মহম্মদ মোদাচ্ছীৰ আশ্ৰফী
মাদ্ৰাছা বা মোক্তাব মানে বিদ্যালয়। যুক্তিগতভাৱে, ই ধৰ্ম-নিৰপেক্ষ আৰু কেৱল শিক্ষাকেন্দ্ৰিক হ'ব লাগিব। চুলতানী শাসনৰ সময়ত যেতিয়া দিল্লীত প্ৰথম মাদ্ৰাছা প্ৰতিষ্ঠা কৰা হৈছিল, তেতিয়া ই আছিল আদৰ্শ বিদ্যালয়। সেই সময়ত মোক্তাব সকলোৰে বাবে মুকলি কৰি দিয়া হৈছিল।
সময় বাগৰাৰ লগে লগে যুগ যুগ ধৰি এই বিদ্যালয়সমূহ ইছলামিক শিক্ষাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰ একমাত্র কাৰণ আছিল সমাজৰ নিম্ন স্তৰৰ চিন্তাধাৰাৰ বাবে। কঠোৰ ধৰ্মীয় বিষয়ৰ বাবে সীমিত মাদ্ৰাছা অপ্ৰয়োজনীয় হৈ পৰিছিল। আজিৰ প্ৰেক্ষাপটত মাদ্ৰাছা আধুনিকীকৰণ সমাজ আৰু চৰকাৰ দুয়োফালৰে এক প্ৰয়োজনীয় বিষয়বস্তু।
এখন মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী
অষ্টম আৰু ত্ৰয়োদশ শতিকাৰ মাজত মুছলমানসকলে সংস্কৃতি, অৰ্থনীতি, শিক্ষা আৰু বৌদ্ধিক বিকাশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰে। তেওঁলোকে ধৰ্মশাস্ত্ৰ অধ্যয়নৰ পৰিবৰ্তে চিকিৎসা, অপটিক্স, আৰু ভাষাবিজ্ঞানৰ দৰে আধুনিক বিষয়ৰ নীতিও নিৰ্ধাৰণ কৰে। ইছলামিক পণ্ডিতসকলে সংস্কৃত, পাৰ্চী আৰু গ্ৰীক ভাষাৰ পৰা নিজ নিজ ভাষালৈ অনুবাদ কৰিছিল। এনেকৈয়ে জ্ঞান আৰু শিক্ষাৰ এক আধাৰ স্থাপন কৰিছিল।
বাগদাদৰ বাইটুল হিকমা ( জ্ঞান আৰু প্ৰজ্ঞা আহৰণৰ একাডেমী) য়ে সমগ্ৰ মহাদেশৰ ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিছিল। আল-খোৱাৰিজমীৰ দৰে মুছলমান পণ্ডিতসকলে (আলজেব্ৰাৰ প্ৰতিষ্ঠাপক) আৰু ইবনে আল-হেইথামৰ (আলোকবিজ্ঞানৰ পথ প্ৰদৰ্শক) দৰে মুছলমান পণ্ডিতসকল মুছলমানসকলৰ সোণালী যুগৰ প্ৰতীক আছিল।
এই সময়ছোৱাত ধৰ্মতত্ত্বৰ জ্ঞান প্ৰচাৰৰ বাবে মাদ্ৰাছা বা চেমিনাৰী স্থাপন কৰা হৈছিল। মুকলি আৰু মুক্ত বৌদ্ধিক অন্বেষণৰ বাবে পৰিচিত ঠাই বৈতুল হিকমাহৰ পৰা এই মাদ্ৰাছাসমূহে প্ৰেৰণা লৈছিল। মংগোলীয়সকলে যেতিয়া আৰব ভূমি আক্ৰমণ কৰিছিল তেতিয়া পণ্ডিতসকলে মধ্য এছিয়া আৰু ভাৰতলৈ পলায়ন কৰিছিল। ভাৰত সদায়েই সকলো সংস্কৃতি আৰু ধৰ্মীয় অনুশীলনৰ বাবে মুকলি আছিল। ভাৰতে পণ্ডিত আৰু বৈচিত্ৰময় সংস্কৃতিক গ্ৰহণ কৰিছিল, যাৰ ফলত মাদ্ৰাছা (আৰব আৰু তুৰ্কী শৈক্ষিক আৰ্হিৰ মিশ্ৰণ) সমগ্ৰ দেশতে প্ৰচাৰ-প্ৰসাৰ হৈছিল আৰু বিয়পি পৰিছিল।
জম্মু আৰু কাশ্মীৰৰ উধামপুৰত মাদ্ৰাছাত ছাত্ৰ-ছাত্ৰীয়ে ভোটদান সাব্যস্ত কৰা প্ৰতিশ্ৰুতি গ্ৰহণ কৰাৰ এক দৃশ্য
