ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা বিজয়ী নাৰ্ছ ফিৰদৌচাৰ মাতৃয়ে আছিল তেওঁৰ একমাত্ৰ প্ৰেৰণাৰ উৎস

Story by  atv | Posted by  Munni Begum • 1 Years ago
ফিৰদৌছা জানে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মূৰ্মূৰ পৰা ফ্লৰেন্স নাইটিংলে বঁটা লাভ কৰিছে
ফিৰদৌছা জানে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মূৰ্মূৰ পৰা ফ্লৰেন্স নাইটিংলে বঁটা লাভ কৰিছে
 
এহছান ফাজিলি / শ্ৰীনগৰ
 
শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এছকেআইএমএছ) এগৰাকী ষ্টাফ নাৰ্ছ ফিৰদৌচাইআনন্দতে আত্মহাৰা হৈ পৰিছিল যেতিয়া ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটাৰ নিৰ্বাচিত তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি তথ্য লাভ কৰিছিল, তেতিয়া তেওঁ আনন্দতে আত্মহাৰা হৈ পৰিছিল। এই সাফল্যই ফিৰদৌছাৰ বাবে বিশেষ অৰ্থ বহন কৰিছিল। কিয়নো ২১ বছৰ আগতে তেওঁ নাৰ্চিং কেৰিয়াৰত যোগদান কৰাৰ সিদ্ধান্তত তেওঁৰ মাতৃয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।
 
২২ জুনত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মূৰ্মূৱে ফিৰদৌচা জানক এই বঁটাৰে সন্মানিত কৰিছে। এই স্বীকৃতি লাভ কৰা সমগ্ৰ দেশৰ ১৫ গৰাকী নাৰ্ছৰ ভিতৰত চৌদি আৰৱত কাম কৰি থকা ফিৰদৌছাৰ স্বামী ড০ মঞ্জুৰ আহমেদও অনুষ্ঠানটোত উপস্থিত আছিল। প্ৰত্যাশাৰে ভৰি থকা তেওঁলোকৰ কন্যা আৰু পুত্ৰই গৌৰৱেৰে ৰাষ্ট্ৰপতিৰ সৈতে তেওঁলোকৰ মাতৃৰ সন্মানৰ মুহূৰ্তটো প্ৰত্যক্ষ কৰিছিল।  
 
শ্ৰীনগৰৰ বাঘে-মেহতাবত থকা তেওঁৰ বাসগৃহৰ পৰা ভাষণ দি ফিৰদৌছাই কয়, "মোৰ মা সদায়ে মোৰ এই বৃত্তিটো পচন্দ কৰাৰ আঁৰৰ চালিকা শক্তি হৈ আহিছে। প্ৰথমঅৱস্থাত, চিকিৎসা ক্ষেত্ৰত মোৰ  একেবাৰে আগ্ৰহ নাছিল, কিয়নো মই মানুহৰ কষ্ট চাব পৰা নাছিলো।"
 
যেতিয়া ফিৰদৌছাই চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিলে তেতিয়া তেওঁ নাৰ্ছ হোৱাৰ সিদ্ধান্ত লৈছিল আৰু এছকেআইএমএছ-ত যোগদান কৰিছিল। তেওঁৰ সমগ্ৰ যাত্ৰাত, তেওঁৰ মাতৃয়ে সন্মুখীন হোৱা  প্ৰত্যাহ্বানবোৰৰ বিষয়ে অতি আগ্ৰহেৰে কথাবোৰ সোঁৱৰাইছিল।  
 
ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মূৰ্মূ আৰু অন্যান্য বঁটা বিজয়ীসকলৰ সৈতে ফিৰদৌচা জান (একেবাৰে সোঁফালে বহি আছে)
 
ফিৰদৌছাই এছকেআইএমএছ-ৰ পৰা জেনেৰেল নাৰ্চিং এণ্ড মিডৱাইফাৰীত ডিপ্লোমা সম্পূৰ্ণ কৰিছিল, তাৰ পিছত ২০০২ চনত ইগনুৰ পৰা নাৰ্চিংত B.Sc ডিগ্ৰী লাভ কৰিছিল, আৰু পিছত এছকেআইএমএছ-ৰ পৰা তেওঁৰ M.Sc ডিগ্ৰী লাভ কৰিছিল। বৰ্তমান  তেওঁ নাৰ্চিংত পিএইচডি থেচিছৰ সুযোগৰ বাবে অপেক্ষা কৰি আছে।
 
ফিৰদৌছা দুখন পুস্তিকা আৰু কেইবাটাও প্ৰবন্ধ তেওঁৰ কৃতিত্বত প্ৰকাশিত হৈছে আৰু তেওঁ কৰ্কট ৰোগীসকলৰ কাৰ্যকৰী যত্ন লোৱাৰ ওপৰত তেওঁৰ গৱেষণাত গুৰুত্ব দিছে। এছকেআইএমএছ-ৰ নাৰ্চিং কলেজৰ এগৰাকী অনুষদ সদস্য হিচাপে, তেওঁ ড্ৰাগৰ আসক্তিৰ সৈতে যুঁজি থকা আৰু মানসিক চিকিৎসাৰ প্ৰয়োজন হোৱা ব্যক্তিসকলক সহায় কৰাত সক্ৰিয়ভাৱে জড়িত হৈ আছে। ইয়াৰ উপৰিও, ফিৰদৌছাই ক'ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ত টিকাকৰণ অভিযানত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
 
