৪জিৰ মূল্যতে গ্রাহকে উপভোগ কৰিব পাৰিব ৫জি সেৱা

Story by  atv | Posted by  Munni Begum • 1 Years ago
গ্রাহকক ৫জিলৈ আকৰ্ষিত কৰাৰ প্ৰয়াস ৰিলায়েন্স জিঅ' আৰু এয়াৰটেলৰ
গ্রাহকক ৫জিলৈ আকৰ্ষিত কৰাৰ প্ৰয়াস ৰিলায়েন্স জিঅ' আৰু এয়াৰটেলৰ
নতুন দিল্লী
 
ৰিলায়েন্স জিঅ' আৰু ভাৰতী এয়াৰটেল প্রতিষ্ঠান দুটাই দেশত ৫জি সেৱা মুকলিৰ বাবে সাজু হৈছে। বিশেষজ্ঞসকলৰ মতে দুটো প্রতিষ্ঠানে ৫জি সেৱাৰ মূল্য ৪জিৰ প্ৰায় সমহাৰত ৰখাৰে সম্ভাৱনা আছে। অৱশ্যে এয়াৰটেল অথবা জিঅ'ৰ তৰফৰ পৰা এতিয়ালৈকে আনুষ্ঠানিকভাবে এই বিষয়টো সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰা হোৱা নাই। 
 
বিশেষজ্ঞসকলে প্রকাশ কৰামতে ৪জি সেৱা ব্যৱহাৰ কৰি থকা গ্রাহকসকলক ৫জিলৈ আকৰ্ষিত কৰাৰ চেষ্টা চলাব দুয়োটা প্রতিষ্ঠানে। সেয়েহে প্রথম পর্যায়ত প্রতিষ্ঠান দুটাই ৫জি সেৱাৰ মূল্য ৪জিৰ প্ৰায় সমহাৰত ৰখাৰেই সম্ভাৱনা আধিক।
উল্লেখ্য যে দূৰসংযোগ প্রতিষ্ঠানসমূহে গ্ৰাহকৰ ডাটাৰ ব্যৱহাৰ বৃদ্ধিৰ জৰিয়তে প্ৰতিগৰাকী ব্যৱহাৰকাৰীৰ বিপৰীতে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ (এ আৰ পি ইউ) বৃদ্ধি কৰিবলৈ বিচাৰিছে। সেয়েহে ব্যয়সাধ্য মূল্যত ৫জি সেৱাৰ সুবিধা প্ৰদান কৰি তেওঁলোকে গ্রাহকক অধিক পৰিমাণৰ ডাটা ব্যৱহাৰৰ বাবে উৎসাহ যোগোৱাৰ সম্ভাৱনা আছে। 
বিশেষজ্ঞসকলে জনোৱামতে প্রথম পৰ্যায়ত ৫জি সেৱা গ্ৰহণ কৰা গ্ৰাহকৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই। কিয়নো এতিয়াও ৫জি ম'বাইল হেণ্ডছেটৰ মূল্য যথেষ্ট বেছি। ইয়াৰ লগতে প্রথম পর্যায়ত দেশৰ নিৰ্বাচিত কেইখনমান চহৰতহে ৫জি সেৱা আৰম্ভ হোৱাৰ বাবেও অধিকাংশ গ্রাহকে এই সেৱা গ্ৰহণৰ সুবিধা লাভৰ বাবে কিছুদিন অপেক্ষা কৰিবলগীয়া হ'ব।