প্ৰযুক্তিৰ বুকুত অসমীয়া ভাষাৰ নতুন খোজঃ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এতিয়া আখৰে কথা ক'ব

Story by  atv | Posted by  Nikunja Nath • 3 h ago
প্ৰযুক্তিৰ বুকুত অসমীয়া ভাষাৰ নতুন খোজঃ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এতিয়া আখৰে কথা ক'ব
প্ৰযুক্তিৰ বুকুত অসমীয়া ভাষাৰ নতুন খোজঃ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এতিয়া আখৰে কথা ক'ব
 
নিকুঞ্জ নাথ / গুৱাহাটী
 
কল্পনা কৰকচোন, আপুনি পঢ়ি থকা অসমীয়া প্ৰবন্ধটো বা বাতৰিটো কোনোবাই আপোনাক স্পষ্ট আৰু স্বাভাৱিক মানুহৰ মাতত পঢ়ি শুনাইছে! হয়, এতিয়াৰে পৰা ডিজিটেল জগতত অসমীয়া ভাষাই এক নতুন মাত্ৰা লাভ কৰিছে। অসমীয়া ভাষাৰ ডিজিটেল উত্তৰণৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি অহা স্বেচ্ছাসেৱী গোট XOBDO.ORG আৰু Team Assam AI Initiative (AAII)-ৰ যুটীয়া প্ৰচেষ্টাত নৱৰূপত আত্মপ্ৰকাশ কৰিছে “Project Pathok”। এই অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক Text-to-Speech (TTS) ৱেব এপ্লিকেচনটোৱে অসমীয়া ভাষাৰ সমলসমূহক সৰ্বসাধাৰণ ৰাইজৰ বাবে অধিক আকৰ্ষণীয় আৰু সহজলভ্য কৰি তুলিব।
 
প্ৰতিনিধিত্বমূলক ফটো
 
সম্পূৰ্ণ বিনামূলীয়া এই প্লেটফৰ্মটোৰ প্ৰধান লক্ষ্য হৈছে ডিজিটেল মাধ্যমত উপলব্ধ অসমীয়া লেখা বা সমলসমূহ প্ৰতিগৰাকী অসমীয়াৰ কাষ চপাই নিয়া। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, “Project Pathok”-এ কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত যিকোনো অসমীয়া ইউনিক'ড পাঠ্য নিমিষতে মানুহৰ স্বাভাৱিক মাতলৈ ৰূপান্তৰ কৰিব পাৰে। 
 
ব্যৱহাৰকাৰীয়ে ইয়াত কেৱল যিকোনো অসমীয়া গদ্য ‘copy-paste’ কৰি বা কোনো ৱেবপেজৰ লিংক প্ৰদান কৰিয়েই সমগ্ৰ লেখাটো সুমধুৰ অসমীয়া কণ্ঠত শুনিবলৈ সক্ষম হ'ব। শিক্ষা গ্ৰহণ, দৃষ্টিশক্তিৰ সমস্যা থকা লোকসকলৰ সুবিধাৰ্থে, অনলাইন অধ্যয়ন, গৱেষণা আৰু ডিজিটেল পৃথিৱীখনত অসমীয়া ভাষাৰ ব্যাপক প্ৰসাৰৰ ক্ষেত্ৰত এই সঁজুলিটোৱে এক যুগান্তকাৰী ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। 
 
XOBDO.ORG ৰ ৱেব পেজ
 
কাৰিকৰী দিশৰ পৰা চাবলৈ গ'লে, “Project Pathok” মূলতঃ “Xobdo Boroxa 1.0” নামৰ এটা শক্তিশালী নিউৰেল অসমীয়া Text-to-Speech (neural Assamese Text-to-Speech) মডেলৰ ওপৰত আধাৰিত। প্ৰায় চাৰি ঘণ্টাৰ উচ্চ মানদণ্ডৰ নিৰ্দিষ্ট অসমীয়া কণ্ঠ-তথ্যৰ ওপৰত ভিত্তি কৰি ইয়াক প্ৰশিক্ষণ দিয়া হৈছে। 
 
