নতুন দিল্লী
ছেপ্টেম্বৰত এপ'ল, ছেমছাং, মটৰ’লা, ৰিয়েলমিৰ লগতে বহুতো স্মাৰ্টফোনৰ ব্ৰেণ্ডে তেওঁলোকৰ নতুন হেণ্ডছেট মুকলি কৰিব। ইয়াৰে কেইবাটাও ভাৰতৰ বজাৰত মুকলি কৰা হ’ব।
এপলৰ আইফোন১৭ ছিৰিজ হৈছে এই মাহত মুকলি হ’বলগীয়া বহু প্ৰত্যাশিত স্মাৰ্টফোন। ইফালে ইয়াৰ মূল প্ৰতিদ্বন্দ্বী ছেমছাঙে গেলাক্সি এছ২৫ এফই, গেলাক্সি এফ১৭ ৫জি আৰু গেলাক্সি এম১৭ ৫জি মুকলি কৰাৰ সম্ভাৱনা আছে। আন আন স্মাৰ্টফোন ব্ৰেণ্ড যেনে লাভা, অপ্পো, মটৰ’লা, ৰেডমি আদিয়েও নিজৰ নিজৰ স্মাৰ্টফোন মুকলি কৰাৰ সম্ভাৱনা আছে।
লেন’ভ’ৰ মালিকানাধীন মটৰ’লাই আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে, তেওঁলোকে মটৰ’লা ৰাজাৰ ৫জি ৰ স্বৰ’ভস্কি ক্রিষ্টালযুক্ত সংস্কৰণ ভাৰত আৰু বিশ্বৰ বজাৰত মুকলি কৰিব৷ ইয়াৰ উপৰিও ৰিয়েলমীয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে, তেওঁলোকৰ নতুন স্মাৰ্টফোন ৰিয়েল্মী ১৫টি ভাৰতত মুকলি কৰা হ’ব। নিশ্চিতকৰণ অনুসৰি এই হেণ্ডছেটত থাকিব ৪আৰ Comfort+ AMOLED ডিছপ্লে। ইয়াত মিডিয়াটেক ডাইমেনচিটি ৬৪০০ মেক্স চিপছেট থাকিব। ডিভাইচটোত ৫০ এমপি ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ আৰু ৫০ এমপি ছেলফি কেমেৰা থাকিব। ইয়াত ৭,০০০mAh বেটাৰী আৰু ১০W ৰিভাৰ্ছ চাৰ্জিং সমৰ্থন পেক কৰা হ’ব।
চীনৰ ফোন নিৰ্মাতা টেকন’ই ভাৰতত টেকন’ প’ভা শ্লীম ৫জি ৰ আত্মপ্ৰকাশ নিশ্চিত কৰিছে, নিজকে “বিশ্বৰ আটাইতকৈ শ্লীম থ্ৰীডি কাৰ্ভড ডিছপ্লে ৫জি স্মাৰ্টফোন” বুলি দাবী কৰিছে। বাৰ্চিলোনাৰ এমচিডব্লিউত ইয়াক প্ৰথমে টেকনো স্পাৰ্ক শ্লীম হিচাপে প্ৰদৰ্শন কৰা হৈছিল, যি মাত্ৰ ৫.৭৫ মিলিমিটাৰ মোটা। অৱশ্যে আগন্তুক বাণিজ্যিক হেণ্ডছেটটো কনচেপ্ট ডিভাইচতকৈ মোটা হ’ব পাৰে।
টেকন’ প’ভা শ্লীমত ৬.৭৮ ইঞ্চিৰ অ’এলইডি ডিছপ্লে ১৪৪ হাৰ্টজ পৰ্যন্ত ৰিফ্ৰেছ ৰেট থাকিব বুলি আশা কৰা হৈছে। ইয়াত ৫০ এমপি মেইন কেমেৰা থাকিব বুলি আশা কৰা হৈছে। হেণ্ডছেটটোত ৫২০০mAh বেটাৰী পেক হ’ব পাৰে। ইয়াত এণ্ড্ৰইড ১৫ৰ ওপৰত ভিত্তি কৰি HiOS ১৫ চলিব বুলি আশা কৰা হৈছে।
দক্ষিণ কোৰিয়াৰ ছেমছাঙে গেলাক্সিয়ে নিশ্চিত কৰিছে যে, কোম্পানীয়ে গেলাক্সি এছ ২৫ ছিৰিজত নতুন স্মাৰ্টফোন সংযোজন কৰিব, যিটো ছেমছাং গেলেক্সি এছ২৫ এফই হেণ্ডছেট হ’ব বুলি আশা কৰা হৈছে। স্মাৰ্টফোনৰ লগতে ছেমছাঙে এটা নতুন টেবলেটও মুকলি কৰিব, যিটো হ’ব টেব এছ১১ ছিৰিজ।
ছেমছাং গেলেক্সি এছ২৫ এফই ত ৬.৭ ইঞ্চিৰ এফ এইচ ডি+ ডাইনামিক এমোলেড ২X ডিছপ্লে ১২০ হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ+ প্ৰটেকচন থাকিব বুলি আশা কৰা হৈছে। ইয়াত Exynos ২৪০০ চিপছেটৰ দ্বাৰা চালিত হোৱাৰ সম্ভাৱনা আছে। হেণ্ডছেটটোৱে ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপৰ কথা গৌৰৱ কৰিব পাৰে, য’ত আছে ৫০এমপি মেইন কেমেৰা, ৩X অপটিকেল জুমৰ সৈতে ৮MP টেলিফটো লেন্স আৰু ১২MP আল্ট্ৰা-ৱাইড কেমেৰা। ছেলফি লোৱাৰ বাবে সন্মুখত ১২MP কেমেৰাৰ ব্যৱস্থা কৰা হ’ব বুলি আশা কৰা হৈছে।
একেদৰে এপলেও পৰৱৰ্তী প্ৰজন্মৰ আইফোন১৭ ছিৰিজ মুকলি কৰিব বুলি আশা কৰা হৈছে য’ত আইফোন ১৭, আইফোন ১৭ এয়াৰ, আইফোন ১৭ প্ৰ’ আৰু আইফোন ১৭ প্ৰ’ মেক্স হেণ্ডছেট থাকিব। ইফালে, আইফোন ১৭ প্ৰ’ আৰু আইফোন ১৭ প্ৰ’ মেক্স মডেলত ৪৮MP পেৰিস্কোপ লেন্সৰ সৈতে ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ থকাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও আশা কৰা হৈছে যে আইফোন ১৭ ছিৰিজত ১২০ হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সৈতে প্ৰ’ম’চন অ’এলইডি ডিছপ্লে থাকিব আৰু ইয়াত A১৯ প্ৰচেছৰৰ সৈতে সংযুক্ত হ’ব।
চীনৰ ফোন নিৰ্মাতা কোম্পানী অ'প্প'য়ে চলিত বছৰত ১২ আৰু ১৪ ছেপ্টেম্বৰৰ ভিতৰত অ'প্প' F৩১ চিৰিজ উন্মোচন কৰাৰ সম্ভাৱনা আছে। টিপষ্টাৰ অভিষেক যাদৱে শ্বেয়াৰ কৰা এক পোষ্ট অনুসৰি অ'প্প' F৩১ চিৰিজ ত অ'প্প' F৩১, অ'প্প F৩১ প্ৰো, আৰু অ'প্প' F৩১ প্ৰো+ মডেল অন্তৰ্ভুক্ত কৰা হ’ব।