নতুন ছ'নী ব্ৰাভিয়া ৫ টেলিভিছন মুকলি ছ'নী ইণ্ডিয়াৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ছ'নীৰ ব্ৰাভিয়া ৫ টেলিভিছন
ছ'নীৰ ব্ৰাভিয়া ৫ টেলিভিছন
 
নতুন দিল্লী
 
ছ'নী ইণ্ডিয়াই ইয়াৰ আইকনিক ব্রাভিয়া টেলিভিছন লাইনআপত সংযোজন কৰিছে নতুন ব্রাভিয়া ৫। অত্যাধুনিক এ আই প্রচেছৰ এক্স আৰৰ সৈতে ব্রাভিয়া ৫য়ে উন্নতমানৰ ছবিৰ অভিজ্ঞতা প্রদান কৰে। 
 
এই নতুন ছিৰিজৰ টেলিভিছনৰ লগতে আগবঢ়োৱা হৈছে এক্স আৰ বেকলাইট মাষ্টাৰ ড্রাইভ, ডলবি ভিজন আৰু এটমছ, ষ্টুডিঅ' কেলিব্রেটেড মোড, ছ'নী পিকচার্জ ক'ৰ, এক্স আৰ কন্ট্রাষ্ট বুষ্টাৰ ১০. এক্স আৰ মছন ক্লাৰিটি প্রযুক্তি, একষ্টিক মাল্টি অডিঅ', ভয়চ জুম ৩. এডভান্স গেমিঙৰ ৰে আকর্ষণীয় বৈশিষ্ট্য।  
 
যোৱা জুন মাহৰ পৰা উপলব্ধ হোৱা ছ'নী ব্ৰাভিয়া ৫ক ৪টা মডেলত আগবঢ়োৱা হৈছে। ইয়াৰ প্ৰাৰম্ভিক মূল্য হৈছে ১,৩৭,৭৪০ টকা।