ইমতিয়াজ আহমেদ আৰু আৰিফুল ইছলাম / ভেলৌগুৰি (হোজাই)
আপোনাৰ সন্তান পঢ়া-শুনাত ভাল নেকি? আপুনি আপোনাৰ সন্তানটিক শৈক্ষিক আৰু সামগ্ৰিক দিশত বিকশিত কৰিব বিচাৰে নেকি? কিন্তু আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে আপুনি নিজৰ সন্তানক এনে সুবিধা দিব পৰা নাই নেকি? তেন্তে আপুনি আৰু চিন্তা কৰিব নালাগে। সুগন্ধি ব্যৱসায়ৰ বাবে পৰিচিত অসমৰ বদৰুদ্দিন আজমল আৰু তেওঁৰ পৰিয়ালে পৰিচালনা কৰা 'আজমল ফাউণ্ডেচন'ৰ উদ্যোগত আপোনাৰ সন্তানৰ বাবে এনে এখন শিক্ষানুষ্ঠান স্থাপন কৰিছে। মধ্য অসমৰ হোজাই জিলাৰ ভেলৌগুৰিত আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলত আপোনাৰ সন্তানৰ বাবে সকলো ব্যৱস্থা আছে।
ক'ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ কিছুদিন আগতে ২০১৯ চনত স্থাপন কৰা ভেলৌগুৰি গাঁৱৰ সেউজীয়া ধাননি পথাৰৰ মাজত অৱস্থিত এই বিদ্যালয়খন বৰ্তমানলৈকে চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী আছে। কিন্তু পৰৱৰ্তী পৰ্যায়ত দ্বাদশ শ্ৰেণীলৈ বৃদ্ধি কৰাৰো পৰিকল্পনা কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিদ্যালয়খন স্থাপন কৰা হৈছে। ইয়াত বিনামূলীয়াকৈ থকাৰ ব্যৱস্থাৰ লগতে পুষ্টিকৰ খাদ্য, স্বাস্থ্যসেৱা, অন্যান্য সা-সুবিধা লগতে বিনামূলীয়া শিক্ষাৰ প্ৰদান কৰা হয়।
বৰ্তমান ১৩২ জন ছাত্ৰ-ছাত্ৰী থকা আবাসিক বিদ্যালয়খনে এন চি ই আৰ টিৰ পাঠ্যক্ৰমৰ মাধ্যমেৰে পাঠদান কৰি আছে যদিও ভৱিষ্যতে চি বি এছ ইৰ সৈতে জড়িত হোৱাৰ বাবে চেষ্টা চলাই আছে। বৰ্তমান উচ্চ শিক্ষা গ্ৰহণৰ বাবে চি বি এছ ই শিক্ষাৰ পাঠ্যক্ৰম আটাইতকৈ উপযোগী বুলি বিবেচিত হৈছে। বিদ্যালয়খ অধ্যক্ষৰ লগতে ১২ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীকে ধৰি প্ৰায় ৪০ জন কৰ্মচাৰীৰে চলি আছে। বিদ্যালয়খনত কেৱল আধুনিক শিক্ষাৰে শিশুক শিক্ষিত কৰা নহয়, শিশুৰ সামগ্ৰিক বিকাশৰ বাবে মৌলিক ধৰ্মীয় শিক্ষা আৰু ক্ৰীড়াৰো ব্যৱস্থা কৰা হৈছে।
বিদ্যালয়খনৰ সন্দৰ্ভত বিশদ বিৱৰণ দি ইয়াৰ অধ্যক্ষ ম৹ চাহাব উদ্দীনে কয় যে, "২০১৯ চনত ক'ভিড-১৯ মহামাৰীৰ আগত বিদ্যালয়খন আৰম্ভ কৰা হৈছিল। কিন্তু ক'ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ লগে লগে ২০২০ চনত আমি ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ পঠিয়াই দিব লগা হ'ল। মহামাৰী বিৰতিৰ পিছত আমি বিদ্যালয়খন পুনৰ আৰম্ভ কৰিলোঁ আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ লগে লগে বিদ্যালয়খন ভালদৰে চলিব আৰম্ভ কৰিলে। যদিও প্ৰথমে বিদ্যালয়খন হোজাই আৰু নগাঁও জিলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আছিল, বৰ্তমান আমাৰ ইয়াত অসমৰ বিভিন্ন পিছপৰা অঞ্চলৰ লগতে অন্যান্য ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীও আছে। বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে আধুনিক শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰা দুৰ্গম অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ। আমি শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাবে থকাৰ ব্যৱস্থা, খাদ্য, স্বাস্থ্যসেৱা আদিৰ লগতে সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান কৰোঁ।”
বিদ্যালয়ৰ শ্ৰেণীকোঠা
