ছৌদি আৰৱ
ছৌদি আৰৱৰ শিক্ষা বিভাগে দেশখনৰ শিক্ষা খণ্ডত এক কঠোৰ নিয়ম জাৰি কৰিছে। সেই অনুসৰি, যদি কোনো ছাত্ৰই কোনো বৈধ কাৰণ নোহোৱাকৈ ২০ দিন বিদ্যালয়ত অনুপস্থিত থাকে, তেন্তে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনৰ অভিভাৱকক ৰাজহুৱা অভিযোগ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিব লাগিব। শিক্ষা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে বিভিন্ন অজুহাত দেখুৱাই ২০দিন অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে কাৰাদণ্ডৰো সন্মুখীন হ’ব পাৰে।
এনে ক্ষেত্ৰত বিদ্যালয়ৰ অধ্যক্ষই শিক্ষা মন্ত্ৰালয়ক অৱগত কৰিব লাগিব, যিয়ে তাৰ পিছত তদন্ত আৰম্ভ কৰিব আৰু ছাত্ৰজনক পৰিয়ালৰ তত্বাৱধানত ৰখাৰ ব্যৱস্থা কৰিব। এই প্ৰক্ৰিয়া ৰাজ্যখনৰ শিশু সুৰক্ষা আইন অনুসৰি পৰিচালিত হৈছে। ৰাজহুৱা অভিযোগ কাৰ্যালয়ে তদন্ত চলায় আৰু গোচৰটো ফৌজদাৰী আদালতলৈ প্ৰেৰণ কৰিব পাৰে। আদালতত যদি এই কথা প্ৰমাণ হয় যে ছাত্ৰজনে কোনো জৰুৰী কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত আছিল, তেন্তে ন্যায়াধীশে অভিভাৱকজনৰ বিৰুদ্ধে কাৰাদণ্ডৰ নিৰ্দেশ দিব পাৰে।
এই পদ্ধতি অনুসৰি যদি কোনো ছাত্ৰই ৩ দিনৰ ছুটী লয়, তেন্তে প্ৰাৰম্ভিক সতৰ্কবাণী জাৰি কৰা হ’ব আৰু বিষয়টো শিক্ষকৰ সৈতে আলোচনা কৰা হ’ব। ৫ দিনৰ অনুপস্থিতিৰ পিছত দ্বিতীয়বাৰৰ বাবে সতৰ্কবাণী জাৰি কৰি অভিভাৱকক অৱগত কৰোৱা হ’ব। যদি ছাত্ৰজনৰ অনুপস্থিতি ১০ দিনলৈকে বৃদ্ধি পায়, তেন্তে তৃতীয়বাৰৰ বাবে সতৰ্কবাণী দিয়া হ’ব, আৰু অভিভাৱকক এক প্ৰতিশ্ৰুতি পত্ৰত স্বাক্ষৰ কৰিবলৈ মাতি অনা হ’ব। যদিহে ছাত্ৰজন ১৫ দিন অনুপস্থিত থাকে তেন্তে শিক্ষা বিভাগৰ জৰিয়তে ছাত্ৰজনক আন এখন বিদ্যালয়লৈ বদলি কৰা হ’ব। শেষত ছাত্ৰজনৰ অনুপস্থিতি ২০ দিন পাৰ হ’লে শিশু সুৰক্ষা আইনখনৰ বিধান শিক্ষা বিভাগে প্ৰয়োগ কৰিব।
মন কৰিবলগীয়া যে এই পদ্ধতিৰ লক্ষ্য হৈছে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি নিয়মীয়া কৰা আৰু সকলোৰে বাবে সঠিক শিক্ষা নিশ্চিত কৰা।