চুলতানী যুগত (১২০৩-১২০৬) মাদ্ৰাছাত ধৰ্মীয়-সহ-ন্যায়িক বিষয়া, আমোলা আৰু পণ্ডিতৰ জন্ম হৈছিল। মহম্মদ গৌৰী (আজমেৰ)ৰ দৰে বিভিন্ন শাসকৰ নামত মাদ্ৰাছা প্ৰতিষ্ঠা কৰা হৈছিল। কুতুব-উদ-দিন আইবাক আৰু চুলতান আলতাতমুছে দিল্লী, বদয়ুন, আৰু ইয়াৰ আশে-পাশে থকা অন্যান্য অঞ্চলত মছজিদ আৰু মাদ্ৰাছা স্থাপন কৰিছিল।
দিল্লীত বলবানে মাদ্ৰাছা-ই-নাছিৰিয়া নামৰ এখন বিখ্যাত মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছিল। আলাউদ্দিন খিলজীক উৎসৰ্গা কৰা মাদ্ৰাছাখন দিল্লীৰ মাদ্ৰাছা 'মকবৰা-ই-আলাউদ্দিন খিলজী' নামেৰে জনাজাত হয়। মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে পানী যোগান ধৰিবলৈ ওচৰৰ হাউজ-ই-খছ নামৰ এটা পুখুৰী নিৰ্মাণ কৰা হৈছিল। চুলতান ফিৰোজ তুগলকৰ দৰবাৰত জিয়া উদ্দিন বৰ্ণী, মৌলানা জালাল উদ্দিন ৰুমী, কাজী আব্দুল কাদিৰ, আজিজুদ্দিন খালিদ খানী আদিৰ দৰে পণ্ডিত আছিল। তেওঁ সমগ্ৰ দেশতে মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছিল।
ছিকন্দৰ লোধিয়ে আৰব, পাৰস্য আৰু মধ্য এছিয়াৰ শিক্ষাবিদসকলক মাদ্ৰাছাসমূহত প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল। মথুৰা আৰু আগ্ৰাত মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছিল। আগ্ৰা মাদ্ৰাছাত অমুছলমানসকলেও পাৰ্চী ভাষাত অধ্যয়ন কৰি দক্ষতা আহৰণ কৰিছিল। তেওঁ জৌনপুৰ, আহমেদাবাদ, বিহাৰ শ্বৰীফ, গুলবৰ্গা, বিদাৰ, মাণ্ড, দৌলাতাবাদ, আৰু বংগত মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছিল। জৌনপুৰৰ মাদ্ৰাছাক “ভাৰতৰ ছিৰাজ” বুলি কোৱা হয়।
বাৰাণসীৰ মাদ্ৰাছা জামিয়া আৰব জিয়াউল উলুমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান উদযাপন কৰাৰ এক দৃশ্য
এই সকলোবোৰ শিক্ষানুষ্ঠানে এক যুক্তিসংগত পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি এক শিক্ষা মডেলৰ বিকাশ সাধন কৰিছিল। বিদ্যালয়সমূহত যুক্তি, গণিত, জ্যোতিৰ্বিজ্ঞান, ৰসায়ন, চিকিৎসা, কবিতা, বুৰঞ্জী, ভূগোল, ন্যায়বিচাৰ (ফিকহ) আৰু ইছলামিক আইন আদি বিষয়সমূহ শিকোৱা হৈছিল। কিছুসংখ্যক মাদ্ৰাছাত কলা শাখাতো শ্ৰেণী অনুষ্ঠিত কৰা হৈছিল আৰু অটোমান সাম্ৰাজ্যৰ ধৰ্মীয় বিদ্যালয় আৰু ইউৰোপৰ বিদ্যালয়ৰ সৈতে বিনিময় কাৰ্যসূচীও আছিল।
