২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব 'অসম গ্রন্থমেলা'

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব 'অসম গ্রন্থমেলা'। অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে ১২ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে এই গ্রন্থমেলাৰ আয়োজন কৰিছে। প্রকাশন পৰিষদ আৰু পুথি প্রকাশক-বিক্রেতা সংস্থাই যুটীয়াভাৱে অসম গ্রন্থমেলা, গুৱাহাটীৰ আয়োজনৰ বিষয়ে জনায়। 
 
গুৱাহাটীৰ বামুণীমৈদামত থকা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত অংশ লৈ পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে এইবছৰ হাফলং, বেংগালুৰু, তিনিচুকীয়া, শিৱসাগৰ, নলবাৰী আৰু শিলচৰত অসম গ্রন্থমেলা সফলভাৱে আয়োজিত হোৱাৰ পিচত গুৱাহাটীত এই গ্রন্থমেলা অনুষ্ঠিত কৰাৰ প্রস্তুতি চলোৱা হৈছে। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসম গ্রন্থমেলাত অংশগ্রহণৰ বাবে অসমকে ধৰি দেশৰ ভিন্ন স্থানৰ ১৫০ টাৰো অধিক প্রকাশন গোষ্ঠীয়ে যোগাযোগ কৰি আছে। 
 
সচিব কলিতাই কয় যে, ২৯ ডিচেম্বৰত গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা, শিক্ষা মন্ত্রী তথা প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুক নিমন্ত্রণ জনোৱা হৈছে। বিশিষ্ট লেখক তথা আইনজ্ঞ জে ছাই দীপক আৰু সাহিত্য অকাডেমীৰ সচিব ড° কে শ্রীনিবাস ৰাও এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। 
 
অসম গ্রন্থমেলা, গুৱাহাটীৰ আংশিক কাৰ্যসূচী সদৰী কৰি কলিতাই কয় যে, 'বিগত বৰ্ষসমূহৰ দৰেই এইবছৰো প্রতিদিনেই ভাষা-সাহিত্য আৰু সমাজ জীবনৰ বিভিন্ন প্রাসংগিক বিষয়ক কেন্দ্র কবি গ্রন্থমেলাত বিজ্ঞ-অভিজ্ঞ ব্যক্তিসকলৰ অংশগ্রহণেৰে আলোচনা সত্র অনুষ্ঠিত হ'ব। এই আলোচনাসত্রসমূহত বেংগালুৰুৰ সাহিত্য একাডেমীৰ বঁটা বিজেতা পটিপক্কা মোহন, সংস্কৃত পণ্ডিত সম্পাদনান্দ মিশ্র, মুম্বাইৰ প্রখ্যাত লেখক সুদীপ নাগাৰকাৰে অংশগ্রহণ কৰিব। 
 
গ্রন্থমেলাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব শিক্ষা মন্ত্রী তথা পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুবে। সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব প্রখ্যাত লেখক দীপ হালদাৰ আৰু প্রখ্যাত পৰিবেশ কর্মী-লেখক মোহিত ৰায়ে। গ্রন্থমেলাত প্রতি সন্ধিয়া আয়োজিত হ'ব মনপৰশা সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল'ব। 
 
ইফালে গ্রন্থমেলা উপলক্ষে আয়োজিত হ'বলগা 'শিশুৰ দিন'ত ১৮ বছৰ অনূর্ধ্বৰ ছাত্র-ছাত্রীসকলৰ মাজত তিনিটা শাখাত চিত্রাংকণ, আকস্মিক বক্তৃতা আৰু কুইজ প্রতিযোগিতা অনুষ্ঠিত হ'ব। বিগত বর্ষসমূহৰ দৰেই এইবছৰো যুৱক-যুৱতীসকলৰ প্ৰতিভা বিকাশ অনুষ্ঠান 'উন্মিলন', লেখক-পাঠকৰ আড্ডা, কবি সন্মিলন আদি অনুষ্ঠিত হ'ব। বিগত বছৰৰ দৰেই এই বছৰো বর্ষীয়ান সাহিত্যিক আৰু পৰিচয়পত্র থকা ছাত্র-ছাত্রীসকলৰ বাবে গ্রন্থমেলাত প্রবেশ বিনামূলীয়া কৰা হৈছে। আনসকলৰ বাবে প্রবেশ মূল্য ১০ টকা।'