জুবিন বিহীন অসম

Story by  Munni Begum | Posted by  Munni Begum • 2 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
মুন্নী বেগম / গুৱাহাটী 
 
আজি অসমী আইৰ বুকু উদং কৰি পঞ্চভূতত বিলীন হ'ব সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। এক বুজাব নোৱাৰা বেদনাই অসমবাসীৰ অন্তৰ যেন নিঃশেষ কৰি পেলাইছে। চৌদিশে কেৱল মাত্ৰ নিৰৱতাই বিৰাজ কৰিছে। অসমীয়া সংস্কৃতিৰ হৃদস্পন্দন, জনপ্ৰিয় গায়ক, শিল্পী তথা সমাজকৰ্মী জুবিন গাৰ্গৰ মৃত্যুই ৰাজ্যখনত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। অসমবাসীয়ে আজি নিজৰ হিয়াৰ আমঠু শিল্পীজনক অশ্ৰুৰে বিদায় জনাইছে। 
 
আজি অসমৰ সংগীত জগতখনতো যেন এক গভীৰ শূন্যতাৰে ভিতৰত পৰিছে। যি মঞ্চত লাখ লাখ শ্ৰোতাই চিঞৰি উঠিছিল, যি মাইক্ৰ'ফোনত প্ৰতিধ্বনিত হৈছিল এক অমৰ কণ্ঠৰ, সেই মঞ্চ, সেই মাইক্ৰ'ফোন আজি শূন্য আৰু নীৰৱ হৈ চাই ৰৈছে। কিয়নো জুবিন গাৰ্গ নামৰ সংগীতৰ যাদুকৰজনে তেওঁৰ সংগীতৰ যাত্ৰাৰ পৰিসমাপ্ত কৰিলে, যাৰ বাবে তেওঁৰ গানেৰে সৃষ্টি হোৱা স্মৃতি আৰু অনুভূতিৰ ঢৌয়ে অসমক এক অবৰ্ণনীয় বেদনাৰ সাগৰত পেলাই থৈ গ'ল।  
 
জুবিন গাৰ্গে এক অনুষ্ঠানত গীত পৰিবেশন কৰাৰ এক দৃশ্য
 
প্ৰেম, বিদ্ৰোহ, আশা, হাঁহি, কান্দোন সকলো আবেগতে আছিল জুবিনৰ গান। এজন প্ৰেমিকে নিজৰ প্ৰেমিকাক সম্বোধন কৰিবলৈ জুবিনৰ গান ব্যৱহাৰ কৰিছিল, এজন যুৱকে বিদ্ৰোহ প্ৰকাশ কৰিবলৈ তেওঁৰ গান গাইছিল, এজন মাতৃয়ে নিজৰ সন্তানক শোৱাবলৈ তেওঁৰ লৰাজীৱনৰ গান শুনাইছিল। কিন্তু আজিৰ পৰা সেই গান শুনিলে হয়তু সকলোৰে হৃদয়ে উচুপি উঠিব, বিচাৰি ফুৰিব ক'ত সেই কণ্ঠ? ক'ত সেই হাহি? ক'ত সেই ৰক্তজ্বলা উল্লাস? শেষত এটাই উত্তৰ বিচাৰি পাব আজি তেওঁ নাই। 
 
জুবিনৰ কণ্ঠ কেৱল কাণত নহয়, হৃদয়ৰ গভীৰতাত বাজিছিল। এজন শিশুৰ হাঁহিৰ পৰা এজন বৃদ্ধৰ আশা লৈ সকলো অনুভূতি তেওঁৰ সংগীতৰ ঢৌত মিলিত হৈছিল। আজিও তেওঁৰ গান শুনিলে, ল'ৰা-ছোৱালী, শ্রমিকৰ শক্তি, নগৰৰ যুৱকৰ উদ্দীপনা, গাঁওবাসীৰ ভক্তি আদি সকলোকে আবেগেৰে হৃদয় ভৰাই তোলে। তেওঁ সদায়েই সকলোৰে অন্তৰত বাস কৰিছিল, আৰু আজি সেই অন্তৰেই তেওঁক শেষ বিদায় দিয়াৰ শক্তি প্ৰতিফলিত কৰিছে।  
 
