ডুবাইত আই এল টি-২০ লীগৰ মুকলি অনুষ্ঠানত পাঠানৰ প্ৰম'চন শ্বাহৰুখ খানৰ

Story by  atv | Posted by  [email protected] • 2 Years ago
শ্বাহৰুখ খান
শ্বাহৰুখ খান
ডুবাই

প্ৰায় ১১ দিন পিছত মুক্তি পাব শ্বাহৰুখ খানৰ বহুপ্ৰত্যাশিত 'পাঠান' ছবি। বহু বছৰৰ মূৰত শ্বাহৰুখ খানৰ ডাঙৰ পৰ্দালৈ প্ৰত্যাৱৰ্তনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে বাদশ্বাহৰ অজস্ৰ অনুৰাগী। 
 
ইতিমধ্যে ১০ জানুৱাৰীত মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰে যথেষ্ট সমাদৰ লাভ কৰিছে। এনে সময়তে ডুবাইত অনুষ্ঠিত হোৱা আই এল টি২০ লীগৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান। তাত তেওঁ পাঠানৰ সংলাপ মাতি উপস্থিত দৰ্শকক আলোড়িত কৰে। অনুষ্ঠানটোৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

ক'লা জিনছ আৰু ক'লা টি-ছাৰ্ট পৰিধান কৰা শ্বাহৰুখ খানে পাথান সংলাপৰ মতাৰ লগতে ষ্টেডিয়ামত উপস্থিতি হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ মাজত হৰ্ষোল্লাসৰ সৃষ্টি হয়। 

উল্লেখ্য যে, শেহতীয়াকৈ মুক্তি পোৱা ট্ৰেইলাৰে উপভোগৰ পিছত চলচ্চিতিৰপ্ৰেমীয়ে এই কথাৰ নিশ্চয়তা লাভ কৰিছে যে ছবিখন একছন আৰু ড্ৰামাৰে ভৰপূৰ হৈ আছে। সংলাপো যথেষ্ট শক্তিশালী। একেদৰে, দিপীকা পাডুকনৰ হট লুকে চলচ্চিত্ৰপ্ৰেমীক ছবিগৃহলৈ আকৰ্ষিত কৰাটো নিশ্চিত।