আৰৱ দেশসমূহৰ সৈতে ভাৰতঃ বাণিজ্য, নিৰাপত্তা আৰু বিকাশৰ এক শক্তিশালী অংশীদাৰিত্ব

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ান
 
শংকৰ কুমাৰ
 
নতুন দিল্লীয়ে শেহতীয়াকৈ পুনৰবাৰ নিজৰ কূটনৈতিক সক্ৰিয়তাৰ পৰিচয় দিছে। ইউৰোপীয় নেতাসকলৰ আতিথ্য আৰু গুৰুত্বপূৰ্ণ অৰ্থনৈতিক, প্ৰতিৰক্ষা তথা নিৰাপত্তা বুজাবুজিৰ পিছত, ভাৰতে এই মাহৰ শেষৰ ফালে দ্বিতীয়খন 'ভাৰত-আৰৱ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক'ৰ আয়োজন কৰে। যোৱা দহ বছৰৰ ভিতৰত এয়া আছিল প্ৰথমখন উচ্চ পৰ্যায়ৰ বৈঠক, যিয়ে স্পষ্ট সংকেত দিয়ে যে ভাৰতে আৰব দেশসমূহৰ সৈতে থকা ৰাজনৈতিক, কূটনৈতিক আৰু কৌশলগত সম্পৰ্কত নতুন শক্তি প্ৰদান কৰিব বিচাৰে।
 
এই বৈঠকত আৰৱ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকল আৰু আৰব লীগৰ মহাসচিব উপস্থিত থাকে। ইয়াৰ জৰিয়তে ভাৰতে দেখুৱাব বিচাৰিছে যে তেওঁলোক কেৱল আনুষ্ঠানিক কূটনীতিতে সীমাবদ্ধ নহয়, বৰঞ্চ সম্পৰ্কসমূহক এক সুসংগঠিত, কৌশলগত আৰু ফলাফলমুখী ৰূপ দিবলৈহে গুৰুতৰ প্ৰচেষ্টা চলাইছে।
এই বৈঠক সেই সময়ত অনুষ্ঠিত হয় যি সময়ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত শান্তি ব’ৰ্ডে মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠাৰ দিশত কাম কৰি আছিল। একে সময়তে পাকিস্তান, তুৰস্ক, চৌদি আৰবেও এই অঞ্চলত নিজৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছিল।
 
বিশ্লেষকসকলৰ মতে, পাকিস্তান-তুৰস্ক-চৌদি আৰৱৰ ত্ৰিপাক্ষিক পদক্ষেপে হয়তো ডাঙৰ পৰিৱৰ্তন আনিব নোৱাৰে, কিয়নো মধ্যপ্ৰাচ্যই এতিয়া বহুমুখী নিৰাপত্তা পৰিৱেশৰ দিশে আগবাঢ়িছে। এই বহুমুখীতা মহাশক্তিৰ মিত্ৰতা, কৌশলগত স্বাধীনতা আৰু অগতানুগতিক নিৰাপত্তা উপাদানসমূহৰ দ্বাৰা গঢ় লৈ উঠিছে। ইফালে, ভাৰতৰ এই পদক্ষেপ কেৱল দেখুৱাবৰ বাবে নহয়, ই দৃঢ় সহযোগিতা আৰু দীৰ্ঘম্যাদী কৌশল স্পষ্টভাৱে প্ৰদৰ্শন কৰে।
 
৩১ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰৱ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত ভাৰত-আৰৱ অংশীদাৰিত্বৰ লক্ষ্য স্পষ্ট কৰে। তেওঁ কয় যে ভাৰতে বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, স্বাস্থ্য, আৰু অন্যান্য অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত অঞ্চলটোৰ সৈতে সহযোগিতা আৰু অধিক শক্তিশালী কৰিব বিচাৰে। এই লক্ষ্যই প্রমাণ কৰে যে ভাৰতে কেৱল কৌশলগত মধ্যস্থতাকাৰী হোৱাই নহয়, অঞ্চলটোৰ এক বিশ্বাসযোগ্য দীৰ্ঘম্যাদী অংশীদাৰ হিচাপেও আত্মপ্ৰকাশ কৰিব বিচাৰে।
 
