২০২৪ত দেওলীয়া হ'ব ChatGPTৰ উদ্ভাৱক OpenAI

Story by  atv | Posted by  [email protected] • 3 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

 

নতুন দিল্লী  

ChatGPT উদ্ভাৱন কৰি সমগ্ৰ বিশ্বক আলোড়িত কৰা ছেম অল্টমেনৰ OpenAI আগন্তুক বৰ্ষত আৰ্থিক সংকটৰ সন্মুখীন হ’ব পাৰে। এনালিটিক্স ইণ্ডিয়া মেগাজিন (Analytics India Magazine)ৰ এক প্ৰতিবেদনত এই আশংকা প্ৰকাশ পাইছে। সংবাদ প্ৰতিষ্ঠানটোৱে সতৰ্কবাণী কৰা অনুসৰি, ২০২৪ চনৰ শেষৰ ফালে কোম্পানীটো দেউলীয়া হোৱাৰ সম্ভাৱনা আছে।
 
Analytics India Magazine-এ প্ৰকাশ কৰে যে OpenAI ৰ AI সেৱা ChatGPT চলোৱাটো কোম্পানীটোৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰিছে। কাৰণ, ChatGPT সেৱা চলাই থাকিবলৈ OpenAIৰ দৈনিক প্ৰায় ৭ লাখ ডলাৰ (প্ৰায় ৫.৮০ কোটি টকা) ব্যয় হৈছে। জিপিটি-৩.৫ আৰু জিপিটি-৪ক মুদ্ৰাকৰণ (Monetise)ৰ প্ৰচেষ্টা চলোৱাৰ পিছতো কোম্পানীটোৱে বিত্তীয় ব্যয় বহন কৰিব পৰা নাই। তেওঁলোকৰ লাভ খৰচৰ সৈতে মিলা নাই।
 
উল্লেখ্য যে, ২০২২ চনৰ নৱেম্বৰ মাহত মুকলি হোৱাৰ পিছত জনপ্ৰিয়তাৰ শিখৰ স্পৰ্শ কৰা ChatGPT-এ যেন ক্ৰমান্বয়ে নিজৰ চমক হেৰুৱাইছে। প্ৰাৰম্ভিক ব্যৱহাৰকাৰীৰ বিশাল পৰিসংখ্যৰ পিছত যোৱা কেইমাহমানত ক্ৰমাগতভাৱে ChatGPTৰ ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাস পাইছে। SimilarWeb ৰ তথ্য অনুসৰি, ২০২৩ চনৰ জুন মাহৰ পৰা জুলাই মাহলৈকে ব্যৱহাৰকাৰীৰ সংখ্যা ১২ শতাংশ হ্ৰাস পাই ১.৭ বিলিয়নৰ পৰা ১.৫ বিলিয়নলৈ হ্ৰাস পাইছে।
 
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে OpenAI-ক মাইক্ৰ’ছফ্টৰ ১০ বিলিয়ন ডলাৰৰ বিনিয়োগে জীৱনৰেখা প্ৰদান কৰিছে যদিও ChatGPT আৰম্ভ হোৱাৰ পিছৰে পৰা OpenAIৰ লোকচান দুগুণ বৃদ্ধি পাই ৫৪ কোটি ডলাৰ হৈছে।