নতুন দিল্লী
ভাৰতত নিষিদ্ধ বিদ্ৰোহী গোটক সহায় কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)-ই ৬ গৰাকী ইউক্ৰেইনৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰৰ পিছত ইউক্ৰেইনে তেওঁলোকক লগ কৰিবলৈ (কনচলাৰ একচেছ) জনোৱা অনুৰোধ ভাৰত চৰকাৰে লাভ কৰিছে বুলি বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনায়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে বৰ্তমান এই বিষয়টোৰ তদন্ত চলি আছে আৰু ভাৰতীয় আইন তথা আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি ইয়াৰ বিচাৰ কৰা হ’ব।
তেওঁ সংবাদ মেলত কয়, "আমি এই বিষয়ে জানো। এয়া এটা আইনী বিষয় আৰু ভাৰত চৰকাৰৰ সংস্থাসমূহে ইয়াৰ তদন্ত কৰি আছে। ইউক্ৰেইনে তেওঁলোকৰ মানুহখিনিক লগ কৰিবলৈ আমাক অনুৰোধ কৰিছে আৰু আইন অনুসৰি আমি সেইটো বিবেচনা কৰিম।"
NIA-ৰ মতে, ভাৰতৰ নিষিদ্ধ বিদ্ৰোহী গোটক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰশিক্ষণ যোগান ধৰাৰ বাবে ৬ গৰাকী ইউক্ৰেইনীয় আৰু এজন আমেৰিকান নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে ম্যানমাৰৰ সশস্ত্ৰ গোটসমূহকো সহায় কৰা বুলি সন্দেহ কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা লোকসকল হ'ল আমেৰিকান নাগৰিক মেথিউ এৰন ভ্যান ডাইক। ৬ গৰাকী ইউক্ৰেইনীয় ক্ৰমে, হুৰবা পেট্ৰ’, শ্লিবিয়াক টাৰাছ, ইভান চুকমানোভস্কি, ষ্টিফানকিভ মেৰিয়ান, হোনচাৰুক মেক্সিম আৰু কামিনস্কি ভিক্টৰ।
NIA-ৰ বিশেষ আদালতে এই ৭ গৰাকী অভিযুক্তক অধিক তদন্তৰ বাবে ১১ দিনৰ বাবে নিজৰ জিম্মাত লৈছে।
ইফালে, ভাৰতত থকা ইউক্ৰেইনৰ দূতাৱাসে এই ঘটনাক লৈ চিন্তা প্ৰকাশ কৰিছে আৰু এটা পৰিষ্কাৰ তথা নিৰপেক্ষ তদন্ত বিচাৰিছে। তেওঁলোকে স্পষ্টকৈ কৈছে যে এই কামত তেওঁলোকৰ চৰকাৰৰ কোনো হাত নাই। তেওঁলোকে কয় যে ইউক্ৰেইন নিজেই যুদ্ধৰ বলি আৰু তেওঁলোকে সন্ত্ৰাসবাদক কেতিয়াও সমৰ্থন নকৰে।
দূতাৱাসে লগতে জনাইছে যে তেওঁলোকে ভাৰত চৰকাৰৰ সৈতে আইনীভাৱে সকলো ধৰণৰ সহযোগিতা কৰিবলৈ সাজু আছে।