লোভনীয় কৰ্পৰেটৰ চাকৰি এৰি ৱাৰ্ডা খানে দখল কৰিলে UPSC পৰীক্ষাত ১৮ নং স্থান

Story by  atv | Posted by  [email protected] • 13 d ago
ৱাৰ্ডা খান
ৱাৰ্ডা খান
 
নতুন দিল্লী
 
হিন্দীত এটা জনপ্ৰিয় সংলাপ আছে, "কুছ পানে কে লিয়ে কুছ খ'না পড়তা হ্যে"। এই সংলাপ ফাঁকিক বাস্তৱত পৰিণত কৰিলে উত্তৰ প্ৰদেশৰ এগৰাকী যুৱতীয়ে। উত্তৰ প্ৰদেশৰ নয়দাৰ ৱাৰ্ডা খান নামৰ যুৱতীগৰাকীয়ে ভাৰতীয়  অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ এৰিছিল তেখেতৰ লোভনীয় আৰু উচ্চ বেতনপ্ৰাপ্ত কৰ্পৰেটৰ চাকৰি। তেওঁৰ এই ত্যাগ আৰু সাধনাৰ ফলত সদ্যঘোষিত ২০২৩ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC) ৰ পৰীক্ষাত ১৮ নম্বৰ স্থান লাভ কৰে।
 
 
২৪ বছৰীয়া ৱাৰ্ডা খানে কয় যে তেওঁ ভাৰতীয় বৈদেশিক সেৱা (IFS) বাছি লৈছে। কাৰণ তেওঁ ভাৰতবৰ্ষক বিশ্বৰ বুকুত গৌৰৱান্বিত আৰু প্ৰতিষ্ঠা কৰাৰ সপোন দেখে।
 
"মই UPSC ৰ বাবে ঘৰতে প্ৰস্তুতি চলাইছিলো যদিও এবছৰৰ বাবে অনলাইন কোচিং লৈছিলো। ভাৰতবৰ্ষৰ বহু যুৱক-যুৱতীয়ে যিদৰে ইউ পি এছ চিৰ চূড়ান্ত তালিকাত নিজৰ নাম বিচাৰি উলিয়াব বিচাৰে, সেই সকলো প্ৰাৰ্থীৰ দৰে ময়ো একেই সপোন দেখিছিলোঁ। অৱশ্যে শীৰ্ষ ২০ সফল প্ৰাৰ্থীৰ ভিতৰত মোৰ নাম বিচাৰি পোৱাটো মোৰ বাবে কল্পনাতীত আছিল। মোৰ নাম যে শীৰ্ষ ২০ ৰ ভিতৰত থাকিব, সেই কথা মই কেতিয়াও কল্পনা কৰা নাছিলো। মোৰ ফলাফলটো মোৰ বাবে সপোন যেন আছিল", ৱাৰ্ডা খানে কয়।
 
ৱাৰ্ডা খানৰ সাফল্য উদযাপনৰ দৃশ্য
 
ৱাৰ্ডা খানৰ সফলতাত মাতৃ আৰু তেওঁৰ পৰিয়াল যথেষ্ট সুখী। পিতৃ-মাতৃৰ একমাত্ৰ কন্যা সন্তান ৱাৰ্ডা খানে দিল্লী বিশ্ববিদ্যালয়ৰ খালছা কলেজৰ পৰা বাণিজ্য শাখাত (অনাৰ্ছ) স্নাতক ডিগ্ৰী লাভ কৰিছে। ৱাৰ্ডা মাকৰ সৈতে নয়দাৰ ৮২ নং ছেক্টৰত থাকে। ৯ বছৰ আগত ৱাৰ্ডাৰ দেউতাকৰ মৃত্যু হৈছিল।
 
ৱাৰ্ডা খানে কয় যে তেওঁ সামাজিক মাধ্যম (Social Media) ৰ  ইতিবাচক ব্যৱহাৰ কৰি ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাইছিল।
 
কিহৰ বাবে ৱাৰ্ডাই অসামৰিক  সেৱাৰ বাবে আগ্ৰহী হৈছিল?
 
