প্ৰথমবাৰৰ বাবে অসমীয়ালৈ অনুবাদ বুখাৰী শ্বৰীফ

Story by  atv | Posted by  Munni Begum • 12 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
ইছলামৰ সংবিধান খ্যাত বুখাৰী শ্বৰীফ প্ৰথমবাৰৰ বাবে অসমীয়ালৈ অনুবাদ কৰি উলিয়ালে বিশিষ্ট ইছলামিক পণ্ডিত তথা সদৌ অসম তালিমী তৰক্কী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুফটি মুজাহিদুল ইছলাম কাছিমীয়ে। দেওবাৰে নগাঁও জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত অসমীয়া বুখাৰী শ্বৰীফ (প্রথম খণ্ড) উন্মোচনী সভাত ধর্মীয় গ্রন্থখন উন্মোচন কৰা হয়। 
 
অনুষ্ঠানত গোমাফুলবাৰী টাইটেল মাদ্ৰাছাৰ প্ৰাক্তন অধ্যক্ষ মুফটি শ্বেখ আশ্বৰফ উদ্দিন কাছিমীয়ে কয়, "বুখাৰী শ্বৰীফ কেৱল মাত্র এখন কিতাপেই নহয়, ই এক আত্মশুদ্ধিৰ পথ দেখুওৱা এক দিকদর্শন। এনে কিতাপ অধ্যয়নে মানুহক শুদ্ধ পথৰ সন্ধান দিব পাৰে।"
 
অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা মুস্তাক আহমদ আনফৰে ভাষণত কয়, "ধর্মীয় শিক্ষা গ্ৰহণ কৰিবলৈ কষ্ট কৰিব লাগিব। অকল শিক্ষা গ্রহণ কৰিলেই নহ'ব, ইয়াক বাস্তৱত পালন কৰিব লাগিব। জীৱন ধন্য কৰিবলৈ নিজৰ ওপৰত অধিক বিশ্বাস আৰু আস্থা পোষণ কৰিব লাগিব। ভাল মানুহ হ'বলৈ সমাজৰ হিতৰ কাৰণে চিন্তা কৰিব লাগিব। তেতিয়াহে আমাক আনে অনুকৰণ কৰিব।"
 
সভাখনত গ্ৰন্থকাৰ মুফটি মুজাহিদুল ইছলাম কাছিমীয়ে কয়, "ইছলাম আৰু ইয়াৰ সংবিধানৰ বিশেষ আন ধৰ্মাৱলম্বী লোক বিশেষকৈ অসমৰ সকলো শ্ৰেণীৰ ৰাইজে সহজে বুজি পোৱাৰ বাবে মূলতঃ বুখাৰী শ্বৰীফখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ চেষ্টা হাতত লোৱা হৈছে। 
 
বুখাৰী শ্বৰীফত মুঠ ৩০টা পাৰা অৰ্থাৎ পাঠ আছে। ইয়াৰে মাত্ৰ প্ৰথম পাঠখন অনুবাদ কৰা হৈছে। সভাত বিশিষ্ট কবি-সাহিত্যিক দিলাল আহমেদে কয়, "ইছলামিক অসমীয়া সাহিত্যত আজি এটা বিশেষ দিন। কাৰণ বুখাৰী শ্বৰীফৰ দৰে এখন কিতাপ অসমীয়াত অনুবাদ হৈছে।"