জুবিন গাৰ্গে অসমৰ বানাক্ৰান্ত লোকসকলৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ ৰ্ক দৃশ্য
 
জুবিনৰ সংগীত সীমাবদ্ধ নছিল। নামঘৰ, মছজিদ, গীৰ্জা আদি সকলোতে তেওঁৰ সুৰে একতাৰ বাণী বিয়পাই গৈছিল। আজিৰ দিনত অসমে তেওঁক হেৰুৱাইছে, কিন্তু তেওঁৰ গানেই মানুহক একত্ৰিত কৰি ৰাখিছে। জুবিনৰ কাব্যিক কণ্ঠ যেন পঞ্চভূতৰ সৈতে একাত্ম। ভূমি, জল, বায়ু, অগ্নি আৰু আকাশ সকলোতে তেওঁৰ সুৰ, প্ৰতিটো গান মিলি সকলোৰে প্ৰাণলৈ প্ৰৱাহিত হৈ আছে। তেওঁ শাৰীৰিকভাৱে নাথাকিলেও, এই মহাপ্ৰণয় অসমৰ ৰাইজৰ হৃদয়ত সদায় অমৰ হৈ থাকিব।  
 
জুবিন গাৰ্গৰ অন্যতম এক সপোন আছিল অসমীয়া চলচ্চিত্ৰক বিশ্বমঞ্চত লৈ যোৱা। তেওঁ নিজৰ চিনেমাত কেতিয়াবা অভিনয় কৰিছিল, কেতিয়াবা সংগীত দিছিল, আকৌ কেতিয়াবা নতুন প্ৰতিভাক মঞ্চত উঠিবলৈ সহায় কৰিছিল। তেওঁৰ সপোন আছিল অসমীয়া সংগীতক বৈশ্বিক সুৰৰ সৈতে মিলাই এক নতুন ধাৰা গঢ়া। তেওঁ ভূপেন হাজৰিকাৰ পথত নিজৰ বৈশিষ্ট্যৰে অসমৰ ঐতিহ্য আৰু আধুনিকতাক মিলাই এক বিশ্বমানৰ ধ্বনি সৃষ্টিৰ সপোন দেখিছিল। কিন্তু আজি তেওঁৰ সেই সপোনবোৰ আধৰুৱা হৈ ৰ'ল।
 
জুবিন গাৰ্গ তেওঁৰ সংগীত ষ্টুডিঅ'ত
 
জুবিন কেৱল মাত্ৰ এজন শিল্পী নাছিল তেওঁ প্ৰকৃততে আছিল সমাজৰ জীৱন্ত স্তম্ভ, জনতাৰ বন্ধু। তেওঁৰ গানে চাহ শ্রমিকৰ হাতত আশা জাগাই তুলিছিল, মাছমৰীয়াক সাহস দিছিল আৰু শিক্ষাৰ্থীক স্বপ্ন দেখুৱাইছিল। কিন্তু আজি স্তব্ধ সেই গান। এজন সমাজকৰ্মী হিচাপেও তেওঁ দুখীয়া-দৰিদ্ৰৰ কাষত দৌৰি গৈছিল, আৰ্তজনক সহায় কৰিছিল। জনগণৰ প্ৰতি তেওঁৰ অসীম মৰম আছিল, যাৰ প্ৰমাণ আজি অসমবাসীৰ অশ্ৰুধাৰাই দিছে। চহৰ, নগৰ, গাঁও সকলোতেই আজি তেওঁৰ অনুপস্থিতি অনুভূত হৈছে। যি স্থলত তেওঁ হাঁহি আৰু সংগীতেৰে আগবঢ়াইছিল, সেই পথ আজি নিস্তব্ধ। প্রতিখন গাঁৱে, প্ৰতিখন চহৰে, পশু-পক্ষী, চৰাই-চিৰিকটি সকলোৱে যেন নিজৰ এজন অতি প্ৰিয়জনক হেৰুৱাৰ বেদনাত নিৰৱে বিনাইছে। সকলোৰে মনত একে অনুভূতি যে আজি অসমখন এক সন্তানহীন ৰাজ্য।
 
