নতুন দিল্লী
এপলৰ বাবে স্মার্টফোন নির্মাণ কৰা ফক্সকনে ভাৰতত আইফোন ১৭ৰ উৎপাদন আৰম্ভ কৰিছে। এই উৎপাদন বেংগালুৰুৰ দেৱানাহাল্লিস্থিত নতুন প্রকল্পত আৰম্ভ হৈছে। উল্লেখ্য যে, ভাৰতৰ এই প্রকল্পটো চীনৰ বাহিৰত ফক্সকনৰ দ্বিতীয় বৃহত্তম উৎপাদন গোট, য'ত প্রায় ২৫,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে।
ইয়াৰ পূর্বে চীনে ভাৰতত আইফোন নির্মাণ কৰা ৩০০ ৰো অধিক অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞক হঠাৎ নিজ দেশলৈ ঘূৰাই নিছিল, যাৰ বাবে আইফোন ১৭ৰ উৎপাদনত বাধাৰ সৃষ্টি হৈছিল। এতিয়া কোম্পানীটোৱে টাইবানকে ধৰি অন্যান্য দেশৰ বিশেষজ্ঞক আমন্ত্রণ কৰি এই জটিলতা দূৰ কৰিছে।
ভাৰতত প্রথম পর্যায়ত আইফোন ১৭ৰ উৎপাদন ক্ষুদ্র পৰিসৰত আৰম্ভ হৈছে। উল্লেখ্য যে, চীনৰ অভিযন্তাসকলে ভাৰতত আইফোন নিৰ্মাণৰ ক্ষেত্ৰত ফক্সকনৰ হাই-টেক এছেম্বলি লাইন, ফেক্টৰীৰ ডিজাইন নিয়ন্ত্রণ আৰু ভাৰতীয় কর্মচাৰীক প্রশিক্ষণ দিয়াৰ কাম কৰি আছিল। ইয়াৰ বাবে ভাৰত চৰকাৰে চীনৰ অভিযন্তাসকলক ভিছাৰ সুবিধা প্রদান কৰিছিল, যাতে উৎপাদনত কোনো বাধাৰ সৃষ্টি নহয়।
ইতিমধ্যে চীনক অতিক্রম কৰি ভাৰতে আমেৰিকালৈ স্মার্টফোনৰ সৰ্ববৃহৎ ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে গৱেষণা সংস্থা কেনালিছৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্রিল-জুন মাহত আমেৰিকালৈ আমদানি কৰা স্মার্টফোনৰ ৪৪% আছিল মেড ইন ইণ্ডিয়া। এইক্ষেত্রত যোৱা বছৰৰ এপ্রিল-জুন মাহত ভাৰতৰ অংশীদাৰিত্ব আছিল মাত্র ১৩%।
আনহাতে জুনৰ ত্রৈমাসিকত আমেৰিকালৈ ৰপ্তানি কৰা স্মার্টফোনত চীনৰ অংশীদাৰিত্ব এবছৰৰ পূৰ্বে ৬১% ৰ তুলনাত ২৫% লৈ হ্রাস পাইছে। চলিত বৰ্ষৰ জুনপর্যন্ত ভাৰতত ২.৩৯ কোটি আইফোন নির্মাণ কৰা হৈছে। আমেৰিকাত বিক্ৰী হোৱা আইফোনৰ ৭৮% ভাৰতত নিৰ্মাণ কৰা হৈছে। কেনালিছৰ তথ্যমতে, ২০২৫ চনৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ভাৰতত ২৩.৯ নিযুত আইফোন নিৰ্মাণ কৰা হৈছিল, যি যোৱা বছৰৰ তুলনাত ৫৩% বেছি।
গৱেষণা সংস্থা চাই বাৰমিডিয়া ৰিছাৰ্চৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী-জুনৰ ভিতৰত ভাৰতৰ পৰা আইফোনৰ ৰপ্তানিও ২ কোটি ২৮ লাখ ইউনিটলৈ বৃদ্ধি পাইছে। যোৱা বছৰৰ একে সময়ছোৱাত ভাৰতত আইফোন নিৰ্মাণৰ সংখ্যা আছিল ১ কোটি ৫০ লাখ, অর্থাৎ বার্ষিক বিকাশৰ হাৰ হৈছে ৫২%।