বাণিজ্য আৰু বিনিয়োগৰ সম্প্ৰসাৰণ
 
বৰ্তমান ভাৰত আৰু আৰৱ দেশসমূহৰ মাজত বাণিজ্যৰ পৰিমাণ ২৪০ বিলিয়ন ডলাৰতকৈও অধিক। 'ভাৰত-আৰৱ লীগ দিল্লী ঘোষণা' অনুসৰি, দুয়োপক্ষই ২০৩০ চনলৈ এই বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তুলনামূলকভাৱে, আৰৱ দেশসমূহৰ ওপৰত চীনৰ প্ৰভাৱ ব্যাপক হৈয়েই আছে।
 
২০২৫ চনৰ প্ৰথম সাত মাহত চীন আৰু আৰৱ লীগৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল প্ৰায় ২৪১.৬১ বিলিয়ন ডলাৰ। ইফালে, ২০২৪ চনত মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ সৈতে আমেৰিকাৰ বাণিজ্যৰ পৰিমাণ আছিল প্ৰায় ১৪১.৭ বিলিয়ন ডলাৰ। ২০২৫ চনৰ প্ৰথম তিনিমাহত আমেৰিকা আৰু উপসাগৰীয় সহযোগিতা পৰিষদ (GCC) দেশসমূহৰ মাজত মুঠ বাণিজ্য আছিল ১৮.৮ বিলিয়ন ডলাৰ। এই তথ্যই স্পষ্ট কৰি দিয়ে যে আৰৱ অঞ্চলত ভাৰতৰ কৌশলগত অৱস্থানে ভৱিষ্যতে অৰ্থনৈতিক আৰু ভূ-ৰাজনৈতিক দিশত ভাৰতক উপকৃত কৰিব পাৰে, বিশেষকৈ বিশ্বৰ অৰ্থনৈতিক আৰু নিৰাপত্তা গতিশীলতা দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে।
বিনিয়োগৰ ক্ষেত্ৰতো ভাৰত আৰু আৰৱ দেশসমূহৰ মাজৰ সম্পৰ্ক দ্ৰুতগতিত শক্তিশালী হৈছে। দুয়োপক্ষই এতিয়া অত্যাধুনিক প্ৰযুক্তি, ষ্টাৰ্টআপ, নৱীকৰণযোগ্য শক্তি, স্মাৰ্ট চিটি আৰু আন্তঃগাঁথনিত বিনিয়োগ কৰিছে। উদাহৰণস্বৰূপে, ইউএ ই (UAE) ৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ শেহতীয়া ভ্ৰমণকালত ভাৰতত ছুপাৰ কম্পিউটিং ক্লাষ্টাৰ আৰু ডাটা চেণ্টাৰ স্থাপন সন্দৰ্ভত সহমত প্ৰকাশ কৰা হয়। দুয়োখন দেশে কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ পৰিকল্পনা কৰিছে।
 
২০২৪ চনত ভাৰত আৰু UAE-ৰ মাজত স্বাক্ষৰিত দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ অধীনত উপসাগৰীয় দেশখনে ভাৰতৰ আন্তঃগাঁথনিত ৭৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। গুজৰাটৰ ঢোলেৰাত এটা বিশেষ বিনিয়োগ মণ্ডল গঢ়ি তোলা হ’ব, য’ত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, পাইলট প্ৰশিক্ষণ বিদ্যালয়, ৰক্ষণাবেক্ষণৰ সুবিধা, গ্ৰীনফিল্ড বন্দৰ, স্মাৰ্ট টাউনশ্বিপ, ৰে’ল সংযোগ, শক্তিৰ আন্তঃগাঁথনি আদি থাকিব।
 
শান্তি আৰু নিৰাপত্তা
 
ভাৰতে বিচাৰে যে, সীমাৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ আৰু নিৰাপত্তাৰ প্ৰত্যাহ্বানবোৰৰ বিৰুদ্ধে আৰৱ দেশসমূহে ভাৰতৰ সৈতে মিলি কাম কৰক। ভাৰতে সন্ত্ৰাসবাদৰ কেৱল নিন্দা কৰাই নহয়, বৰঞ্চ ইয়াৰ আৰ্থিক উৎসসমূহ ধ্বংস কৰা আৰু অপৰাধীক ক্ষিপ্ৰতাৰে ন্যায়ৰ আওতালৈ অনাৰ ক্ষেত্ৰত সহযোগিতা বিচাৰে।
 
