এন আই আৰ এফ ৰেংকিঙত উন্নীত গুৱাহাটী বিশ্ববিদ্যালয়, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল

Story by  atv | Posted by  [email protected] • 2 Years ago
গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী
 
ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা এন আই আৰ এফ ৰেংকিং,২০২২ত গুৱাহাটী বিশ্ববিদ্যালয়ে দেশৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত ৩৬ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
 
যোৱা বছৰৰ ৰেংকিঙৰ তুলনাত বিশ্ববিদ্যালয়খনে এইবাৰ ৯টা স্থান আগবাঢ়িছে। এইবাৰৰ ৰেংকিঙত মুঠ অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ সংখ্যা আছিল ৬৫০০ৰো অধিক। ইফালে, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথম স্থানত আছে।
আনহাতে, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক(এন আই আৰ এফ),২০২২ত অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ ভিতৰত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি,গুৱাহাটী (আই আই টি-গুৱাহাটী)য়ে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে।
২০২২ চনৰ এন আই আৰ এফ ৰেংকিঙ অনুসৰি অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ ভিতৰত আই আই টি মাদ্ৰাছে শ্ৰেষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে আই আই টি-দিল্লীয়ে দ্বিতীয় আৰু আই আই টি-বম্বেই তৃতীয় স্থান লাভ কৰে।
 
সামগ্ৰিক শাখাত আই আই টি-মাদ্ৰাছে শীৰ্ষ স্থান লাভ কৰাৰ বিপৰীতে আই আই টি-গুৱাহাটীয়ে অষ্টম স্থান লাভ কৰে।

ইউ এছ টি এমৰ শীৰ্ষ ২০০ৰ ভিতৰত স্থান লাভ

আজি ঘোষণা কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানগত ৰেংকিং ফ্ৰেমৱৰ্ক ২০২২ৰ সপ্তম সংস্কৰণত ইউনিভাৰ্চিটি অফ চাইনচ এণ্ড টেকনোলজি  মেঘালয় ভাৰতৰ শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান দিয়া হৈছে। ইয়াত উল্লেখ কৰিব পাৰি যে ইউ এছ টি এম হৈছে উত্তৰ-পূব অঞ্চলৰ একমাত্ৰ ব্যক্তিগত বিশ্ববিদ্যালয় যিয়ে এই বছৰ এই স্থান অৰ্জন কৰিছে। 

আই আই টি মাদ্ৰাজ আকৌ এবাৰ সামগ্ৰিক শ্ৰেণীত এই বছৰৰ শীৰ্ষ প্ৰতিষ্ঠান হৈ পৰিছে।