এই মাদ্ৰাছাসমূহৰ বেছিভাগেই ধৰ্মীয় অনুদানৰ দ্বাৰা সমৰ্থিত আছিল আৰু ভাড়া মাটিত স্থাপন কৰা হৈছিল। প্ৰতিখন ডাঙৰ চহৰত মাদ্ৰাছাৰ মাটি বিনামূলীয়াকৈ প্ৰদান কৰা হৈছিল। এইবোৰ আখুণ্ড (প্ৰধান শিক্ষক), মুদাৰিছ (শিক্ষক) আৰু মুতাৱাল্লীৰ (পৰিচালক) দ্বাৰা পৰিচালিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছিল। কেৱল ধনী ছাত্ৰ-ছাত্ৰীসকলেহে টিউচন ফিচ পৰিশোধ কৰিছিল, আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ বাবে কাম কৰিছিল আৰু বিদ্যালয়ৰ দাতব্য প্ৰতিষ্ঠানৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছিল। এই মাদ্ৰাছাসমূহে ভাৰতীয়সকলক গণিত, বিজ্ঞান, চিকিৎসা, সংস্কৃতি আৰু অৰ্থনীতিত উন্নতি কৰাত সহায় কৰিছিল।
মাদ্ৰাছাবোৰত প্ৰথমে ইছলামিক আইন (ফিকহ) আৰু কোৰাণ আৰু হাদীছৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। পিছলৈ ষোড়শ শতিকাত মোগল সম্ৰাট আকবৰে পাঠ্যক্ৰমত দৰ্শন আৰু যুক্তিৰ দৰে বিষয় সংযোজন কৰে। সময়ৰ লগে লগে মাদ্ৰাছাসমূহে স্থানীয় পাঠদান শৈলীৰ লগত খাপ খুৱাই জ্ঞানৰ বিভিন্ন ধাৰা আধুনিকীকৰণ আৰু অন্তৰ্ভুক্ত কৰিছিল, যেনে ভাৰতত তেওঁলোকে ভাৰতীয় শিক্ষা পদ্ধতি গ্ৰহণ কৰিছিল। মোগল সাম্ৰাজ্যৰ অৱনতি ঘটাৰ লগে লগে স্থবিৰতা আৰু দুৰ্নীতি আৰম্ভ হয়। মাদ্ৰাছাৰ প্ৰশাসকসকলে (মুৱাৱালি) শিক্ষাৰ সলনি ব্যক্তিগত লাভক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰে, নিজৰ বাবে অনুদান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। সময়ৰ লগে লগে এই প্ৰতিষ্ঠানসমূহে শৈক্ষিক স্পন্দন হেৰুৱাই, মূলতঃ ধৰ্মতত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
প্ৰতিনিধিত্বমূলক ছবি
ব্ৰিটিছ শাসনত স্থানীয় ভাষা আৰু মাদ্ৰাছা শিক্ষাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছিল। ১৯৮৩ চনত, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াৰ নিয়ন্ত্ৰণৰ অধীনস্থ অঞ্চলসমূহত বাৰ্তালাপৰ চৰকাৰী ভাষা হিচাপে পাৰ্চীয় ভাষাৰ ঠাইত ইংৰাজী ভাষাক ব্যৱহাৰ কৰে। কাজি আৰু উলেমাসকলকৰ ঠাইত ব্ৰিটিছ আইনত প্ৰশিক্ষণপ্ৰাপ্ত ন্যায়াধীশসকলক নিযুক্তি দিয়া হৈছিল। শ্বৰীয়া আইন মুছলমান শাসকে যদিও প্ৰৱৰ্তন কৰা নাছিল, ব্ৰিটিছ শাসনৰ সময়ত মুছলিম আইনৰ প্ৰয়োগ ব্যক্তিগত বিষয়তে সীমাবদ্ধ আছিল।
মাদ্ৰাছা আধুনিকীকৰণৰ এক ডাঙৰ পদক্ষেপ আছিল ১৮৭৫ চনত ছাৰ চৈয়দ আহমেদ খানে মহম্মদ এংলো অৰিয়েণ্টেল কলেজ প্ৰতিষ্ঠা কৰা। পিছলৈ ই ১৯২০ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ পৰিণত হয় আৰু ভাৰতীয় মুছলমানসকলক পৰম্পৰাগত সামন্তীয় আৰু ধৰ্মতত্ত্বৰ দৃষ্টিভংগীৰ বাহিৰলৈ লৈ গৈ আধুনিক, ইংৰাজী মাধ্যমৰ শিক্ষাৰ প্ৰৱৰ্তন কৰে। সমাজৰ হেঁচা আৰু পৰম্পৰাগত উলেমাৰ প্ৰভাৱৰ মাজতো আলিগড় মুছলিম বিশ্ববিদ্যালয়ে এতিয়াও বিভিন্ন ধৰণেৰে সমাজ আৰু মাদ্ৰাছাত সংস্কাৰ আনিবলৈ সক্ষম হৈছে। ১৯৮৬ চনলৈকে সেই সময়ৰ চৰকাৰে মাদ্ৰাছাত বিশেষ হস্তক্ষেপ কৰা নাছিল। কিন্তু শ্বাহ বানো গোচৰে সেইটো সলনি কৰি মাদ্ৰাছা আৰু ইয়াৰ কাৰ্য্যকলাপৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।
এক সমীক্ষাত দেখা গৈছে যে দৰিদ্ৰ পৰিয়ালৰ বাবে মাদ্ৰাছা একমাত্ৰ বিকল্প আছিল। ইয়াত উৰ্দু, আৰবী, কোৰআন স্মৃতিচাৰণ (হাফিজ) ৰ অন্তৰ্গত পুৰণি পাঠ্যক্ৰম আছিল আৰু বিজ্ঞান, গণিত, ইংৰাজী ইত্যাদিৰ সীমিত সংস্পৰ্শ দিছিল। ২০০৬ চনৰ ভিতৰত, প্ৰাথমিক বিদ্যালয়ৰ শিশুৰ মাত্ৰ ৯.৩৯ শতাংশই মাদ্ৰাছাত অধ্যয়ন কৰিছিল, যাৰ ৯০ শতাংশতকৈ অধিক নিম্ন আয়ৰ পৰিয়ালৰ আছিল। অধিকাংশ ছাত্ৰই আৰ্থিক চাপৰ বাবে ২০ বছৰ বয়সৰ আগতেই বিদ্যালয় ত্যাগ কৰে। কেৰালা, জয়পুৰ বা যোধপুৰলৈ প্ৰব্ৰজন কৰি নিম্নমানৰ শ্ৰমিক কামত নিয়োজিত হয়।
শ্ৰেণীকোঠাত ছাত্ৰসকলে পাঠদান কৰি থকা এক দৃশ্য
১৯৮৬ চনত ভাৰতে মাদ্ৰাছাসমূহৰ পাঠ্যক্ৰমত বিজ্ঞান, গণিত, ভাষা আদি বিষয় সংযোজন কৰি আধুনিকীকৰণৰ আঁচনি প্ৰৱৰ্তন কৰে। কিন্তু চৰকাৰী হস্তক্ষেপৰ আশংকাত ৰক্ষণশীল গোটসমূহে প্ৰতিৰোধ কৰিছিল, যাৰ ফলত অগ্ৰগতি অতি লেহেমীয়া হৈছিল।১৯৯৩ চনত পি ভি নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰে মাদ্ৰাছাসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। বাবৰি মছজিদ ধ্বংস আৰু তাৰ পৰৱৰ্তী বিদ্ৰোহৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ সংখ্যালঘু মুছলমানসকলৰ মাজত সুৰক্ষাৰ অনুভূতি প্ৰচাৰ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ২০০২ চনৰ এখন স্মাৰকপত্ৰত ৰাষ্ট্ৰৰ পুঁজিৰে চলি থকা মাদ্ৰাছাসমূহক "ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ" এৰাই চলিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই পদক্ষেপে অংশীদাৰসকলৰ মতামতক আৰু অধিক মেৰুকৰণ কৰি তুলিছিল।