এই বৈঠকত ইজৰাইলৰ সৈতে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰা এখন স্বায়ত্তশাসিত আৰু সজীৱ পেলেষ্টাইন ৰাষ্ট্ৰৰ প্ৰতিও ভাৰতে সমৰ্থন পুনৰ দৃঢ় কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে গাজা সংঘাতৰ অন্ত পেলোৱাৰ বাবে এক বিস্তৃত পৰিকল্পনা আগবঢ়াই নিয়াটো আজি বহু দেশৰ এক যৌথ অগ্ৰাধিকাৰ। বৈঠকত ভাৰত আৰু আৰৱ দেশসমূহে লেবানন, লিবিয়া, ছুডান, ছোমালিয়া আৰু য়েমেনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। লেবানন সন্দৰ্ভত তেওঁলোকে ইয়াৰ ভূখণ্ডৰ অখণ্ডতা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সীমান্তৰ প্ৰতি সন্মান জনোৱাৰ আহ্বান জনায়।
 
লিবিয়াত অতি সোনকালে ৰাষ্ট্ৰপতি আৰু সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰচেষ্টাক দুয়োপক্ষই আদৰণি জনায়। ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ছুডানত গৃহযুদ্ধ অব্যাহত আছে, য’ত ১ লাখ ৫০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১ কোটি ২০ লাখ লোক গৃহহীন হৈছে। ভাৰত আৰু আৰৱ দেশসমূহে ছুডান, ছোমালিয়া আৰু য়েমেনৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি সমৰ্থন আগবঢ়ায়।
 
ব্যাপক কৌশলগত সহযোগিতা
 
ভাৰত আৰু আৰৱ দেশসমূহে এটা ‘কাৰ্যকৰী কাৰ্যসূচী’ আৰম্ভ কৰিছে, যাৰ অধীনত ২০২৬-২০২৮ চনৰ ভিতৰত সন্ত্ৰাসবাদ, ৰাজনীতি, কূটনীতি, বাণিজ্য, শক্তি, কৃষি, মহাকাশ, পৰ্যটন, মানৱ সম্পদ, শিক্ষা আৰু ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।
 
এই পদক্ষেপৰ বাৰ্তা অতি স্পষ্ট— ভাৰতে এতিয়া আৰৱ দেশসমূহৰ সৈতে কেৱল নামমাত্ৰ সম্পৰ্ক নিবিচাৰে। ভাৰতে বিচাৰে যে ২২ খন আৰৱ লীগ দেশৰ সৈতে থকা সম্পৰ্কবোৰ অধিক শক্তিশালী আৰু ফলাফলমুখী হওক। বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, শক্তি, শান্তি আৰু নিৰাপত্তা, মানৱ সম্পদ আৰু সংস্কৃতি- সকলো ক্ষেত্ৰতে ভাৰতৰ উল্লেখযোগ্য প্ৰভাৱ আছে। এই উল্লেখযোগ্য প্ৰভাৱেৰে ভাৰতে বিশ্ব মঞ্চত বিশ্বাসযোগ্য আৰু চিৰস্থায়ী অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
 
এই পদক্ষেপে ভাৰতৰ অৰ্থনৈতিক আৰু কৌশলগত স্বাৰ্থ সুৰক্ষিত কৰাই নহয় আঞ্চলিক স্থিতিশীলতা আৰু উন্নয়নতো যথেষ্ট অৰিহণা যোগাব। আৰৱ দেশৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সম্পৰ্ক এতিয়া কেৱল কূটনৈতিক ভংগীমাতে সীমাবদ্ধ হৈ থকা নাই। ই এক সুসংগঠিত, কৌশলগত আৰু ভৱিষ্যতকেন্দ্ৰিক পদক্ষেপ যিয়ে বিশ্ব ৰাজনীতি আৰু অৰ্থনৈতিক গতিশীলতাত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক স্পষ্টভাৱে প্ৰদৰ্শন কৰে।
 
(লেখক আন্তঃৰাষ্ট্ৰীয় বিষয়ক বিশেষজ্ঞ)