বেদান্ত দৰ্শন আধুনিক যুগৰ বাবেও প্ৰাসংগিক হৈ আছেঃ মুখ্যমন্ত্রী শর্মা

Story by  atv | Posted by   Imtiaz Ahmed • 7 Months ago
চিন্ময়া মিচনৰ বার্ষিক দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা
চিন্ময়া মিচনৰ বার্ষিক দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা
গুৱাহাটী

চিন্ময়া মিচনৰ স্থায়ী কেন্দ্ৰ স্থাপনৰ ২০ বছৰ পূৰ্তি আৰু বার্ষিক দিৱস উপলক্ষে আজি ৰুক্মিণীগাঁওস্থিত স্থায়ী কেন্দ্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চিনময়া মিছনে প্রাচীন ভাৰতীয় সংস্কৃতি আৰু বেদান্তৰ বিশেষকৈ উপনিষদ আৰু অন্যান্য হিন্দু শাস্ত্ৰৰ মূল দর্শনক আগুৱাই নিয়াৰ দিশত অৰিহণা আগবঢ়াই আহিছে। তেওঁ কয় যে বেদান্ত দর্শনে গভীৰ প্রজ্ঞাৰে আগুৱাই যোৱাৰ দিশত যি পথ প্ৰদৰ্শন কৰিছে সেয়া আধুনিক যুগৰ বাবেও প্ৰাসংগিক হৈ আছে। বেদৰ পৰা উদ্ভৱ হোৱা ভাৰতৰ প্রাচীন শাস্ত্র বেদান্তই বাস্তৱৰ স্বৰূপ, আত্মা আৰু চূড়ান্ত সত্যৰ দাৰ্শনিক আৰু আধ্যাত্মিক অন্তর্দৃষ্টি প্রদান কৰে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে বেদান্তত নৈতিক আৰু গুণসম্পন্ন জীৱন যাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

সমাজত আধ্যাত্মিক চেতনা বৃদ্ধি আৰু সমন্বয়ৰ বাবে সত্য, দয়া, আত্মনিয়ন্ত্রণ আদি নৈতিক মূল্যবোধ অতিশয় অপৰিহাৰ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বেদান্তই বস্তুবাদী চিন্তাধাৰাৰ পৰা বিচ্ছিন্ন হোৱাৰ শিক্ষা প্রদান কৰে। বেদান্তই জ্ঞানৰ পথ আগবঢ়ায়, য'ত অনুসন্ধান, চিন্তা-চর্চ্চা আৰু আত্ম উপলব্ধি জড়িত হৈ থাকে। তেওঁ লগতে কয় যে বেদান্ত শিক্ষাই আধুনিক যুগত ব্যক্তিক প্রকৃত সত্য বিচাৰিবলৈ আৰু নিজৰ জীৱনৰ অৰ্থ বিচাৰিবলৈ অনুপ্রাণিত কৰে। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ভাগৱতৰ প্রজ্ঞা কালজয়ী আৰু আধুনিক যুগৰ বাবে অত্যন্ত প্রাসংগিক হৈ আছে। ইয়ে গভীৰ অন্তর্দৃষ্টি আৰু পথ প্রদর্শন কৰে। যিয়ে ব্যক্তিক সম সাময়িক জীৱনৰ প্ৰত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়িবলৈ সহায় কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰাটো গীতাৰ আটাইতকৈ গভীৰ শিক্ষা। আনহাতে কৰ্মৰ বন্ধনৰ পৰা মুক্ত হোৱাটোও সমানেই গুৰুত্বপূর্ণ বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে গীতাই আমাক কৰ্মযুগৰ ধাৰণা শিকায় যিয়ে নিস্বার্থ কর্ম আৰু আনৰ বাবে সেৱাৰ মানসিকতাৰে কাম কৰিবলৈ উদগণি যোগায়।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ উত্তৰ-পূব অংশত ইয়াৰ সংস্কৃতিৰ এক গুৰুত্বপূর্ণ উপাদান হিচাপে ধর্মীয় আৰু আধ্যাত্মিক আচাৰ অনুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। প্ৰতিটো জনজাতীয় সম্প্রদায়ে নিজৰ নিজৰ সংস্কৃতি আৰু পৰম্পৰা অনুসৰণ কৰে যাৰ ফলত অঞ্চলটোৰ বৈচিত্ৰতা সমৃদ্ধ হৈ পৰিছে। ৰাজ্য চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় লোকসকলৰ বিশ্বাস, পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে সমাজৰ পৰা জাতি ভেদ, বর্ণবাদ আঁতৰ কৰিবলৈ আধ্যাত্মিক চেতনাই দিয়া নৈতিক শিক্ষাৰে আগুৱাই যাবলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্রীয়ে স্বামী মিত্রানন্দজী আৰু মিছনৰ সকলো স্বামী, ব্রহ্মচাৰিণীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানতে 'সমৰ্পণম-২০২৩' নামৰ স্মৃতিগ্রন্থ এখনো উন্মোচন কৰে।

আজিৰ এই অনুষ্ঠানত চিন্ময়া মিছন, গুৱাহাটীৰ অধ্যক্ষ অমিত জৈন, ব্রহ্মচাৰিণী অনন্য চৈতন্য, স্বামী ব্ৰহ্মচাৰিণী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।