ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ বিশেষ ফিচাৰ্ছৰ বাবে ব্যৱহাৰকাৰীয়ে পৰিশোধ কৰিব লাগিব মূল্য

Story by  atv | Posted by  Munni Begum • 1 Years ago
ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ প্ৰতিনিধিত্বমুলক ফটো
ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
মেটা প্লেটফৰ্মে এটা নতুন গোট নিৰ্মাণ কৰি আছে। যাৰ বিশেষ ধ্যান এনে সামগ্ৰী আৰু ফিচাৰ্ছ (বৈশিষ্ট) তৈয়াৰ কৰাৰ ওপৰত আছে, যি ব্যৱহাৰকাৰীয়ে ক্ৰয় কৰিব পাৰিব। মেটা প্লেটফৰ্ম ইন্কে অতি সোনকালে ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত এনে বিশেষ ফিচাৰ্ছ আনি আছে যাৰ বাবে ব্যৱহাৰকাৰীয়ে মূল্য পৰিশোধ কৰিব লাগিব। 
 
মেটাৰ এজন প্ৰবক্তাই প্ৰকাশ কৰা মতে কোম্পানীয়ে এই পৰিশোধমূলক সামগ্ৰীক বেলেগকৈ আগবঢ়াব অৰ্থাৎ বৰ্তমানে থকা ইয়াৰ সামগ্ৰীৰ লগত ইয়াক সংলগ্ন কৰা নহয়। 
চলিত বৰ্ষৰ জুন মাহত মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ঘোষণা কৰিছিল যে ফেচবুক আৰু ইনষ্টাগ্ৰামত এনে ফিচাৰ্ছ আনিব যিয়ে ক্ৰিয়েটৰচক টকা উপাৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিব। 
ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে সামাজিক মাধ্যমত তেওঁৰ এটা পোষ্টত কৈছিল যে কোম্পানীটোৱে ২০২৪ চনৰ ভিতৰত ফেচবুক আৰু ইনষ্টাগ্ৰামত যিকোনো ৰাজহ ভাগ বতৰা নিষিদ্ধ কৰিব। য’ত অন্তৰ্ভুক্ত থাকিব পৰিশোধ কৰা অনলাইন অনুষ্ঠান, সদস্যতা, বেজ আৰু বুলেটিন।
 
জুকাৰবাৰ্গে তেওঁৰ সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰাম দুয়োটাতে সমল সৃষ্টিকৰ্তাৰ বাবে ধন উপাৰ্জনৰ নতুন উপায় ঘোষণা কৰিছিল। জুকাৰবাৰ্গে কৈছিল যে এই সুবিধাসমূহে সমল সৃষ্টিকৰ্তাক মেটাবৰ্স বনোৱাত সহায় কৰিব। জানিব পৰা মতে, ফেচবুক আৰু ইনষ্টাগ্ৰামত মনিটাইজিং ৰীল, ইনটেৰোপেৰেবল চাবস্ক্ৰিপশ্বন, ফেচবুক ষ্টাৰ আৰু ক্ৰিয়েটৰ মাৰ্কেটপ্লেচৰ দৰে ফিচাৰ্ছ আহিব আৰু ইয়াৰ দ্বাৰা সমল সৃষ্টিকৰ্তাসকলৰ সহায় হ’ব।