিনিখন গাঁওৰ দুই লাখ হিন্দু-মুছলমান বাসিন্দাই একেলগে উদযাপন কৰিব পোহৰৰ উৎসৱ দীপাৱলী

Story by  Daulat Rahman | Posted by  Munni Begum • 6 Months ago
পানীগাঁও গাঁৱৰ কালী পূজা
পানীগাঁও গাঁৱৰ কালী পূজা
 
দৌলত ৰহমান / গুৱাহাটী
 
ডেৰ শতিকাৰো অধিক সময় পূৰ্বে পশ্চিম অসমৰ নলবাৰী জিলাৰ হিন্দু আৰু মুছলমান গাঁওবাসীয়ে শান্তি-সম্প্ৰীতিৰে জীয়াই থকাৰ এক অভিনৱ  পদক্ষেপ আৰম্ভ কৰিছিল। এই পদক্ষেপে এতিয়া নতুন ৰূপ ধাৰণ কৰিছে আৰু সন্ধেলী, পকোৱা আৰু পানীগাঁও গাঁৱৰ প্ৰায় ২ লাখ গাঁওবাসীয়ে এতিয়া ধৰ্মীয় পৰিচয় নিৰ্বিশেষে দীপাৱলী আৰু কালী পূজা উদযাপন কৰে।
 
“কেইবছৰমান আগতে সন্ধেলি, পকোৱা আৰু পানীগাঁৱৰ আমাৰ পূৰ্বপুৰুষসকলে (হিন্দু আৰু মুছলমান উভয়ে)  প্ৰতিজ্ঞা কৰিছিল যে আন ঠাইত চলি থকা সাম্প্ৰদায়িক অশান্তিয়ে এই তিনিখন গাঁওক স্পৰ্শ কৰিব নোৱাৰিব। তেওঁলোকে প্ৰতিদিনে তিনিওখন গাঁৱৰ সংযোগস্থানত লগ হৈছিল আৰু বৈচিত্ৰ্যৰ মাজত কেনেকৈ ঐক্য আৰু সংহতি বজাই ৰাখিব পাৰি সেই বিষয়ে আলোচনা কৰিছিল। আমাৰ পূৰ্বপুৰুষৰ মিটিং পইণ্টৰ নাম এতিয়া মিলন চ'ক বুলি ৰখা হৈছে। এনে সভাৰ সময়ত গাঁওবাসীয়ে ইজনে সিজনৰ উৎসৱ আয়োজন কৰাত সহায় কৰাৰ লগতে ভাল কথা-বতৰাবোৰ ইজনে-সিজনৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত লয়। প্ৰায় এদশক পূৰ্বে আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলিৰ চিন হিচাপে আমি হিন্দু আৰু মুছলমান উভয়ে মিলন চ'কত একেলগে দীপাৱলী উদযাপন কৰিবলৈ আৰম্ভ কৰিছিলোঁ।"- মিলন চ’কৰ সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা সমিতিৰ সভাপতি মহম্মদ ইব্ৰাহিম আলীয়ে কয়।
 
হিন্দু-মুছলমান লোকে একত্ৰিত হৈ নলবাৰীৰ মিলন চ’কৰ শ্যামা পূজা দেৱী কালীৰ প্ৰতিমা বিসৰ্জন দিয়াৰ এক মূহুৰ্ত
 
তিনিখন গাঁৱৰ পূৰ্বপুৰুষৰ মিলন চ’কত নিয়মীয়াকৈ অনুষ্ঠিত হোৱা বৈঠকে কঠিন সময়তো গাঁওবাসীক সম্প্ৰীতি বজাই ৰখাত সহায় কৰিছে।
 
আলীয়ে আৱাজ-দ্য ভইচ'ক জনাইছে যে মিলন চ’কত শ্যামা পূজা আয়োজন কৰাৰ তিনিটা প্ৰধান উদ্দেশ্য আছে। তেওঁ কয় যে শ্যামা পূজা আৰু দীপাৱলীৰ জৰিয়তে গাঁৱৰ মানুহে (হিন্দু আৰু মুছলমান উভয়ে) নিজৰ গাঁৱৰ পৰা সকলো অপশক্তি আৰু দুষ্টচক্ৰক খেদি পঠিয়াবলৈ প্ৰাৰ্থনা কৰে। উল্লেখ্য যে, শ্যামা হৈছে মা কালীৰ আন এটা নাম। 
 
"এনে পূজা আৰু দীপাৱলী আয়োজন কৰাৰ দ্বিতীয়টো উদ্দেশ্য হৈছে গাঁওবাসীৰ মাজত ভাতৃত্ববোধ আৰু অধিক শক্তিশালী কৰা। তৃতীয় উদ্দেশ্যটো হ’ল আমাৰ পূৰ্বপুৰুষৰ ভাল কামক স্মৰণ কৰা।"-আলীয়ে কয়।
 
পানীগাঁও গাঁৱৰ মিলন চ’কৰ শ্যামা পূজা দেৱী কালীৰ আশীষ লৈছে ৰাইজে
 
কমিটীৰ উপ-সভাপতি পৰমেশ শৰ্মাই কয় যে হিন্দু আৰু মুছলমানে যৌথভাৱে আয়োজন কৰা উৎসৱসমূহত তিনিওখন গাঁৱৰ লোকে উলহ-মালহেৰে আগভাগ লয়। "আজিকালি কামৰ বাবে গাওঁৰ বহু লোক গাঁৱৰ বাহিৰত থাকে। গতিকে এই ধৰণৰ উৎসৱবোৰে গাঁওবাসীক নিজৰ গাঁৱলৈ ঘূৰি আহি বছৰত এবাৰ নিজৰ শিপা উপলব্ধি কৰাৰ সুযোগ আগবঢ়ায়।"-শৰ্মাই কয়।
 
সমিতিখনে উভয় ধৰ্মৰ লোকে উদযাপন কৰা উৎসৱ যেনে ঈদ আৰু ৰঙালী বিহুৰো আয়োজন কৰে। শৰ্মাই কয় যে উৎসৱমুখৰ অনুষ্ঠানৰ পিছত সম্প্ৰদায়ৰ ভোজ-ভাতৰ বাবেই গাঁওবাসীয়ে আগ্ৰহেৰে বাট চাই থাকে।
 
নলবাৰীৰ মিলন চ’কত অনুষ্ঠিত দীপাৱলীত চাকি জ্বলাইছে ৰাইজে 
 
অহা ১১ আৰু ১২ নৱেম্বৰত মিলন চ’কত সমিতিখনে শ্যামা পূজা আৰু দীপাৱলীৰ আয়োজন কৰিছে বুলি পৰমেশ শৰ্মাই লগতে জানিবলৈ দিয়ে। ধৰ্মীয় অনুষ্ঠানৰ উপৰিও দুদিনীয়া দিৱালী উদযাপনৰ সময়ত গাঁওসমূহ সেউজীয়া আৰু পৰিষ্কাৰ কৰি তোলাৰ বাবে বৃক্ষৰোপন কাৰ্যসূচীও আয়োজন কৰা হৈছে।