অসমৰ তিনি সাহিত্যিক, অনুবাদক লৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
সোমবাৰে সাহিত্য অকাডেমীয়ে ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা ঘোষণা কৰিছে। দেশৰ মুঠ ২৪ খন অনুবাদ গ্রন্থৰ বাবে ২৪ গৰাকী অনুবাদকলৈ এই বঁটা আগবঢ়াইছে সাহিত্য অকাডেমীয়ে।
 
ঘোষণা অনুসৰি অসমৰ জনগণক আহ্লাদিত কৰি ৰাজ্যৰ তিনিগৰাকী সাহিত্যিক, অনুবাদক- লক্ষজ্যোতি গগৈ সন্দিকৈ, অম্বিকাগিৰী হাজোৱাৰী আৰু ছত্ৰমন চুব্বাই লাভ কৰিছে এই উল্লেখনীয় সন্মান। 
 
ড° টেমছুলা আওৰ মূল ইংৰাজী ভাষাৰ আত্মজীৱনীমূলক গ্রন্থ 'ৱান্চ আপন এ লাইফঃ বার্নট কাৰি এণ্ড ব্লাডি ৰেগচ (মেমইৰ)'ৰ অসমীয়া ভাষালৈ কৰা অনুবাদ 'মোৰ জীৱনটো' শীর্ষক গ্রন্থৰ বাবে লক্ষজ্যোতি গগৈ সন্দিকৈ লৈ এই বঁটা আগবঢ়োৱা হৈছে। 
 
আনহাতে পূৰবী বৰমুদৈৰ অসমীয়া উপন্যাস 'শান্তনু কুলনন্দন'ৰ বড়ো ভাষালৈ কৰা অনুবাদ গ্রন্থ 'শান্তনু ফৌলেৰনি ফিছাজিলা'ৰ বাবে বড়ো ভাষাৰ লেখক-অনুবাদক অম্বিকাগিৰী হাজোৱাৰী আৰু খ্যাতিশীর্ষ সাহিত্যিক ড° লক্ষ্মীনন্দন বৰাৰ 'কায়কল্প' শীর্ষক অসমীয়া ভাষাৰ উপন্যাসখন একে নামেৰে নেপালী ভাষালৈ কৰা অনুবাদৰ বাবে ছত্ৰমন চুব্বাই লাভ কৰিছে এই সন্মান।