নতুন দিল্লী
কুৰি দশকত সমগ্র বিশ্বতে জনপ্রিয় হোৱা ভিডিঅ' কলিং প্লেটফর্ম সেৱা স্কাইপ অহা ৫ মে'ৰ পৰা বন্ধ হৈ পৰিব। প্রতিদ্বন্দ্বী আন প্রতিষ্ঠানৰ আগমনৰ পিচত ক্রমশঃ জনপ্রিয়তা হেৰুওৱা স্কাইপ সেরা বন্ধৰ সিদ্ধান্ত গ্রহণ কৰিছে মাইত্রু'ছফ্ট প্রতিষ্ঠানটোৱে।
মাইক্র'ছফটে ব্লগপ'ষ্টত প্রকাশ কৰামতে সমগ্র বিশ্বত প্রায় ৩৬ নিযুত লোকে এই সেৱা ব্যৱহাৰ কৰিছিল। অহা ৫ মে'ৰ পৰা স্কাইপ সেৱা আনুষ্ঠানিকভাৱে বন্ধ হৈ পৰিব বুলি প্রতিষ্ঠানটোৱে জানিবলৈ দিছে। ২০০৩ চনত মুকলি কৰা হৈছিল এই জনপ্রিয় ভিডিঅ' কলিং সেবা।
২০১১ চনত স্কাইপ প্রতিষ্ঠানটো ৮.৫ বিলিয়ন ডলাৰ মূল্যৰ অধিগ্রহণ কৰিছিল মাইক্র'ছফ্টে। প্রতিষ্ঠানটোৱে সদৰী কৰামতে স্কাইপৰ ব্যৱহাৰকাৰীসকলে এতিয়াৰে পৰা বিনামূলীয়াকৈ মাইক্ৰ'ছফ্টৰ অনুৰূপ সেৱা 'টিমছ' ব্যৱহাৰ কৰিব পাৰিব। স্কাই প ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ পূৰ্বৰ একাউণ্টৰ মাধ্যমতেই 'টিমছ'ত লগ ইন কৰি বিভিন্ন ব্যৱহাৰকাৰীৰ সৈতে সংযোগ ৰক্ষা কৰিব পাৰিব।