“আমাৰ বিদ্যালয় ফজৰ নামাজৰ (পুৱাৰ নামাজ) পৰা আৰম্ভ হয়। আমাৰ বিদ্যালয়ৰ প্ৰতিজন মুছলমান ছাত্ৰ-ছাত্ৰীৰ বাবে পাঁচবাৰৰ নামাজ বাধ্যতামূলক। পুৱাৰ নামাজৰ পিছত আমি ক্লাছ আৰম্ভ কৰো, শ্ৰেণীসমূহ ৰাতিপুৱা প্ৰায় ৭ বজালৈকে চলে। ইয়াৰ পিছত শিশুসকলক চাহ আৰু জলপান দিয়া হয়, তাৰ পিছত শাৰীৰিক শিক্ষা, গা ধোৱা আৰু জিৰণি কক্ষৰ বিৰতি, ব্ৰেকফাষ্ট আৰু পুনৰ দুপৰীয়া ১২.৩০ বজালৈকে ক্লাছ কৰা হয়। প্ৰাৰ্থনা আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত কিছু জিৰণি লোৱাৰ পিছত খেল আৰু ক্ৰীড়াৰ সমান্তৰালভাৱে এবাৰত আয়ত্ব কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ পাঠদান কৰা হয়। মগৰীবৰ নামাজৰ (গধূলিৰ নামাজ) পিছত পুনৰ ক্লাছ আৰম্ভ হয় আৰু নিশা প্ৰায় ৮ বজালৈকে চলে। ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্ব-অধ্যয়ন আৰু চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে শুবলৈ যায়," অধ্যক্ষ ছাহাব উদ্দিনে ছাত্ৰ-ছাত্ৰীসকলৰ দৈনন্দিন জীৱনৰ বিষয়ে এইদৰে কয়।
খাদ্যৰ বিষয়ে সোধাত তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলক এদিনত কেৱল তিনিবাৰকৈ আহাৰ যোগান ধৰাই নহয় দৈনিক স্বাস্থ্যসন্মত জুছ, গাখীৰ আৰু ফল-মূলও দিয়া হয়। তেওঁ লগতে কয়, "তেওঁলোকৰ পুষ্টিৰ ইমানেই ভালদৰে যত্ন লোৱা হয় যে কিছুমানৰ ঘৰত ডাঙৰ-দীঘল হোৱাসকলকো এনেদৰে যত্ন লোৱা সম্ভৱ নহয়।"
বিদ্যালয় চৌহদত থকা মছজিদ আৰু বিদ্যালয়খনৰ চৌহদ
ধৰ্মীয় শিক্ষাৰ সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয়, "ইছলাম ভাষাত প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা আমাৰ আছে। সকলো মুছলমান ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে মুক্তাব (ইছলামিক প্ৰাথমিক শিক্ষা) নিয়মীয়াকৈ পঢ়িব লাগে। আমাৰ কেম্পাছত দৈনিক নামাজৰ বাবে মছজিদো আছে।”
অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল কেম্পাছৰ ভিতৰতে থাকে। ছাত্ৰ-ছাত্ৰীসকলক হোষ্টেলত ৰখাৰ বিপৰীতে কৰ্মচাৰীসকল কোৱাৰ্টাৰত থকাৰ ব্যৱস্থা আছে।
“এয়া আজমল ফাউণ্ডেচনৰ ট্ৰাষ্টীসকলৰ পদক্ষেপ। 'সকলোৰে বাবে শিক্ষা আৰু শিক্ষাৰ বাবে আজমল’ৰ মূলমন্ত্ৰ অনুসৰণ কৰা মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত এয়া সম্ভৱ হৈ উঠিছে। এই পদক্ষেপৰ অধীনত আমি পিছপৰা অঞ্চলৰ অভাৱগ্ৰস্ত শিশুসকলক সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান কৰোঁ। প্ৰয়াত হাজী আজমল আলী চাহেবে ইচ্ছা কৰিছিল যে ইয়াৰ বাবে অহা বৰঙণিৰ এক পইচাও কোনো কাৰণতে যেন পাৰিবাৰিক কামত ব্যৱহাৰ কৰা নহয়। আমি অতি প্ৰয়োজনীয় শিক্ষাৰে আৰ্ত শিশুসকলক সেৱা আগবঢ়াবলৈ দায়বদ্ধ," আজমল ফাউণ্ডেচনৰ পৰিচালক ড০ খাছৰুল ইছলামে কয়।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী
আজমল ফাউণ্ডেচনে হোজাইৰ লগতে অসমৰ অন্যান্য প্ৰান্ততো আন কেইবাখনো আৱাসিক আধুনিক বিদ্যালয় আৰু মহাবিদ্যালয় চলাই আছে। সেইবোৰ অৱশ্যে সংস্থাটোৰ অন্যান্য প্ৰতিষ্ঠানৰ সকলো কেম্পাছৰ নিয়ম বজাই ৰাখি মাচুল লোৱা প্ৰতিষ্ঠান হিচাপে পৰিচালিত হয়। “যিসকলৰ সামৰ্থ্য আছে তেওঁলোকৰ পৰা সম্পূৰ্ণ মাচুল লওঁ, মধ্যবিত্তসকলৰ পৰা আধা আৰু যিসকলৰ একেবাৰেই সামৰ্থ্য নাই তেওঁলোকৰ পৰা একো লোৱা নহয়। এইদৰে আমি আমাৰ আত্মনিৰ্ভৰশীলতা বজাই ৰাখোঁ," ড৹ ইছলামে কয়।