এগৰাকী কণমানিৰ সপোনক গতি দিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতা দৰ্শনে

Story by  atv | Posted by  Munni Begum • 6 h ago
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতা দৰ্শন কাৰ্যসূচীৰ এক দৃশ্য
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতা দৰ্শন কাৰ্যসূচীৰ এক দৃশ্য
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতা দৰ্শন কাৰ্যসূচীয়ে পুনৰ এবাৰ জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ এক উৎকৃষ্ট দৃষ্টান্ত দাঙি ধৰিছে। কিয়নো এগৰাকী কণমানি কন্যা শিশুৰ সৰল অনুৰোধে ৰক্ষা কৰি সকলোৰে মন জয় কৰিছে মুখ্যমন্ত্ৰী আদিত্যনাথে। 
 
উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ আৰু তেওঁৰ সংসদীয় সমষ্টি গোৰখপুৰত অনুষ্ঠিত হোৱা জনতা দৰ্শন কাৰ্যসূচীৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিয়মিতভাৱে মানুহৰ সমস্যা শুনে আৰু সমস্যাসমূহৰ সমাধানৰ বাবে তেওঁ প্ৰায়ে তাৎক্ষণিক নিৰ্দেশ দিয়ে। যোৱা সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী যোগীয়ে যেতিয়া জনতা দৰ্শনৰ সময়ত অভিযোগকাৰীৰ সমস্যা শুনি আছিল, এই সময়ছোৱাত এগৰাকী কণমানি কন্যা শিশুই মাকৰ সৈতে জনতা দৰ্শনৰ বাবে আহিছিল। অনুষ্ঠানতে কণমানিগৰাকীয়ে নিজৰ এটি সমস্যা মুখ্যমন্ত্ৰী যোগীক জনাইছিল আৰু তেওঁ সেইটো তৎক্ষণাত সমাধান কৰি দিছিল।
   
 
লক্ষ্ণৌত আয়োজিত জনতা দৰ্শন কাৰ্যসূচীত মুখ্যমন্ত্ৰী যোগীয়ে ৰাইজৰ অভাৱ-অভিযোগ শুনি থকাৰ সময়তে এগৰাকী কণমানি শিশুগৰাকীয়ে মাতৃৰ সৈতে মুখ্যমন্ত্ৰী যোগীৰ ওচৰলৈ আগবাঢ়ি আহিছিল। মুখ্যমন্ত্ৰী যোগীয়ে ছোৱালীজনীৰ নাম সুধিছিল, ছোৱালীজনীয়ে উত্তৰত কৈছিল, অনাবি আলী। মুখ্যমন্ত্ৰী যোগীয়ে তেওঁৰ সমস্যা কি বুলি সুধিলে আৰু ছোৱালীজনীয়ে উত্তৰত ক’লে যে, তাই নামভৰ্তি কৰিব বিচাৰে। তাৰ পিছত মুখ্যমন্ত্ৰী যোগীয়ে ক’ত বুলি সুধিলে, ছোৱালীজনীয়ে উত্তৰ দিলে যে, তাই এখন স্কুলত নামভৰ্তি বিচাৰে। 
 
মুখ্যমন্ত্ৰী যোগীয়ে ক’লে ইমান ঠাণ্ডাত আপুনি স্কুললৈ যাব? মুখ্যমন্ত্ৰী যোগীয়ে প্ৰশ্ন কৰে যে, কোন শ্ৰেণীত নামভৰ্তিৰ প্ৰয়োজন। ছোৱালীজনীয়ে উত্তৰ দিলে যে, তাই নাৰ্চাৰীত নামভৰ্তি বিচাৰে। ইয়াৰ পিছত মুখ্যমন্ত্রীয়ে প্রতিদিনে স্কুললৈ গৈ ভালকৈ পঢ়া-শুনা কৰিব নে বুলি প্রশ্ন কৰে৷ ছোৱালীজনীয়ে মূৰ দুপিয়াই আৰু উত্তৰত হয় কৰিম বুলি কয়।
 
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনতা দৰ্শন কাৰ্যসূচীৰ সময়ৰ এক মূহুৰ্ত
 
এই কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী যোগীয়ে ছোৱালীজনীক সুধিছিল যে, স্কুলত কি পঢ়ে। ইয়াৰ উত্তৰত ছোৱালীজনীয়ে “শ্বেৰ বাচ্চে, শ্বেৰ বাচ্চে” কবিতাটো আবৃত্তি কৰি শুনাইছিল। কবিতাটো শুনি আনন্দিত হৈ পৰে মুখ্যমন্ত্ৰী যোগী। ইয়াৰ পিছত তেওঁ ওচৰতে থিয় হৈ থকা বিষয়াজনক ছোৱালীজনীৰ ভৰ্তিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে মুখ্যমন্ত্রী নিজেও ছোৱালীজনীক চকলেট দিছিল।
 
উল্লেখ্য যে, জনতা দৰ্শন অনুষ্ঠানলৈ মাকৰ সৈতে অহা অনাবি আলী নামৰ ছোৱালীজনী লক্ষ্ণৌৰ বাসিন্দা। ছোৱালীজনীয়ে স্কুলত নামভৰ্তি বিচাৰে, সেয়েহে তাই জনতা দৰ্শনত মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ নামভৰ্তি সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছিল।