CMF-এ মুকলি কৰিছে এটা নতুন স্মাৰ্টফোন 'CMF Phone2 Pro'

Story by  atv | Posted by  Munni Begum • 3 d ago
নতুন স্মাৰ্টফোন 'CMF Phone2 Pro'
নতুন স্মাৰ্টফোন 'CMF Phone2 Pro'
 
নতুন দিল্লী 
 
চিএমএফ (CMF) এ মুকলি কৰিছে এটা নতুন স্মাৰ্টফোন 'CMF Phone2 Pro'৷ এই ফোনটোত কোম্পানীয়ে বহু বিশেষ বৈশিষ্ট্য যেনে মেডিয়াটেক ডাইমেনচিটী ৭৩০০ প্ৰ’ চিপছেট আৰু ৫০এমপি +৫০এমপি +৮এমপি ট্ৰিপল কেমেৰা আছে ৷ এই ফোনটোৰ আৰম্ভণি মূল্য ১৮,৯৯৯ টকা৷ 
 
ফোনটোৰ ঘনত্ব ৭.৮mm আৰু এই ফোনটোৰ ডাইমেনশ্যন ১৬৪x৭.৮x৭৮ mm। এই ফোনটোৰ ওজন ১৮৫ গ্ৰাম৷ কোম্পানীয়ে এই ফোনটো কমলা, পাতল সেউজীয়া, বগা আৰু ক’লা ৰঙত মুকলি কৰিছে৷
 
CMF Phone 2 Pro ত আছে ৬.৭৭ ইঞ্চিৰ ফ্লেকচিবল এম’ল্ড ডিছপ্লে ৷ এই ফোনটোৰ শীৰ্ষ উজ্জ্বলতা ৩০০০ নিটছ আৰু ৰিফ্ৰেজ ৰেট ১২০Hz৷ এই ফোনটোত কোম্পানীয়ে ৪৮০Hz টাচ চেম্পলিং ৰেট, ১০০০Hz ৰ ইনষ্টেণ্ট টাচ চেম্পলিং ৰেট, ৮০০ নিটৰ সাধাৰণ উজ্জ্বলতা, HDR10+ সমৰ্থন, পাণ্ডা গ্লাছ প্ৰটেকচন প্ৰদান কৰিছে।
 
এই ফোনটোত ৬.৭ ইঞ্চিৰ Full HD Plus AMOLED স্ক্ৰীণ আছে, যাৰ ৰিজ’লিউচন ১০৮০x২৪০০ পিক্সেল। এই স্ক্ৰীণৰ ৰিফ্ৰেছ ৰেট ১২০Hz, স্ক্ৰীণ টু বডি ৰেচিঅ' ৯২.২% আৰু শীৰ্ষ উজ্জ্বলতা ১২০০ নিট । এই ফোনটোৰ স্ক্ৰীণত ৱেট হেণ্ড টাচ ফিচাৰ আৰু গ্ল'ভ মোডো আছে। অৰ্থাৎ স্ক্ৰীণ তিতি থাকিলেও বা গ্ল'ভছ পিন্ধিলেও ব্যৱহাৰকাৰীয়ে ফোনটো ব্যৱহাৰ কৰিব পাৰিব।
 
এই নতুন ফোনত ব্যৱহাৰ কৰা হৈছে মিডিয়াটেক ডাইমেনচিটি ৭৩০০ প্ৰ’ চিপছেট, যিটো ৮জিবি ৰেম আৰু ২৫৬ জিবি পৰ্যন্ত ষ্ট’ৰেজ কেপাচিটিৰ সৈতে আহে। এই ফোনটোৰ ষ্ট’ৰেজ বাহ্যিক মেমৰি কাৰ্ডৰ জৰিয়তে ২ জিবি পৰ্যন্ত বৃদ্ধি কৰিব পাৰিব।