গুৱাহাটী
৩১ অক্টোবৰত মুক্তি লাভ কৰিব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অভিনীত তথা প্ৰযোজিত শেষৰখন ছবি 'ৰৈ ৰৈ বিনালে'। মঙলবাৰে মহানগৰীৰ ৰ'য়েল গ্ল'বেল ইউনিভাৰ্চিটিত সম্পন্ন হয় 'ৰৈ ৰৈ বিনালে'ৰ শেষ শ্বুটিং।
এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, "ছবিখনক লৈ তেওঁৰ বহুত আশা আছিল। বহুত হেঁপাহেৰেও তেওঁ কামবোৰ কৰিছিল। এই ছবিখনত তেওঁক পূৰ্বতকৈ বেলেগ ধৰণে দেখিবলৈ পোৱা যাব। সাধাৰণ শিল্পীৰ জীৱনক এই ছবিখনত তেওঁ দেখুৱাব বিচাৰিছে। এজন অন্ধ শিল্পীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। খুব আশাৰ এখন ছবি। তেওঁৰ সেই মৰমৰ ছবিখন আমি খুব মৰমেৰে ধৰি ৰাখিবলৈ, ৰাইজৰ আগলৈ আগুৱাই দিবলৈ চেষ্টা কৰিছোঁ।"
তেওঁ কয়, "সোনকালে কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৩১ তাৰিখতো তেওঁ পৰিকল্পনা কৰিছিল। আমি সেইদিনটোতে ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ চেষ্টা কৰিম। জুবিন গাৰ্গে প্ৰতিদিনে এই চিনেমাখনৰ বিষয়ে কৈ আছিল। চিত্ৰনাট্য ৰাহুল গৌতমে লিখিছে। ছবিখনৰ সকলোখিনি কাম জুবিনৰ মতেই হৈছে। সংগীতৰ কাম হৈ গৈছে।"
লগতে গৰিমাই কয়, "কামৰ মাজত সোমাই থাকিলে এতিয়াও অনুভৱ নহয় যে তেওঁ নাই। কামবোৰ তেওঁৰ বাবেই হৈ আছে। হঠাৎ কোনোবা এটা সময়ত অনুভৱ হয় আমাক উপদেশ দিবলৈ তেওঁ নাই। এতিয়া মই এটাই বস্তু বিচাৰি আছোঁ যে, সেই ঘটনাটো কিয় সংঘটিত হ'ল। তেওঁ কিয় আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি গ'ল সেইটো জানিব বিচাৰিছোঁ। সেইটোক লৈয়েই মই ভিতৰৰ পৰা জ্বলি পুৰি আছোঁ। সত্য ঘটনাটো জানিব লাগে। মোৰ মাজত ধেৰ প্ৰশ্ন আছে। এতিয়া মোক সত্যটো লাগে। ছিংগাপুৰৰ য়টত উপস্থিত থকাসকলে, প্ৰবাসী অসমীয়াসকলে সকলো সঁচা কথা কৈ নিদিয়ে কিয়?"
আনহাতে আজিৰ দৃশ্য গ্ৰহণৰ সন্দৰ্ভত পংকজ ইংতিয়ে কয়, "এই গীতটি আগতে আচলতে কৰা হৈছিল, আজি এটা অংশৰ পুনৰ দৃশ্যগ্ৰহণ কৰা হৈছে। আজিৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ শেষ হ'ব। জুবিন দা সদায় আমাৰ মাজত আছে। কাম কৰিছোঁ যদিও মনটো ইমান এটা ভাল লাগি থকা নাই।"
এই সন্দৰ্ভত পৰিচালক ৰাজেশ ভূঞাই কয়, "ছবিখনৰ কিছু অংশ ৰি-শ্বুট কৰা হৈছে আজি। ছবিখন চাওঁতে এই অংশখিনি জুবিন গাৰ্গে অপচন্দ কৰিছিল। আজি ছবিখনৰ মোৰ মনে নামে জুবিন গাৰ্গে নিজেই লিখা আৰু কণ্ঠদান কৰা গীতটি অডিঅ' প্লেটফৰ্মত মুকলি কৰা হৈছে। সন্ধিয়া ৫ বজাৰ পিছত ইয়াৰ ভিডিঅ'টো মুকলি কৰা হয়। আধৰুৱা সকলো কাম প্ৰায় সম্পূৰ্ণ হৈছে। বাকী কামসমূহ চলি আছে, সম্পূৰ্ণ হোৱাৰ দিশে। ছবিখন জুবিন গাৰ্গে আশা কৰা মতেই ৩১ অক্টোবৰতেই মুকলি কৰা হ'ব। জুবিন গাৰ্গৰ নিজৰ ভইচখিনি স্পষ্ট হৈ আছে, তাকে লৈ আমাৰ ভয় খাবলগীয়া নাই। যিখিনি ভইচত কিছু সমস্যা আছে, সেইখিনিত উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি স্পষ্ট কৰিবলৈ চেষ্টা কৰিম।"