আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী  
 
২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শনিবাৰে আৰ্থাৎ ২০ এপ্ৰিলত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হয়। এই বৰ্ষ মুঠ পাঁচ গৰাকী পৰীক্ষাৰ্থীয়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
 
তেওঁলোক ক্ৰমে-- যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনুৰাগ দলৈ(৫৯৩ নম্বৰ), বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন ঝৰ্ণা শইকীয়া (৫৯০ নম্বৰ), মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানশ প্ৰতিম শইকীয়া (৫৮৮ নম্বৰ), বৰপেটাৰ সৰুপেটা ষ্টেলা মাৰিছ স্কুলৰ বেদান্ত চৌধুৰী (৫৮৮ নম্বৰ) আৰু নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱশ্ৰী কাশ্যপে (৫৮৮ নম্বৰ)। 
 
এইবেলি পৰীক্ষাৰ বাবে আবেদন কৰা ৪,২৫,৯৬৬ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৬,৮৮৮ জন অনুপস্থিত, ৩৬১ জনক ৰখাই দিয়া আৰু ৬১ জনক বহিষ্কাৰ কৰাৰ বিপৰীতে ৪,১৯,০৭৮ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 
 
উপস্থিত থকা পৰীক্ষাৰ্থীসকলৰ ভিতৰত ১,৮৭,৯০৪ জন যুৱক, ২,৩১,১৬৪ জন যুৱতী, আৰু ১০ জন কিন্নৰ আছিল। সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ ৭৫.৭%, পুৰুষ প্ৰাৰ্থীয়ে ৭৭.৩%, মহিলা প্ৰাৰ্থীয়ে ৭৪.৪%, আৰু কিন্নৰ প্ৰাৰ্থীয়ে ৮০% লৈ আগবাঢ়ি আছিল।  
 
মুঠ ৬,৩৯২ জন প্ৰাৰ্থীয়ে ডিষ্টিংচন নম্বৰ (৮৫% আৰু তাৰ ওপৰৰ) লাভ কৰাৰ বিপৰীতে ২০,৫৫২ গৰাকীয়ে STAR নম্বৰধাৰী হিচাপে স্বীকৃতি লাভ কৰে (৭৫%ৰ পৰা ৮৪.৯৯%)। 
 
তদুপৰি ১,০৫,৮৭৩ জন প্ৰথম বিভাগ (ডিষ্টিংচন আৰু ষ্টাৰ মাৰ্ক ধাৰীকে ধৰি), ১,৫০,৭৬৪ জন দ্বিতীয় বিভাগ আৰু ৬০,৬৮০ জন  তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। 
 
লেটাৰ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা মুঠ ১,৯৩,১৫৯ জন আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ৩৬,৯৭৩ জন। 
 
শীৰ্ষ প্ৰদৰ্শন কৰা জিলা কেইখন হৈছে চিৰাং (উত্তীৰ্ণৰ হাৰ ৯১.২%), তাৰ পিছতে নলবাৰী (উত্তীৰ্ণৰ হাৰ ৮৮.১%) আৰু বাকছা (উত্তীৰ্ণৰ হাৰ ৮৬.৯%)। ইয়াৰ বিপৰীতে উদালগুৰি জিলাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ৬০.৯% আছিল।