গুৱাহাটী
কালি ঘোষণা কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) পৰীক্ষাৰ ফলাফলত পুনৰ এবাৰ উজ্বলি উঠিল নগাঁৱৰ ভাস্বত শইকীয়া। নগাঁও চহৰৰ পার্শ্বৱৰ্তী ডিফলুৰ ভাস্বত শইকীয়াই ৪৭৪ সংখ্যক স্থান লাভকৰি সমগ্ৰ অসমৰ লগতে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনে। ডিফলুৰ বীৰেন্দ্ৰনাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি ইউ পি এছ চিৰ দৰে পৰীক্ষাত ঈর্ষণীয় সাফল্য লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাত তিনিবাৰকৈ অৱতীৰ্ণ হৈ তিনিও বাৰেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ভাস্বত শইকীয়াই। মেধাৱী যুৱকজনে ২০২২ চনত ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা ভাৰতীয় বন সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৬৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়। কিন্তু এগৰাকী প্রশাসনিক বিষয়া হোৱাৰ দুৰ্বাৰ আশা মনত পুহি ৰখা ভাস্বতে ২০২৩ চনত ইউ পি এছ চিৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৫২ সংখ্যক স্থান লাভ কৰি ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) পদত যোগদান কৰে।
ইমানৰ পিচতো ফলাফল আৰু অধিক উন্নত কৰাৰ লক্ষ্যৰে ২০২৪ বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হয় আৰু আজি ঘোষিত ইয়াৰ ফলাফলত ৪৭৪ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়।
ফলাফল লাভৰ পিচতে উৎফুল্লিত ভাস্বতে সংবাদ মাধ্যমৰ আগত কয়- 'ইউ পি এছ চিৰ পৰীক্ষাত প্রথম পছন্দ হিচাপে মই আই এ এছ নির্বাচন কৰিছিলো। যোৱাবাৰতকৈ ফলাফল ভাল হৈছে যদিও আই এ এছ পাবলৈ কিছু বাকী ৰৈ গ'ল। এতিয়া ফলাফলৰ পিচত সেৱাসমূহৰ বিতৰণ হ'ব। তাৰ পিচত সিদ্ধান্ত ল'ম পুনৰ এবাৰ ইউ পি এছ চিত অৱতীৰ্ণ হওঁ নে নহও। ইতিমধ্যে মই আই পি এছত অসম কেডাৰত যোগদান কৰিছিলো। বর্তমান এবছৰ ছুটীত আছো।'
চেষ্টা কৰিলে ইউ পি এছ চিত উত্তীর্ণ হ'ব পাৰি বুলিও উল্লেখ কৰি মেধাৱী যুৱকজনে কয়- 'তিনিবাৰকৈ ইউ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আঁৰত ধাৰাবাহিক অধ্যয়ন আৰু কষ্ট জড়িত হৈ আছে। চেষ্টা কৰিলে ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰি।' অসমৰ প্ৰতি অন্তৰত সদায়ে এক টান থকা বুলিও সদৰী কৰি ভাস্বত শইকীয়াই প্রশাসনৰ অংগ হোৱাটোৱেই তেওঁৰ লক্ষ্য বুলিও ব্যক্ত কৰে। উল্লেখযোগ্য যে নগাঁৱৰ বাল্য ভৱনত প্রাথমিক শিক্ষাগ্রহণ কৰা ভাস্বতে পঞ্চম শ্ৰেণীৰ পৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পৰাই ২০১২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে দশম স্থান দখল কৰে।
পৰৱৰ্তী সময়ত আই আই টি, গুৱাহাটীৰ পৰা সুখ্যাতিৰে বি টেক পৰীক্ষাত উত্তীৰ্ণ হৈ ভাস্বতে চিটি গ্ৰুপৰ ছফটৱেৰ ডেভেলপাৰ পদত নিযুক্তি লাভ কৰে। ইয়াৰ পিচত আজি ঘোষিত ইউ পি এছ চিৰ পৰীক্ষাৰ ফলাফলত মেধাৱী যুৱকজনে ৪৭৪ সংখ্যক স্থান লাভ কৰি অসম আৰু প্ৰতিগৰাকী অসমীয়াক গৌৰৱান্বিত কৰি তোলে। ভাস্বতৰ এই সাফল্যক লৈ সমানেই উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ বীৰেন্দ্ৰনাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়া।