গুৱাহাটী
ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত হৈ ডিব্ৰুগড় জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে দেৱজিৎ ঘোষে। তেওঁ জিলাখনৰ নাহৰকটীয়াৰ জয়পুৰৰ প্রত্যন্ত অঞ্চলৰূপে চিহ্নিত নামচাং চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ। ইয়াৰ পূৰ্বে তেওঁ ২০২৩ চনত শিক্ষক দিৱসত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাও লাভ কৰিছিল।
উল্লেখ্য যে, সম্প্রতি তেওঁ কৰ্মৰত শিক্ষানুষ্ঠানখনি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ শেষ প্রান্তত নামচাং বাগিচাত অৱস্থিত। প্রায় চাৰে দহ কিলোমিটাৰ বিপদসংকুল পথৰ মাজেৰে দৈনিক আহ-যাহ কৰি শিক্ষকগৰাকীয়ে শিক্ষাদানৰ দৰে মহান আৰু পবিত্র কর্তব্যনিষ্ঠাবে দায়িত্ব পালন কৰি আহিছে।
এঘাৰ বছৰ ধৰি কৰা শিক্ষকতাৰে দেৱজিৎ ঘোষ ইয়াৰ পূর্বে ডিব্ৰুগড় বেংগলী হাইস্কুলত কৰ্মৰত আছিল। ডিব্ৰুগড় থানা চাৰিআলিৰ সমীপৰ টি কে দাস পথৰ নিবাসী শিক্ষকগৰাকী ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱাত বিদ্বৎ সমাজ আৰু তেওঁৰ শুভাকাংক্ষীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে।