লাভাই মুকলি কৰিছে নতুন স্মার্টফোন ব্লেজ ডুঅ'৩

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
ঘৰুৱা স্মার্টফোন ব্রেণ্ড লাভাই ইয়াৰ ব্লেজ ডুঅ' ছিৰিজৰ সম্প্ৰসাৰণ ঘটাই মুকলি কৰিছে ব্লেজ ডুঅ'৩। ডুৱেল ডিছপ্লেযুক্ত এই শাখাৰ প্ৰথমটো স্মার্টফোন হৈছে লাভা ব্লেজ ডুঅ'৩। 
 
ইয়াৰ প্রাইমেৰী ফ্রন্ট ডিছপ্লেয়ে দৈনন্দিন কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে ৰিয়েৰ কেমেৰাৰ কাষত থকা কমপেক্ট ছেকেণ্ডাৰি স্ক্রীনে নটিফিকেচন প্ৰদৰ্শনৰ পেনেল হিচাপে কাম কৰিব। 
 
ই লগতে ছেলফি প্রত্যক্ষ কৰা আৰু ফ্ৰেমৰ জোখ-মাপ নকৰাকৈ ৰিয়েল কেমেৰা ব্যৱহাৰৰ অনুমতি দিয়ে। প্রাথমিক ডিছপ্লেৰ আকাৰ হৈছে ৬.৬৭ইঞ্চি আৰু দ্বিতীয়খন ডিছপ্লেৰ আকাৰ হৈছে ১.৬ ইঞ্চি। 
 
১৬,৯৯৯ টকা মূল্যৰ এই স্মার্টফোনটোত সংযুক্ত আছে ৫০ মেগাপিক্সেলসহ ডুবেল ৰিয়েৰ কেমেৰা, ৮ মেগাপিক্সেলৰ ফ্রণ্ট কেমেৰা, ৫,০০০ এম এ এইচ বেটাৰি ইত্যাদি বৈশিষ্ট্য।