নতুন দিল্লী
আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে সুখবৰ। Google আৰু Apple এ হাত মিলাইছে। Apple এ নিশ্চিত কৰিছে যে গুগল জেমিনি আইফোনত ব্যৱহৃত ভইচ এচিষ্টেণ্ট চিৰিৰ সৈতে সংযুক্ত কৰা হ’ব।
Apple ৰ এই সিদ্ধান্ত লাখ লাখ আইফোন ব্যৱহাৰকাৰীৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। Google জেমিনি এআইক চিৰিৰ সৈতে সংযুক্ত কৰাৰ লগে লগে ভইচ এচিষ্টেণ্টটো আইফোন, আইপেড, আৰু মেক ব্যৱহাৰকাৰীৰ বাবে আৰু অধিক ব্যক্তিগতকৃত হ’ব।এই বছৰ অনুষ্ঠিত হ’বলগীয়া WWDC 2026 ত এপলে এই কথা ঘোষণা কৰিব পাৰে।
Apple এ স্বীকাৰ কৰিছে যে গুগলৰ এআই প্ৰযুক্তি হৈছে এপল ফাউণ্ডেশ্যন মডেলৰ আটাইতকৈ ফলপ্ৰসূ ভেটি।এপল আৰু গুগলে এই যৌথ বিবৃতি Google কীৱৰ্ডছ ব্লগত প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে ২০২৫ চনৰ নৱেম্বৰ মাহত ব্লুমবাৰ্গৰ মাৰ্ক গুৰমানে এই কথা প্ৰকাশ কৰিছিল যে,এপলে চিৰি আপডেটৰ বাবে Google ক বাছি লৈছে।ইয়াৰ বাবে এপলে প্ৰতি বছৰে ১ বিলিয়ন ডলাৰ খৰচ কৰিব।
এণ্ড্ৰইড অথৰিটিৰ এক নতুন প্ৰতিবেদন অনুসৰি দুয়োটা কোম্পানীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে এই চুক্তি আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।অৱশ্যে দুয়োটা কোম্পানীয়ে ১ বিলিয়ন ডলাৰৰ বিষয়টোৰ কথা উল্লেখ কৰা নাই।
এপলে প্ৰথমে ঘোষণা কৰিছিল যে ২০২৪ চনৰ প্ৰথমাৰ্ধত চিৰিত এআইৰ বৈশিষ্ট্য সংযোজন কৰা হ’ব।পৰৱৰ্তী সময়ত এই প্ৰকল্পটো যোৱা বছৰৰ মাৰ্চলৈ পিছুৱাই দিয়া হৈছিল।