ইচ্ছা কৰিলে ২ ছেকেণ্ডতে ইৰানক শেষ কৰিব পাৰো: ড'নাল্ড ট্ৰাম্পৰ ভাবুকি

Story by  atv | Posted by  [email protected] • 1 Months ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
বৰ্তমানেও অশান্ত হৈ আছে মধ্যপ্ৰাচ্য। বৃহস্পতিবাৰে ইৰানৰ গেছ ৰিফাইনেৰীত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ। ইৰানৰ চাউথ পাৰ্চ গেছ ৰিফাইনেৰীত ইজৰাইলে কৰিছিল এই মিছাইল আক্রমণ।
 
উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ ইৰানক মুকলিকৈ ভাবুকি প্ৰদান কৰে। ইপিনে হোৱাইট হাউছত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ সময়ত যেতিয়া ট্ৰাম্পক প্ৰশ্ন কৰা হৈছিল যে‌, আমেৰিকাৰ নিজৰ সৈন্য ইৰানলৈ পঠাইছিল নেকি ?
 
ইয়াৰ উত্তৰত ট্ৰাম্পে উল্লেখ কৰি কয়, ইচ্ছা কৰিলে ২ ছেকেণ্ডতে ইৰানক শেষ কৰিব পাৰো। আমি কোনো সেনাবাহিনীক পঠোৱা নাই। ট্ৰাম্পে লগতে কয় যে, ইৰানে বিশেষকৈ মধ্যপ্ৰাচ্যৰ বাবে এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। এই বিষয়ত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও মোৰ সৈতে একমত।