এছকেআইএমএছ-ত ফিৰদৌছাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰতিফলিত কৰি মন্তব্য কৰে যে, "ইয়াত কাম কৰাটো এক দাবীপূৰ্ণ কাম। কিয়নো উপত্যকাৰ আন চিকিৎসালয়ৰ পৰা অসংখ্য ৰোগীক ইয়ালৈ প্ৰেৰণ কৰা হয়। প্ৰতিষ্ঠানটোৰ চিকিৎসক আৰু নাৰ্ছকে ধৰি সকলো পেছাদাৰী লোক কেৱল ৰাষ্ট্ৰীয় নহয়, তেওঁলোকৰ ব্যতিক্ৰমী নিষ্ঠা আৰু সামৰ্থ্যৰ বাবে আন্তৰ্জাতিক স্বীকৃতিৰ যোগ্য।"
 
পৰিয়াল আৰু বৃত্তিৰ দায়িত্ববোৰ কঢ়িয়াই অনাটো ফিৰদৌছাৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। অৱশ্যে, তেওঁৰ শক্তি আৰু সংকল্পই  তেওঁক ভাৰসাম্য কৰি চলিবলৈ সহজ কৰি আহিছে। তেওঁ কয়, "মই এগৰাকী শক্তিশালী মহিলা আছিলোঁ যি মোৰ মা-দেউতাৰ অনুপস্থিতি স্বত্বেও মোৰ চাকৰি আৰু পৰিয়াল দুয়োটা কেনেদৰে পৰিচালনা কৰিব লাগে জানিছিলো।"
 
ফিৰদৌছাই কেতিয়াও তেওঁৰ কামৰ বাবে পুৰস্কাৰ পোৱাৰ আশা কৰা নাছিল, তেওঁ কেৱল কঠোৰ পৰিশ্ৰমৰ কথাহে বিশ্বাস কৰিছিল। তেওঁ স্বীকাৰ কৰিছিল যে স্বীকৃতি আৰু প্ৰশংসা হৈছে প্ৰেৰণাদায়ক কাৰক, কিন্তু যি কোনো কামৰ বাবে নিষ্ঠা আৰু সততা অপৰিহাৰ্য।
 
ফিৰদৌচা জান তেওঁৰ স্বামী আৰু সন্তানৰ সৈতে
 
নাৰ্চিং বৃত্তি সম্পৰ্কে সামাজৰ কঠিন ধাৰণাবোৰৰ সন্মুখীন হোৱাৰ সময়ত, ফিৰদৌছাই তেওঁৰ মাতৃৰ বিশ্বাসৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল যে ই এক মহৎ বৃত্তি। ফিৰদৌছাই গৌৰৱেৰে ঘোষণা কৰিছিল, "মই নিজকে প্ৰমাণ কৰিছোঁ আৰু মোৰ আত্মীয়সহ বহুতে মোৰ এই যাত্ৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈছে।" দৰাচলতে, তাইৰ প্ৰভাৱৰ ফলত কেইবাজনো আত্মীয়ই নাৰ্চিং কেৰিয়াত যোগদান কৰিছে।
 
ফিৰদৌছাই কয়, "মোৰ পৰিয়াল আৰু বৃত্তি একেলগে পৰিচালনা কৰাটো অতি কঠিন আৰু এক বৃহৎ প্ৰত্যাহ্বানমূলক কাম আছিল। নাৰ্চিংত, আমাক শিকোৱা হয় যে আপুনি কেনেদৰে আত্মবিশ্বাসী হব লাগিব আৰু নিজৰ যত্ন ল'ব লাগিব", যি অৱশেষত তেওঁৰ এখন কাকতৰ শিৰোনাম হৈ পৰিছিল, "নাৰ্চসকলক কোনে নাৰ্চিং কৰিব?"
 
তেওঁৰ স্বামীৰ পৰিয়ালটো চৰ-ই-শ্বাৰীফৰ; আনহাতে ফিৰদৌছা, তেওঁৰ ডাক্তৰ স্বামী কৰ্মসূত্ৰে শ্ৰীনগৰলৈ স্থানান্তৰিত হৈছিল। স্বামীৰ উপৰিও তেওঁৰ সহায়কাৰী পৰিয়ালত তেওঁৰ ডাঙৰ ভাই-ভনীসকলো আছিল। 
 
ফিৰদৌছাই তেওঁৰ পিতৃক দেখা নাছিল, কাৰণ তেওঁৰ জন্মৰ লগে লগে তেওঁৰ মৃত্যু হৈছিল; তেওঁৰ মাকৰো দুৰ্ঘটনাত মৃত্যু হয়। কাশ্মীৰৰ পৃষ্ঠপোষক সন্ত নুন্দ ঋষিৰ মন্দিৰৰ স্থান চৰ-ই-শ্বৰীফত ফিৰদৌছাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ফিৰদৌছা জানে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল চৰাৰ-ই-শ্বৰীফৰ এখন চৰকাৰী বিদ্যালয়ৰ পৰা।
 
ফিৰদৌছাই কয়, “মই মোৰ দেউতাকক দেখা নাই আৰু আমাৰ সম্পত্তিও কম আছিল। সেয়েহে ব্যক্তিগত বিদ্যালয়ত পঢ়াৰ কোনো সুবিধা নাছিল। আনহাতে আন বহুতে ব্যক্তিগত বিদ্যালয়ত পঢ়িছিল।” ফিৰদৌছাই জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ পৰা পাঠ্যপুথি সংগ্ৰহ কৰি পঢ়িব লগীয়া হৈছিল। কিন্তু অভাৱৰ বাবে কেতিয়াও তেওঁৰ পঢ়া-শুনাৰ বাটত বাধাৰ সৃষ্টি হোৱা নাছিল।