UPSC ত ৪২৮ সংখ্যক স্থানেৰে জিলিকিল গুৱাহাটীৰ ধৃতিৰাজ মিশ্ৰ

Story by  atv | Posted by  [email protected] • 2 d ago
ধৃতিৰাজ মিশ্ৰ
ধৃতিৰাজ মিশ্ৰ
 
গুৱাহাটী
 
কেন্দ্রীয় লোকসেৱা আয়োগৰ (ইউ পি এছ চি) পৰীক্ষাত জিলিকি উঠিল আন এগৰাকী অসম সন্তান। গুৱাহাটীৰ ছয়মাইলৰ ধৃতিৰাজ মিশ্ৰ নামৰ যুৱকজনে ইউ পি এছ চিৰ পৰীক্ষাত ৪২৮ সংখ্যক স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইউ পি এছ চিৰ দৰে কঠিন পৰীক্ষাত প্রথম প্রচেষ্টাতে ৪২৮ সংখ্যক স্থান লাভ কৰে ধৃতিৰাজে।
 
পৰীক্ষাৰ ফলাফলক লৈ উৎফুল্লিত মেধাবী ছাত্রজনে কয়- 'এগৰাকী প্রশাসনিক বিষয়া হোৱাৰ লক্ষ্য সৰুৰে পৰা আছিল। ইউ পি এছ চিৰ প্রথম প্রচেষ্টাতে মই ৪২৮ সংখ্যক ৰেংক লাভ কৰি স্বাভাৱিকতেই ভাল লাগিছে। কিন্তু স্থান উন্নত কৰাৰ বাবে মই পুনৰ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ'ম।' উল্লেখযোগ্য যে ছয়মাইলৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা দিলীপ কুমাৰ মিশ্র আৰু গৃহিণী বিনীতা গোস্বামী মিশ্রব সন্তান ধৃতিৰাজে ২০২১ চনত জালুকবাৰীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিকৰ স্নাতক ডিগ্রী অর্জন কৰিছিল।
 
ইয়াৰ পিচত ২০২৩ চনত আই আই এম, বুদ্ধগয়াৰ পৰা তেওঁ এম বি এ ডিগ্রী গ্রহণ কৰি আই টি কনছালটেন্ট হিচাপে চাকৰিত যোগদান কৰে। কিন্তু আই টি কনছালটেণ্টৰ দৰে চাকৰিৰ সীমাহীন ব্যস্ততাৰ মাজতে প্রশাসনিক বিষয়া হোৱাৰ লক্ষ্যৰে ধৃতিৰাজে অধ্যয়ন চলাই যায়। লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় হোৱাৰ বাবে মেধাৱী ছাত্ৰজনে অনলাইন কোচিং লয়।
 
অৱশেষত মাহৰ পিচত মাহ ধৰি চলোৱা কষ্ট, সাধনাৰ অন্তত প্রথম প্রচেষ্টাতে ইউ পি এছ চিত সফল হয় ধৃতিৰাজ। সন্তানৰ সাফল্যক লৈ গৌৰৱান্বিত পিতৃ দিলীপ কুমাৰ মিশ্ৰই কয়- 'ধৃতিৰাজৰ ইউ পি এছ চিত সাফল্যক লৈ সঁচাকৈয়ে আমাৰ ভাল লাগিছে। তাৰ ফলাফলক লৈ আমি সুখী।'


শেহতীয়া খবৰ