কাইলৈ ইছৰোলৈ যাত্ৰা কৰিব অসমৰ ১২ গৰাকী ছাত্র-ছাত্রীয়ে

Story by  atv | Posted by  Munni Begum • 18 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
২৭ আগষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) অভিমুখে বেংগালুৰুলৈ উৰা মাৰিব অসমৰ ১২ গৰাকী ছাত্র-ছাত্রী। এই ১২ জনীয়া ছাত্র-ছাত্রীৰ দলটোৰ লগত ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী লক্ষীমাই নেওগ সমন্বয়ক হিচাপে যাব। 
 
অসম চৰকাৰৰ সমগ্র শিক্ষা আঁচনিৰ এক্সপ'জাৰ টুৰৰ অধীনত দৰং জিলাৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সীমা ডেকা, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ধনজিৎ হাজৰিকা, জিৎ কমল কলিতা, তিনিচুকীয়াৰ ডিগবৈ বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নমিতা চাকমা, বিপিন বৰা হাইস্কুলৰ ডিকমণি কলিতা, মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দীপজয় পাল, কামৰূপ জিলাৰ দকুছি আদর্শ বিদ্যালয়ৰ আব্দুলা আলম ৰাৱাৰীয়ে ভাৰতীয় মহকাশ গবেষণা সংস্থাৰ চৌহদ পৰিদৰ্শন কৰিব।
 
একেদৰে ছমৰীয়া হাইস্কুলৰ ৰঞ্জন চৌধুৰী, শুৱালকুছিৰ গণেশ দাস হাইস্কুলৰ ধৃতিস্মিতা কলিতা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অবিন্দম বৰুৱা, দুর্লভ চন্দ্র গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজদীপ দুৱৰা, ডিমৌ ছোৱালী হাইস্কুলৰ হিমাদ্রী গগৈয়েও ভাৰতীয় মহকাশ গবেষণা সংস্থাৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে বিজ্ঞানীসকলৰ লগত মত-বিনিময় কৰিব। 
 
উল্লেখ্য যে, দৰঙৰ পৰা নিৰ্বাচিত তিনিগৰাকী ছাত্র-ছাত্রীক আজি মানৱতাবাদী সংগঠন 'আশাৰ আলোক'-মানুহে মানুহৰ বাবে..... দৰং অসমৰ সভাপতি হৰিচন্দ্র শর্মা, উপ-সভাপতি শেখৰ মজুমদাৰ, সাধাৰণ সম্পাদক গণেশ দত্ত, সম্পাদক জয়প্রকাশ শর্মা, কোষাধ্যক্ষ গোলোক বৰা, সদস্য ঠগেশ্বৰ বৰুৱা, পবিত্র হাজৰিকাই সাক্ষাৎ কৰি ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্রতিজনকে দুহেজাৰ টকাকৈ আগবঢ়ায়।