জুবিন গাৰ্গ... এই নামটোৱেই অসমৰ মানুহৰ হৃদয়ত থকা এখন পৃথিৱী। তেওঁ এগৰাকী সংগীতজ্ঞ, অভিনেতা বা শিল্পীহে নাছিল, তেওঁ আছিল এক অনুভৱ, এক প্ৰবাহ, এক চেতনা। জুবিন আছিল স্বাধীন আৰু একাচেকা মানুহ। নিজৰ জীৱনৰ প্ৰতিটো সিদ্ধান্তত তেওঁ নিজৰ বিশ্বাসৰ ওপৰতে ভৰসা কৰিছিল। বহুত সময়ত সমাজৰ নিয়ম, দৃষ্টিভংগী বা হেঁচাৰ গতিত হেৰুৱাই যোৱা শিল্পীসকলৰ মাজত জুবিন আছিল এক ব্যতিক্ৰম। তেওঁ সদায় নিজৰ স্থিতিত অটল হৈ থাকিব জানিছিল।
 
পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গৰ নশ্বৰদেহ বৰঝাৰ বিমানবন্দৰৰ পৰা অনাৰ সময়ত লাখ লাখ অনুৰাগীৰ ভিৰ
 
জুবিনৰ জীৱনটোৱে আছিল মুক্তিৰ গান। তেওঁ যি গীত গাইছিল, তাৰ ভিতৰত কেৱল সুৰৰ মাধুৰ্য নাছিল, আছিল এক গভীৰ বাণী। প্রেমৰ কথা, মানৱতাৰ কথা, মিলনৰ কথাৰে গোৱা তেওঁৰ গীতে সকলোৰে মনত স্পৰ্শ কৰিছিল। এজন কৃষকৰ ঘৰতো তেওঁৰ গীত বাজিছিল, তেনেকুৱা দৰে এজন চহৰীয়া শিক্ষাৰ্থীৰ কাণতো বাজিছিল। কাৰণ জুবিনে সকলোৰে হৃদয়ক একত্ৰ কৰি ৰাখিছিল। জুবিনৰ নিজৰ ব্যক্তিত্বই এনে কৰিব পাৰিছিল। তেওঁ পদপথৰ দোকানত বহি ৰুটি-চাহ খাইছিল, কৃষকৰ ওচৰলৈ গৈ তেওঁৰ দুখ-কষ্টৰ কথা শুনিছিল। তেওঁ ধনী, গৰিব, চহৰীয়া, গাঁৱলীয়া বুলি ভেদাভেদ কৰা নাছিল। সেই মহান শিল্পী আজি আমাৰ মাজত নাই। তেওঁৰ মৃত্যুৰ খবৰ কেৱল এগৰাকী গায়ক বা অভিনেতাৰ মৃত্যুৰ খবৰ নহয়; এয়া যেন অসমৰ আত্মাৰ এক অংশ খহি পৰাৰ দৰেই।  
 
অসমে আজি নিজৰ এজন জীৱন্ত ইতিহাস হেৰুৱালে। তথাপি অসমৰ প্রতিটো হৃদয়ত, প্রতিটো সংগীতত, প্রতিটো সুৰত জুবিন সদায় জীয়াই থাকিব। মানুহ মৰি যায়, কিন্তু সুৰ মৰে জানো? জুবিন গাৰ্গ হয়তো শাৰীৰিকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁৰ গান, তেওঁৰ সুৰ, তেওঁৰ সপোন, তেওঁ দেখুৱাই যোৱা একতাৰ পথ আমাৰ মাজত চিৰকাল অক্ষয় হৈ থাকিব। তেওঁৰ বিৰহত নিগৰা অসমবাসীৰ নীৰৱ অশ্ৰু হয়তো, কেতিয়াও শুকাই নাযায়, সেই অশ্ৰুৰ মাজতেই চিৰকাল চিৰজীৱী হৈ থাকিব আমাৰ সকলোৰে কলিজাৰ টুকুৰা 'জুবিন গাৰ্গ'। ড° অমৰজ্যোতি চৌধুৰীয়ে তেওঁৰ কবিতাত কোৱাৰ দৰে "জুবিন একুৰা জুই... যি জুই কুৰা নুনুমাই... কাহানিও নুনুমাই... জুবিন একুৰা জুই।"