ভাৰতত এক্সৰ ছাবস্ক্রিপচন প্লেনৰ মূল্য ৪৭ শতাংশ পর্যন্ত হ্রাস

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
ছ'চিয়েল মিডিয়া প্লেটফর্ম এক্সে ভাৰতত তেওঁলোকৰ ছাবস্ক্রিপচন প্লেনৰ মূল্য ৪৭ শতাংশ পর্যন্ত হ্রাস কৰিছে। এল'ন মাস্কৰ মালিকানাধীন প্রতিষ্ঠানটোৱে তিনিটা ছাবস্ক্রিপচন প্লেন ক্রমে বেছিক, প্রিমিয়াম আৰু প্রিমিয়াম প্লাছৰ মূল্য হ্ৰাসৰ কথা ঘোষণা কৰিছে। 
 
মূল্য শেষৰ পিচত এক্সৰ মাহিলি ৱেব আৰু ম'বাইল এপ বেছিক প্লেনৰ মূল্য হ'বগৈ ১৭০ টকা। পূর্বতে এই মূল্য আছিল ২৪৪ টকা। একেদৰে বার্ষিক বেছিক প্লেনৰ মূল্যও পূৰ্বৰ ২,৫৯১ টকাৰ পৰা ১,৭০০ টকালৈকে হ্রাস কৰা হৈছে। 
 
প্রিমিয়াম প্লেনৰ মাহিলি মাচুল ৪৭০ টকালৈকে আৰু প্রিমিয়াম প্লাছ প্লেনৰ মাহিলি মাচুল ৩,০০০ টকালৈকে হাস কৰিছে প্রতিষ্ঠানটোৱে। উল্লেখযোগ্য যে, ২০২৩ চনত ভাৰতত ছাবস্ক্রিপচন সেৱা আৰম্ভ কৰিছিল এক্সে।