নতুন দিল্লী
ভাৰতীয় স্মাৰ্টফোন কোম্পানী লাভাই মুকলি কৰিছে এটা নতুন স্মাৰ্টফোন Lava Agni4। শেহতীয়াকৈ কোম্পানীটোৱে এই ফোনটোৰ বাবে নতুন টিজাৰ মুকলি কৰিছে।
টিজাৰৰ মতে, Lava Agni4 স্মাৰ্টফোনটো ক’লা ৰঙত মুকলি কৰা হ’ব আৰু পিছফালে অনুভূমিক ষ্টাইলৰ পিল আকৃতিৰ কেমেৰা মডিউল থাকিব। এই ফোনটোৰ মূল্য প্ৰায় ২৫ হাজাৰ টকা হ’ব। ইয়াত ১২০Hz ৰিফ্ৰেছ ৰেটৰ সৈতে ৬.৭৮ ইঞ্চি Full HD+ ডিছপ্লে থাকিব। অৱশ্যে যোৱা বছৰ মুকলি কৰা Lava Agni3 ত ১.৫K ৰিজ’লিউচনৰ স্ক্ৰীণ আছিল। সেয়েহে এইবাৰৰ Lava Agni4 তো একেধৰণৰ বা উন্নত ডিছপ্লেৰ বৈশিষ্ট্য থাকিব।
এই ফোনটো ৪nm MediaTek Dimensity ৮৩৫০ চিপছেটৰ দ্বাৰাও চালিত হ’ব। এই চিপছেটৰ লগতে কোম্পানীয়ে উন্নত আৰু মসৃণ ষ্ট’ৰেজৰ বাবে UFS ৪.০ ষ্ট’ৰেজো আগবঢ়াব। ইয়াৰ উপৰিও এই ফোনত ৭০০০mAh ৰ বৃহৎ বেটাৰী থাকিব বুলিও চৰ্চা চলিছে। ফোনটোৰ পিছফালে ডুৱেল কেমেৰা ছেটআপ থাকিব আৰু মূল কেমেৰাটো ৫০MP হ’ব বুলি আশা কৰা হৈছে।
লাভাই নিজৰ আগন্তুক এই স্মাৰ্টফোনটোৰ মুকলিৰ টাইমলাইন প্ৰকাশ কৰিছে যদিও এতিয়াও কোনো নিৰ্দিষ্ট মুকলিৰ দিন ঘোষণা কৰা নাই। ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (BIS)ত দেখা গৈছে এই ফোনটো। যোৱা বছৰ মুকলি কৰা Lava Agni3 ৰ উত্তৰাধিকাৰী Lava Agni4 হ’ব বুলি আশা কৰা হৈছে।
Lava Agni4 ক ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ তালিকাত দেখা গৈছে যাৰ মডেল নম্বৰ LXX525। অৰ্থাৎ ভাৰতত শীঘ্ৰে এই ফোনটো মুকলি হ’ব। কোম্পানীয়ে মুকলি কৰা টিজাৰৰ মতে, ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহত মুকলি কৰা হ’ব এই স্মাৰ্টফোনটো। তদুপৰি এই ফোনটো 5G হ’ব নে নহয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই।