Mon May 05 2025 6:55:21 PM
  • Follow us on
  • Subcribe

ভাৰতৰ বজাৰত মটৰ'লাৰ নতুন স্মাৰ্টফোন মুকলি

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Months ago
মটৰ'লা এজ ৬০ ফিউজন
মটৰ'লা এজ ৬০ ফিউজন
 
নতুন দিল্লী 

চীনৰ স্মাৰ্টফোন কোম্পানী মটৰ'লাই আজি ভাৰতত মুকলি কৰিলে এটা নতুন স্মাৰ্টফোন। এই ফোনটোৰ নাম হৈছে মটৰ'লা এজ ৬০ ফিউজন (Motorola Edge 60 Fusion) আৰু ইয়াক ভাৰতৰ বজাৰত ২ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত মুকলি কৰা হয়।
 
উল্লেখযোগ্য যে, এই ফোনটো ফ্লিপকাৰ্টত উপলব্ধ। মুকলিৰ পূৰ্বেই কোম্পানীয়ে এই ফোনটোৰ বিশেষ বৈশিষ্ট্য আৰু স্পেচিফিকেশন প্ৰকাশ কৰিছে।

মটৰ'লা এজ ৬০ ফিউজন প্ৰচেছৰ

মটৰ’লাৰ এই ফোনটো ২০২৫ চনৰ এজ (Edge) ছিৰিজৰ প্ৰথমটো স্মাৰ্টফোন। ইয়াত থাকিব মিডিয়াটেক ডাইমেনচিটি ৭৪০০ প্ৰচেছৰ আৰু ১২ জিবি পৰ্যন্ত ৰেম। ইয়াৰ লগতে আপুনি ২৫৬ জিবি ইণ্টাৰনেল ষ্ট'ৰেজ পাব, যিটো মাইক্ৰ'এছডি কাৰ্ডৰ সহায়ত ১ টিবিলৈকে সম্প্ৰসাৰিত কৰিব পাৰি। এই ফোনটোৱে এণ্ড্ৰইড ১৫ ৰ ওপৰত ভিত্তি কৰি Hello UI ত কাম কৰিব।

মটৰ'লা এজ ৬০ ফিউজন'ৰ বৈশিষ্ট্য 

ফোনটোত থাকিব কেইবাটাও কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক বৈশিষ্ট্য যিয়ে উৎপাদনশীলতা বৃদ্ধি কৰাত সহায় কৰিব। ইয়াৰ ভিতৰত থাকিব অধিসূচনাৰ সাৰাংশ আৰু টেক্সট ট্ৰান্সক্ৰিপচনৰ বাবে ‘কেচ মি আপ’ৰ দৰে বৈশিষ্ট্য। ইয়াৰ উপৰিও গুগল ফটোত গুগলৰ ‘Circle to Search’ আৰু ‘AI Magic Eraser’ৰ দৰে বৈশিষ্ট্যও উপলব্ধ হ’ব। 

মটৰ'লা এজ ৬০ ফিউজন ডিছপ্লে 

মটৰ’লা এজ ৬০ ফিউজনত ৬.৭ ইঞ্চিৰ কাৰ্ভড ডিছপ্লেৰ সৈতে পেণ্ট'ন ভেলিডেচন, ১.৫কে ৰিজ’লিউচন আৰু গৰিলা গ্লাছ ৭আই সুৰক্ষা থাকিব। ইয়াৰ শীৰ্ষ উজ্জ্বলতা ৪৫০০ নিট পৰ্যন্ত হ’ব। কেমেৰাৰ কথা ক’বলৈ গ’লে ইয়াত থাকিব ৫০ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা (ছ’নি এল ৱাই টি ৭০০চি) আৰু ১৩ মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড লেন্স, যিটো মেক্ৰ’ শ্বটৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব। ছেলফিৰ বাবে ইয়াত ৩২ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পোৱা যাব, যিয়ে ৪কে ভিডিঅ’ ৰেকৰ্ডিং সমৰ্থন কৰে। 

মটৰ’লা এজ ৬০ ফিউজনৰ মূল্য

৮জিবি + ২৫৬জিবি'ৰ মূল্য ২২,৯৯৯ টকা ৷ আনহাতে, ১২জিবি + ২৫৬জিবি'ৰ মূল্য ২৪,৯৯ টকা ৷ বেংক অফাৰৰ সৈতে আৰম্ভণি মূল্য ২০,৯৯৯ টকা ৷ ইয়াৰ লগতে এক্সিছ বেংক আৰু IDFC ফাৰ্ষ্ট বেংক আৰু ফ্লিপকাৰ্ট এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ক্ৰমে ২০০০, ২০০০আৰু ৩০৫০ টকাৰ অফাৰ লাভ কৰিব ক্ৰেতাই ৷ 

মটৰ’লা এজ ৬০ ফিউজন বেটাৰী 

এই ফোনত থাকিব ৫৫০০mAh বেটাৰী, যিয়ে ৬৮ৱাট ফাষ্ট চাৰ্জিং সমৰ্থিত। উল্লেখযোগ্য যে, এই ফোনটো আইপি৬৮/৬৯ (IP68/69) ৰেটিংৰ সৈতে আহিব, যাৰ ফলত ইয়াক ধূলি আৰু পানী প্ৰতিৰোধী কৰি তুলিব।