অভিনেতা সুনীল ছেণ্ডেৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 2 Years ago
 সুনীল ছেণ্ডে
সুনীল ছেণ্ডে
মুম্বাই
 
ছফৰোছ, বাস্তৱ, গান্ধী, খলনায়ক, ঘায়ল, জিদ্দি, দৌৰ, মগন, বিৰুদ্ধ আদি হিন্দী ছবিত পার্শ্ব চৰিত্ৰত অভিনয়েৰে জনপ্রিয়তা অৰ্জন কৰা বলিউড আৰু মাৰাঠী ছবিৰ অভিনেতা সুনীল ছেণ্ডেৰ মৃত্যু হয়। 
 
মুম্বাইৰ ভিলে পালেহিত থকা তেওঁৰ বাসগৃহত মংগলবাৰে পুৱতি নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। প্ৰায় ৩০ বছৰ ধৰি হিন্দী চিনেমাৰ সচৰাচৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল।
 
অভিনেতা ছেণ্ডেই অজয় দেৱগণ আৰু অভিষেক বচ্চন অভিনীত 'জমীন' ছবিত অভিনয় কৰিছিল। চাৰ্কাছ, শান্তি আদিৰ দৰে অতুলনীয় টিভি ধাৰাবাহিকতো কাম কৰি তেওঁ প্রসিদ্ধি লাভ কৰিছিল।