ৱাৰ্ডা খানে কয় যে কলেজীয়া দিনত তেওঁ সদায় ভূ-ৰাজনীতি, ইতিহাস, ৰাজনীতি আদি বিষয়ৰ প্ৰতি আগ্ৰহী আছিল। কলেজীয়া দিনত তেওঁ বিতৰ্ক আৰু এম ইউ এন (মক ইউনাইটেড নেচনছ)ত অংশগ্ৰহণ কৰিছিল যদিও তেতিয়াও অসামৰিক সেৱাক কেৰিয়াৰ হিচাপে লোৱাৰ ধাৰণাটো মনলৈ অহা নাছিল। চাকৰিৰ সময়তে তেওঁ অনুভৱ কৰিছিল যে তেওঁ চৰকাৰী চাকৰিয়াল হ’ব বিচাৰে।
 
ৱাৰ্ডা খানৰ মতে নিয়মীয়াকৈ পঢ়া-শুনা কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে ছ’চিয়েল মিডিয়া হৈছে এনে এক মঞ্চ, যিটো বিভিন্ন বিষয়ৰ প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি। “ছ’চিয়েল মিডিয়াৰ নেতিবাচক আৰু ইতিবাচক দুয়োটা দিশ আছে আৰু আপুনি তাৰ কোনটো দিশ ব্যৱহাৰ কৰে সেইটো আপোনাৰ ওপৰত।”
 
ৱাৰ্ডা খানে কয়, "মই ৮ ৰ পৰা ৯ ঘণ্টাৰ পঢ়াৰ সময়সূচী প্ৰস্তুত কৰিছিলোঁ। ৰাতিপুৱা বাতৰি কাকতেৰে দিনটো আৰম্ভ কৰিছিলোঁ, সাম্প্ৰতিক পৰিস্থিতিৰ তথ্য গ্ৰহণ কৰিছিলোঁ। তাৰ পিছত বাকী বিষয়বোৰ অধ্যয়ন কৰিছিলোঁ।"
 
"মই আঠ মাহ ধৰি এটা কৰ্পৰেট চাকৰি কৰিছিলো। ই মোক সন্তুষ্ট কৰা নাছিল। মই মোৰ দেশৰ বাবে কাম কৰিব বিচাৰিছিলো আৰু মানুহৰ জীৱনত কিছু পৰিমানে হ'লেও প্ৰভাৱ পেলাব বিচাৰিছিলো। মই অনুভৱ কৰিছিলো যে অসামৰিক সেয়াই মোক যি ধৰণৰ পাঠ্যক্ৰম আৰু সুযোগ প্ৰদান কৰিছিল, সেই ধৰণৰ পাঠ্যক্ৰম আৰু সুযোগবোৰ মোৰ বাবে উপযুক্ত। ইয়াৰ বাবে মই যথেষ্ট আগ্ৰহী", ৱাৰ্ডাই লগতে কয়।
 
আঠ মাহৰ পিছত কৰ্পৰেট চাকৰি এৰি ৱাৰ্ডাই ইউ পি এছ চি পৰীক্ষাৰ প্ৰস্তুতিত মনোনিৱেশ কৰিলে। 
 
অসামৰিক সেৱাৰ আকাংক্ষীসকলক উপদেশ দি ৱাৰ্ডাই কয়, "প্ৰথম আৰু প্ৰধান কথাটো হ'ল, আপুনি এনচিইআৰটিৰ কিতাপ আৰু লক্ষ্মীকান্তৰ পলিটিৰ পৰা মূল কথাবোৰ অতি পুংখানুপুংখভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন। এইবোৰেই মূল কিতাপ, যাৰ লগত আপুনি ভালদৰে পৰিচিত হোৱাতো উচিত। লগতে, আপুনি আপোনাৰ মূল বিষয়সমূহৰ বাবে উপযুক্ত পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে।"
 
এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ উদ্যোগত আয়োজিত ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত ১,০১৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬৬৪ জন পুৰুষ আৰু ৩৫২ গৰাকী মহিলাই যোগ্যতা অৰ্জন কৰিছে।
 
ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়া আদিত্য শ্ৰীবাস্তৱে ২০২৩ চনৰ অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে, যাৰ ফলাফল মঙলবাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰিছিল।