আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য অধ্যাপিকা নাইমা খাতুন

Story by  atv | Posted by  Munni Begum • 10 d ago
অধ্যাপিকা নাইমা খাতুন
অধ্যাপিকা নাইমা খাতুন
 
আৱাজ-দ্য ভইচ / আলিগড়
 
সোমবাৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা উপাচাৰ্যই নিযুক্তি লাভ কৰিছে। শতিকা পুৰণি এখন শিক্ষানুষ্ঠানৰ শীৰ্ষ পদত স্থান লাভ কৰিছে বিশিষ্ট মনোবিজ্ঞানী অধ্যাপিকা নাইমা খাতুনে। শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ এক অধিসূচনাত কোৱা হৈছে যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিশ্ববিদ্যালয়খনৰ ভিজিটৰ হিচাপে অধ্যাপিকা নাইমা খাতুনক পাঁচ বছৰৰ বাবে এই নিযুক্তি প্ৰদান কৰিছে। নাইমা খাতুনে দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা  ৭০ বছৰৰ বয়স পাৰ নোহোৱালৈকে উপাচাৰ্য হিচাপে দ্বায়িত্বত থাকিব। 
 
লগতে উল্লেখ কৰা হৈছে যে নিৰ্বাচন আয়োগৰ পৰা অনুমোদন লাভ কৰা হৈছে যে, এই নিযুক্তিয়ে আৰ্হি আচৰণ বিধি উলংঘা নকৰে, যদিহে “কোনো প্ৰচাৰ বা ৰাজনৈতিক সুবিধা গ্ৰহণ নকৰে”। ২০১৪ চনৰ জুলাই মাহৰ পৰা এ এম ইউৰ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত অধ্যাপিকা নাইমা খাতুনে মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা আৰু অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। 
 
তেওঁৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰ হৈছে ক্লিনিকেল, স্বাস্থ্য, প্ৰয়োগমূলক সামাজিক আৰু আধ্যাত্মিক মনোবিজ্ঞান। ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা চেণ্টাৰ ফৰ স্কিল ডেভেলপমেণ্ট এণ্ড কেৰিয়াৰ প্লেনিং, এ এম ইউৰ সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনৈতিক মনোবিজ্ঞানত পি এইচ ডি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ডেভেলপিং ছ’চাইটিজ, দিল্লী আৰু এ এম ইউত ১৯৮৮ চনৰ আগষ্ট মাহত  প্ৰবক্তা হয়  আৰু ১৯৯৮ চনৰ এপ্ৰিল মাহত সহযোগী অধ্যাপক আৰু ২০০৬ চনৰ জুলাই মাহত অধ্যাপকৰ দ্বায়িত্ব গ্ৰহণ কৰিছিল। 
 
ইয়াৰ উপৰিও তেওঁ ৰুৱাণ্ডাৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত এটা শিক্ষাবৰ্ষত অধ্যাপনা কৰিছিল। অধ্যাপিকা নাইমা খাতুনে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ আৰু গৱেষণা পত্ৰ উপস্থাপন কৰাৰ লগতে ইউৰোপ, উত্তৰ আমেৰিকা আৰু এছিয়াৰ বহু বিশ্ববিদ্যালয় ভ্ৰমণ কৰি বক্তৃতা প্ৰদান কৰিছে।
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়
 
ছখন গ্ৰন্থৰ লেখক/সহ-লেখক/সম্পাদনা আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোচনীত কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ কৰি তেওঁ ১৫খন পি এইচ ডি থিছিছ আৰু বৃহৎ সংখ্যক গৱেষণা পত্ৰৰ তত্বাৱধান কৰিছে। শিক্ষা প্ৰশাসনৰ ক্ষেত্ৰতো তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে। তেওঁ ইন্দিৰা গান্ধী হল আৰু আব্দুল্লা হলত প্ৰভষ্ট (দুবাৰ) আৰু ডেপুটি প্ৰক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
 
 
অধ্যাপিকা নাইমা খাতুনক আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াটোৱেও চৰকাৰৰ নীতি স্পষ্ট কৰি তুলিছে। যোৱাবাৰ চৰকাৰে অধ্যাপিকা নাজমা আখতাৰক জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হিচাপে গঢ়ি তুলিছিল। এতিয়া একেটা ইতিহাসৰ পুনৰাবৃত্তি কৰা হৈছে। উপাচাৰ্য ঘোষণাৰ বাবে নিৰ্বাচন আয়োগৰ পৰা অনুমতি বিচাৰা হৈছিল। 
 
আদৰ্শ আচৰণ বিধি ৰূপায়ণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰা অনুমোদন বিচৰা হৈছিল। আনুষ্ঠানিক অধিসূচনাত কোৱা হৈছে যে মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ নাইমা খাতুনক পাঁচ বছৰৰ বাবে এ এম ইউৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। এ এম ইউৰ উপাচাৰ্য নিযুক্তি সন্দৰ্ভত প্ৰস্তাৱটোৰ ওপৰত আদৰ্শ আচৰণ বিধিৰ বিৰুদ্ধে কোনো আপত্তি নাই বুলি  ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। যদিহে ইয়াৰ পৰা কোনো ৰাজনৈতিক লাভালাভ লোৱা নহয়। 
 
আপোনালোক সকলোৱে জানে যে আলিগড় মুছলিম বিশ্ববিদ্যালয় ১৯২০ চনৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠা হৈছিল। বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ লেডী বেগম চুলতান জাহান হোৱাৰ বিপৰীতে প্ৰথম উপাচাৰ্য আছিল মাহমুদাবাদৰ ৰাজা মহম্মদ আলী মহম্মদ খান। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ পেনেলত কোনো মহিলাৰ নাম কেতিয়াও অন্তৰ্ভুক্ত কৰিব পৰা হোৱা নাছিল। 
 
দৰাচলতে কেইমাহমানৰ আগতে যেতিয়া বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিদ্বন্দ্বীসকলৰ তালিকাখন নতুন উপাচাৰ্য নিযুক্তিৰ বাবে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল, তেতিয়া তাত অধ্যাপিকা নাইমা খাতুনৰ নামো সন্নিবিষ্ট কৰা হৈছিল। 
 
এ এম ইউ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক আছিল নাইমা খাতুন।ন্তেওঁৰ স্বামীৰ নাম হৈছে মহম্মদ গুলৰেজৰ পত্নী। এ এম ইউ আদালতে ৰাষ্ট্ৰপতিলৈ তিনিটা নাম প্ৰেৰণ কৰিছিল, য’ত আছিল অধ্যাপক এম ইউ ৰাব্বানী, অধ্যাপক নাইমা খাতুন, অধ্যাপক ফৈজান মুস্তাফা। ইয়াৰ ভিতৰত অধ্যাপক নাইমা খাতুনক এ এম ইউৰ উপাচাৰ্য নিযুক্তি দিয়া হয়।