২০০৯ চনৰ পিছত কেন্দ্ৰীয় চৰকাৰে মাদ্ৰাছাসমূহৰ পাঠ্যক্ৰমত অধিক ধৰ্মনিৰপেক্ষ বিষয় সংযোজন কৰি আধুনিকীকৰণৰ বাবে (মাদ্ৰাছা আধুনিকীকৰণ) MOMS আৰু (মাদ্ৰাছাত গুণগত শিক্ষা প্ৰদান আঁচনি) SPQEMৰ দৰে পদক্ষেপ আৰম্ভ কৰে। ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান যুৱক-যুৱতীসকলক পৰম্পৰাগত জ্ঞান আৰু আধুনিক দক্ষতাৰ সৈতে সজ্জিত কৰাৰ পোষকতা কৰিছিল। অৱশ্যে, ইয়াৰ সুস্পষ্ট ফলাফল সীমিত আছিল। কিছুমান ৰাজ্যই মাদ্ৰাছাসমূহক স্বীকৃতি প্ৰদান নকৰিবলৈ বা ইছলামিক বিষয়সমূহ আঁতৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। যাৰ ফলত সাংস্কৃতিক পৰিচয়কলৈ বিতৰ্কৰো সৃষ্টি হৈছে।
জামিয়াতুৰ ৰাজা (বাৰেলি) আল-জামিয়াতুল আছৰাফিয়া (আজমগড়), আৰু নদৱাতুল উলামা (লক্ষ্ণৌ)ৰ দৰে বিশিষ্ট প্ৰতিষ্ঠানসমূহে ধৰ্মীয় শিক্ষাক আধুনিক শৈক্ষিক শাখাৰ সৈতে একত্ৰিত কৰিছে। ইয়াৰ বিপৰীতে সৰু সৰু স্বাধীন মাদ্ৰাছাসমূহে বিশেষকৈ গ্ৰাম্য অঞ্চলত অৱস্থিত মাদ্ৰাছাসমূহে সীমিত সম্পদৰ বাবে এই পৰিৱৰ্তন কৰাত অসুবিধাৰ সৃষ্টি হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
বিশেষজ্ঞসকলে আঙুলিয়াই দিয়ে যে মাদ্ৰাছাত আধুনিক বিষয় যোগ কৰাটোৱেই যথেষ্ট নহয়। প্ৰশিক্ষিত শিক্ষক আৰু নবীকৃত পাঠদান পদ্ধতি অতি গুৰুত্বপূৰ্ণ। ফলপ্ৰসূ সংস্কাৰৰ বাবে পৰম্পৰা আৰু উদ্ভাৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চৰকাৰ, মাদ্ৰাছা ব’ৰ্ড, আৰু নাগৰিক সমাজৰ মাজত সহযোগিতাৰো প্ৰয়োজন। ভাৰতৰ মাদ্ৰাছাসমূহ আধুনিকীকৰণৰ বাবে নীতি নিৰ্ধাৰক, শিক্ষাবিদ, আৰু স্থানীয় জনগোষ্ঠীৰ মাজত সহযোগিতাৰ প্ৰয়োজন। অৰ্থনৈতিক বৈষম্য আৰু পাঠ্যক্ৰমৰ ব্যৱধান দূৰ কৰি মাদ্ৰাছাসমূহ প্ৰান্তীয় মুছলমানসকলক শক্তিশালী কৰা সামগ্ৰিক প্ৰতিষ্ঠানত পৰিণত হ’ব পাৰে।
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত ২৪,০১০খন মাদ্ৰাছা আছে, যাৰ ভিতৰত ৪,৮৭৮খন ২০১৮-১৯ বৰ্ষত স্বীকৃতি লাভ কৰা নাছিল। তেওঁলোকৰ তালিকাত ৭-১৯ বছৰ বয়সৰ মুছলমান শিশুৰ সংখ্যা ৪% বা তাতকৈ কম। ৰাষ্ট্ৰীয় শৈক্ষিক নীতি ২০২০ত প্ৰান্তীয় জনগোষ্ঠীসমূহৰ লাভৰ বাবে শিক্ষা উদাৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই নীতিৰ লক্ষ্য হৈছে মাদ্ৰাছাসমূহক মূলসুঁতিৰ শিক্ষা ব্যৱস্থালৈ অনা। একবিংশ শতিকাত বিশ্বজুৰি বহু মাদ্ৰাছাত আধুনিক পাঠ্যক্ৰম একত্ৰিত কৰা হৈছে। উদাহৰণস্বৰূপে ছিংগাপুৰৰ মাদ্ৰাছাসমূহে টেবলেট আৰু এআই পাঠ্যক্ৰমৰ দৰে প্ৰযুক্তি গ্ৰহণ কৰিছে। ভাৰতীয় মাদ্ৰাছাসমূহেও প্ৰাসংগিক হৈ থাকিবলৈ একেধৰণৰ আধুনিকীকৰণক আকোৱালি ল’লে ভৱিষ্যতে লাভৱান হ’ব পাৰে।