ইয়াৰ আটাইতকৈ উল্লেখনীয় বৈশিষ্ট্যটো হৈছে ইয়াৰ সুৰক্ষা আৰু ব্যৱহাৰিক সুবিধা। এই সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যৱহাৰকাৰীৰ নিজা ব্ৰাউজাৰৰ ভিতৰতেই পৰিচালিত হয়। অৰ্থাৎ, প্ৰথমবাৰ ল’ড হোৱাৰ পিছত ই ডিভাইচটোতেই ভয়েচ মডেলটো সংৰক্ষণ কৰি ৰাখে, যাৰ ফলত ইণ্টাৰনেট সংযোগ নোহোৱাকৈও offlineত ইয়াক নিৰ্বিঘ্নে ব্যৱহাৰ কৰিব পাৰি। তদুপৰি, ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা কোনো তথ্য বা অডিঅ’ বাহিৰৰ কোনো চাৰ্ভাৰলৈ প্ৰেৰণ কৰা নহয়। ফলস্বৰূপে, ব্যৱহাৰকাৰীৰ গোপনীয়তা ইয়াত সম্পূৰ্ণৰূপে সুৰক্ষিত থাকে।
 

অসমীয়া ডিজিটেল ভাষাৰ আন্তঃগাঁথনি অধিক সুদৃঢ় কৰাৰ লগতে আঞ্চলিক ভাষাসমূহৰ বাবে সহজলভ্য AI সঁজুলি নিৰ্মাণ কৰাৰ যি এক সামূহিক সপোন, তাৰেই বাস্তৱ ৰূপ হৈছে এই প্ৰকল্পটো। বিকাশকসকলে আশা প্ৰকাশ কৰিছে যে এই পদক্ষেপে অধিক সংখ্যক লোকক ডিজিটেল অসমীয়া সমল অতি সহজেই পঢ়িবলৈ, শুনিবলৈ আৰু বুজিবলৈ সহায় কৰিব।
 
এই প্ৰকল্পটোৰ কাৰিকৰী সমন্বয় আৰু বিকাশৰ গুৰু দায়িত্ব সফলতাৰে পালন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ DUIET-ৰ ড০ পৰীস্মিতা গগৈ আৰু Team Assam AI Initiative (AAII)-এ। এই প্ৰকল্পটোক জীৱন্ত ৰূপ দিছে বৰ্ষা বন্দিতাৰ সুৱদী কণ্ঠদানে। আনহাতে, প্ৰাৰম্ভিক পৰ্যায়ৰ তথ্য সংগ্ৰহ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত বহুমূলীয়া সহায় আৰু অৱদান আগবঢ়াইছে ড০ অঞ্জল বৰা আৰু অবিনাশ হাতীকাকতীয়ে।
 

বৰ্তমান “Project Pathok” সৰ্বসাধাৰণ ৰাইজৰ ব্যৱহাৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ মুকলি কৰি দিয়া হৈছে। বিশেষকৈ ডেস্কটপ আৰু Google Chrome ব্ৰাউজাৰ ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে এটা ‘Assamese Text-to-Speech Chrome Extension’-ও মুকলি কৰা হৈছে। এই এক্সটেনচনটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে যিকোনো ৱেবপেজত থকা অসমীয়া লেখা নিৰ্বাচন (select) কৰি বা ‘right-click’ কৰিয়েই অতি সহজেই সমগ্ৰ পৃষ্ঠাটো শুনিব পাৰিব।
 
প্ৰয়োজনীয় লিংকসমূহ:
 
Project Pathok:
 
https://www.xobdo.org/project_pathok
 
Chrome Extension:
 
https://chromewebstore.google.com/detail/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A6%A2%E0%A6%BC%E0%A6%95-%E2%80%94-assamese/ejfhaoacenoloahojdjanfagelhpdkoc?fbclid=IwY2xjawR2XCFleHRuA2FlbQIxMABicmlkETFyNGhqcWRmaGtrREhSRWlpc3J0YwZhcHBfaWQQMjIyMDM5MTc4ODIwMDg5MgABHk9cjiehdfXSGHP4YGeNyiwx0y3MKo9EYboO9BF_I-_uX3JpIa8K8qQJXILR_aem_anHR0yXFbAfbos29pPEh1A
 
Landing Page:

https://aaiiaxomi.github.io/assamese-tts-reader/